ৰাম মন্দিৰৰ ২০০০ ফুট তলত ৰাখিব টাইম কেপচুল
শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ ঘোষণাশ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ ঘোষণা
নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ অযোধ্যাত নির্মাণ কৰিবলগীয়া ৰাম মন্দিৰৰ ২০০০ ফুট তলত ৰাখিব টাইম কেপচুল৷ শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ সদস্য ৰামেশ্বৰ চৌপালে ঘোষণা কৰা মতে, তামৰ পাত্রৰ ভিতৰত টাইম কেপচুলটো ভৰাই তামৰ পাত্রটো নির্মীয়মাণ ৰাম মন্দিৰৰ তলত ২০০০ ফুটত ৰাখিব৷ নির্মীয়মাণ ৰাম মন্দিৰৰ তলত ৰাখিবলগীয়া এই টাইম কেপচুলটো নির্মাণৰ লগতে ৰাম জন্মভূমিৰ ইতিহাসসমৃদ্ধ তথ্য ৰখা হ’ব৷ যাতে ভৱিষ্যতে এই ৰাম মন্দিৰক লৈ আৰু কোনো বিবাদ নহয়৷ উল্লেখ্য যে শতিকাজোৰা যুঁজৰ অন্তত উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ নির্মাণৰ ঐতিহাসিক ৰায় দিয়ে৷ শতিকা ধৰি অযোধ্যাত ৰামৰ জন্মক লৈ চলা বিতর্কৰ যাতে অনাগত দিনৰ কোনো প্রজন্মৰ মাজত দ্বিধাৰ সৃষ্টি নকৰে, তাক লক্ষ্য ৰাখি এই টাইম কেপচুলটো নির্মীয়মাণ ৰাম মন্দিৰৰ তলত ৰখা হ’ব৷ তাৎপর্যপূর্ণ যে ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ একমাত্র দলিত সদস্য চৌপাল৷ সদস্য চৌপালে দেশৰ বিভিন্ন তীর্থক্ষেত্রৰ পৰা ভূমি অনাৰ ব্যৱস্থা কৰাৰ লগতে বিভিন্ন পৱিত্র নদীৰ পৰাও পানী আনিছে ৰাম মন্দিৰৰ ভূমিপূজনৰ বাবে৷