নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া পৌৰসভাৰ চৰম অমানৱীয় কার্য: ক’ৰোনাত মৃত ব্যক্তিৰ সৎকাৰৰ বাবে পৰিয়ালক ১৫ হাজাৰ টকা দাবী

নিয়মীয়া বার্তা, ২৬ জুলাইঃ ক’ৰোনা মহামাৰীত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ অন্তিম সৎকাৰ স–সন্মানে কৰি মানৱীয়তাৰ নিদর্শন দাঙি ধৰিবৰ বাবে দেশজুৰি চৰকাৰী–বেচৰকাৰীভ্ সকলো পক্ষ আগবাঢ়ি অহাৰ সময়ত তিনিচুকীয়াত সংঘটিত হৈছে মর্মান্তিক ঘটনা৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে শ শ কোটি টকা ব্যয় সাপেক্ষে ক’ৰোনা চিকিৎসাৰ সু–ব্যৱস্থাপনা কৰি অহাৰ সময়ত তিনিচুকীয়াত ক’ৰোনাত মৃত্যু হোৱা লোকৰ শৱদাহৰ বাবে দৰিদ্র পৰিয়ালৰ পৰা ১৫ হাজাৰ টকা পর্যন্ত দাবী কৰা ঘটনাই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

ঘটনাৰ বিৱৰণী মতে, তিনিচুকীয়াৰ ৰাজাআলি নিৱাসী জাণ্টু দে’ নামৰ লোকজন কালি ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ ইফালে, জাণ্টু দে’ৰ মৃতদেহ সৎকাৰৰ বাবে দৰিদ্র পৰিয়ালটিৰ পৰা তিনিচুকীয়া পৌৰসভাৰ জনৈক বিষয়াই ১৫ হাজাৰ টকা বিচৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ মৃত জাণ্টু দে’ৰ কন্যাই সাংবাদিকৰ আগত কান্দি কান্দি সমগ্র ঘটনা বর্ণনা কৰে৷ তিনিচুকীয়া পৌৰসভাৰ বিষয়াই শৱদাহৰ বাবে মানুহ নথকাৰ দোহাই দি পৰিয়ালৰ লোকে শৱদাহ কৰক, নহ’লে প্রফেছনেল লোকৰ দ্বাৰা এই কার্য কৰাব লাগিব বুলি পৰিয়ালটিক অৱগত কৰে৷ আনহাতে ইতিমধ্যে ভাইৰেল হৈ পৰা টেলিফোনিক বার্তালাপত পিতৃক হেৰুৱাই ভাগি পৰা দুর্ভগীয়া কন্যাক পৌৰসভাৰ বিষয়াই প্রফেছনেল শৱদাহকাৰীক দিবলৈ ১৫ হাজাৰ টকা বিচৰাটো স্পষ্ট হৈ পৰিছে৷ অৱশ্যে এই ধন প্রফেছনেল শৱদাহ কৰা লোকৰ হাতত দিবলৈহে বিষয়াজনে ব্যক্ত কৰে৷ শৱদাহৰ বাবে চৰকাৰী ব্যৱস্থাপনা থকাৰ পিছতো মৃতকৰ পৰিয়ালে টকা ভৰিব লগা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এইক্ষেত্রত তিনিচুকীয়া জিলা প্রশাসনৰ এক সূত্রই সদৰী কৰা মতে, ক’ৰোনাত আক্রান্ত লোকৰ মৃতদেহ সৎকাৰৰ বাবে চৰকাৰী পুঁজি নাই আৰু পৌৰসভাত শৱদাহ কৰা লোকো নাই বুলি স্পষ্ট কৰে৷

যাৰ ফলত তিনিচুকীয়াত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা বিভু শইকীয়া আৰু জাণ্টু দে’ৰ মৃতদেহ প্রফেছনেল শৱদাহকাৰীৰ দ্বাৰাই পৰিয়ালৰ লোকে ধন আদায় দি কৰাব লগীয়া হৈছে৷ এনে পৰিপ্রেক্ষিতত ক’ৰোনাত মৃত্যু হোৱা লোকৰ শৱদাহ কার্য সমাপনৰ ক্ষেত্রত দুর্ভগীয়া পৰিয়ালসমূহক সকাহ দিয়াৰ স্বার্থত চৰকাৰে ব্যৱস্থা গ্রহণ কৰাৰ দাবী উঠিছে৷ শেহতীয়া তথ্য মতে সুৰা দোকানত ছেলছমেন হিচাপে কর্মৰত জাণ্টু দেৰ মৃতদেহ সৎকাৰৰ বাবে দুর্ভগীয়া পৰিয়ালটোৱে ৪,৫০০ টকা দিবলগীয়া হয়৷

You might also like