নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন উলংঘাৰ পৰিণতি: গুৱাহাটীত ক’ৰোনাত আক্রান্ত ১৩১৯৬–প্রাণহানি ৪১

নিয়মীয়া বাৰ্তা , ২৭ জুলাই:  ক’ৰোনা ভাইৰাছৰ ভয়ংকৰ সংক্রমণ ৰোধৰ বাবে গুৱাহাটী মহানগৰীত চৰকাৰে কঠোৰ লকডাউন ঘোষণা কৰাৰ পাছতো ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ যোৱা ৩ এপ্রিলত গুৱাহাটীত প্রথমজন ক’ভিড–১৯ত আক্রান্ত মনীষ টিব্রেৱাল নামৰ লোকজন চিনাক্ত হোৱৰ পাছৰে পৰা ২৬ জুলাইলৈকে গুৱাহাটী মহানগৰীত সর্বমুঠ ১৩,১৯৬জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তথ্য অনুসৰি কামৰূপ (মহানগৰ) জিলাত ক’ভিড–১৯ত আক্রান্ত হোৱা লোকসকলৰ ভিতৰত এতিয়ালৈকে ৪১জন লোকে ক’ৰোনাত প্রাণ হেৰুৱাইছে৷

গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে সংক্রমণ বৃদ্ধি পোৱাত চৰকাৰৰ নির্দেশ অনুসৰি কামৰূপ (মহানগৰ) জিলা প্রশাসনে ২৩ জুনৰ নিশা ৯ বজাৰ পৰা কার্যকৰী হোৱাকৈ গুৱাহাটী পৌৰ এলেকাৰ ১১টা ৱার্ডত লকডাউন ঘোষণা কৰিছিল৷ কিন্তু একাংশই লকডাউন উলংঘা কৰাৰ পৰিণতিতেই ভয়াৱহভাৱে সংক্রমণ বৃদ্ধি পোৱাত চৰকাৰে ২৮ জুনৰ পৰা ১২ জুলাইলৈকে ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰাৰ পাছতো ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত পুনৰ ১২ জুলাইৰ পৰা ১৯ জুলাইলৈ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰে৷ ৰাজ্য চৰকাৰে লকডাউনত কিছু শিথিলতা আনিলেও ১ জুলাইৰ পৰা ২৬ জুলাইলৈকে গুৱাহাটী মহানগৰীত সর্বমুঠ ১১,৯৫৫জন লোক ক’ৰোনাত আক্রান্ত হয়৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তথ্য অনুসৰি কামৰূপ (মহানগৰ) জিলাত ১ জুলাইত ৩৭৮জন, ২ জুলাইত ২৩৮জন, ৩ জুলাইত ১৩৪জন, ৪ জুলাইত ৭৭৭জন, ৫ জুলাইত ৫৫২জন, ৬ জুলাইত ৫৯৮জন, ৭ জুলাইত ৫৮৮জন, ৮ জুলাইত ৪২৩জন, ৯ জুলাইত ৩৫৫জন, ১০ জুলাইত ৫২১জন, ১১ জুলাইত ৪১০জন, ১২ জুলাইত ৪০০জন, ১৩ জুলাইত ৫১৩জন, ১৪ জুলাইত ৬২৭জন, ১৫ জুলাইত ৬৪৯জন, ১৬ জুলাইত ৫৯৮জন, ১৭ জুলাইত ৫৭০জন, ১৮ জুলাইত ৫১৫জন, ১৯ জুলাইত ৫৭৭জন, ২০ জুলাইত ৪৪৮জন, ২১ জুলাইত ৫৭০জন, ২২ জুলাইত ৩৫৪জন, ২৩ জুলাইত ২১৯জন, ২৪ জুলাইত ৪১৭জন, ২৫ জুলাইত ৩৫৩জন লোক ক’ভিড–১৯ত আক্রান্ত হয়৷ কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ত আক্রান্ত হোৱা ১৩,০২৫জন লোকৰ ভিতৰত প্রায় ৬ হাজাৰ লোক এতিয়াও ক’ভিড পজিটিভ হৈ ক’ভিড নিৰীক্ষণ কেন্দ্রত চিকিৎসাধীন হৈ আছে৷

স্বাস্থ্য বিভাগে ক’ভিড–১৯ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে যুঁজ দি আহিছে৷ মহানগৰবাসীৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি ক’ভিড–১৯ৰ পৰীক্ষাৰ বাবে গুৱাহাটীৰ অঞ্চলে অঞ্চলে ক’ভিড পৰামর্শ কেন্দ্র স্থাপন কৰিছে৷ খানাপাৰা ক’ভিড নিৰীক্ষণ কেন্দ্র, বেতকুছিৰ মণিৰাম দেৱান কেন্দ্র, লখৰাৰ সৰুসজাইৰ ক’ভিড নিৰীক্ষণ কেন্দ্র, সোণাপুৰৰ এল এন আই পি ক’ভিড নিৰীক্ষণ কেন্দ্র, অসম ডনবস্ক ইউনিভার্ছিটী ক’ভিড নিৰীক্ষণ কেন্দ্র, কালাপাহাৰ ক’ভিড নিৰীক্ষণ কেন্দ্র, জালুকবাৰী আয়ুর্বেদিক মহাবিদ্যালয় ক’ভিড নিৰীক্ষণ কেন্দ্র, এম এম চি এইচ ক’ভিড চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসা চলি থকাৰ উপৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিড আক্রান্ত ৰোগীসকলৰ চিকিৎসা চলি আছে৷ দিনক দিনে উদ্বেগজনকভাৱে ক’ভিড ১৯ত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিত্বত গুৱাহাটী মহানগৰীৰ নেহৰু ষ্টেডিয়াম, আজাৰাৰ জি এম আই টি ক’ভিড নিৰীক্ষণ কেন্দ্রতো ক’ভিড আক্রান্ত ৰোগীক ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷

You might also like