হাবি–জংঘলে আবৰিছে সুধাকণ্ঠৰ সমাধিক্ষেত্রঃ লকডাউন–ক’ভিড–১৯ৰ প্রভাৱঃ কর্তৃপক্ষৰ হেমাহিঃ নামফলকতো বিজুতি
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ সমগ্র বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে সমগ্র ভাৰতবর্ষকে ধৰি অসমতো যোৱা ২৪ মার্চৰ নিশাৰ পৰা লকডাউন ঘোষণা কৰা হৈছিল৷ ইয়াৰ পিছত কেইবাবাৰো লকডাউন শিথিল–বাহাল ৰখা হয়৷ বর্তমান ৰাজ্যজুৰি আনলক ১ নিষেধাজ্ঞা জাৰি কৰা আছে৷ বিভিন্ন নীতি–নিয়মৰ মাজেৰে ৰাজ্য চৰকাৰে দোকান–পোহাৰ খোলাৰ লগতে দৈনন্দিন কাম–কাজ চলাই ৰাখিছে৷ অৱশ্যে ক’ভিড–১৯ৰ সামাজিক সংক্রমণ ৰোধৰ বাবে বিভিন্ন পর্যটন ক্ষেত্র, স্মৃতিসৌধ পৰিদর্শন, ছবিগৃহ আদি বন্ধ ৰখা হৈছে৷ লকডাউনৰ বাবেই বিগত ২৪ মার্চৰ পৰাই বন্ধ হৈ আছে জালুকবাৰীত থকা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্র৷ লকডাউনৰ পূর্বে সমাধিক্ষেত্রত দৈনিক অসংখ্য গুণমুগ্ধৰ সমাগম হৈছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে সম্প্রতি সমাধিক্ষেত্রত বিৰাজ কৰিছে মৰিশালিৰ নিস্তব্ধতা৷ সমাধিক্ষেত্র দর্শনার্থীৰ বাবে বন্ধ হৈ পৰাৰ লগতে চাফাইকর্মী সকলো সমাধিক্ষেত্রলৈ নহাৰ ফলত সমাধিৰ চৌহদ হাবি–জংঘলে আৱৰি ধৰি দৃষ্টিকটু পৰিৱেশৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে সমাধিক্ষেত্রৰ চৌহদৰ বেৰসমূহত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগে অসমৰ ঐতিহ্য বহন কৰা বিভিন্ন ঘটনাৰ ছবিৰ সৈতে ফলক লগাইছিল৷ পূর্বে সমাধিৰ বাহিৰৰ পৰা গুণমুগ্ধসকলে স্মৃতি পৰিদর্শন কৰি আপ্লুত হৈছিল৷ কিন্তু হাবি–জংঘলে চৌহদ আৱৰি ধৰাত স্মৃতি ফলকসমূহ দেখা নোপোৱা হৈ পৰিছে৷ তদুপৰি সমাধিৰ ভিতৰৰ মূল প্রৱেশদ্বাৰত থকা সুধাকণ্ঠৰ নামফলকৰ আখৰৰ ৰং এৰাই যোৱাৰ লগতে লাইটৰ বিজুতিৰ বাবে নিশাৰ ভাগত সুধাকণ্ঠৰ নামটো অস্পষ্ট হৈ পৰে৷ সুধাকণ্ঠৰ গুণমুগ্ধসকলে সমাধিক্ষেত্রৰ চৌহদটো চাফ–চিকুণ কৰাৰ লগতে নামফলকৰ বিজুতিসমূহ দূৰ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনাইছে৷