আইপিএল খেলিয়ে অষ্ট্রেলিয়ালৈ যাব টীম ইণ্ডিয়া
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ ইউনাইটেড আৰব এমিৰেটছত আই পি এল খেলিয়ে অষ্ট্রেলিয়া ভ্রমণলৈ ৰাওনা হ’ব টীম ইণ্ডিয়াৰ খেলুৱৈসকল৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক সূত্রই আজি এই কথা জানিবলৈ দিছে৷ সূত্রটোৱে জনোৱা অনুসৰি ৮ নৱেম্বৰত আই পি এলৰ ফাইনেলত অংশ লোৱাৰ দুদিন পিছতে ভাৰতীয় খেলুৱৈসকলে ইউ এ ইৰ পৰা অষ্ট্রেলিয়া অভিমুখে ৰাওনা হ’ব৷ এই মুহূর্তলৈকে ভাৰতীয় খেলুৱৈসকলে আই পি এল সমাপ্ত হোৱাৰ পিছত স্বদেশলৈ ঘূৰি অহাৰ কোনো পৰিকল্পনা নাই বুলিও সূত্রটোৱে স্পষ্ট কৰি দিছে৷
‘ক্রিকেট অষ্ট্রেলিয়াক আমি এই কথা জনাই দিছোঁ যে ভাৰতীয় ক্রিকেটাৰসকলে আই পি এল সামৰাৰ পিছতে অষ্ট্রেলিয়ালৈ ৰাওনা হ’ব৷ মাত্র কেইটামান দিনৰ বাবে স্বদেশলৈ খেলুৱৈসকলক ওভতাই আনিবলৈ ব’ড আগ্রহী নহয়৷ আই পি এলত অংশ নোলোৱা খেলুৱৈসকলকো ইউ এ ইত ৰখা হ’ব আৰু তেওঁলোকে তাত এটা প্রস্তুতি শিবিৰত অংশ ল’ব৷ আই পি এল সমাপ্ত হোৱাৰ পিছতে আটাইকেইগৰাকী খেলুৱৈ একগোট হৈ অষ্ট্রেলিয়ালৈ উৰা মাৰিব৷’ বি চি চি আইৰ সূত্রটোৱে এইদৰে কয়৷ অৱশ্যে অহা দেওবাৰে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ গৱর্নিং বডীৰ বৈঠকত বিষয়টো চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে৷ এই বৈঠকত আই পি এলৰ সম্পূর্ণ সূচী ঘোষণা হ’ব৷ ভাৰতত মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ প্রাদুর্ভাৱ অব্যাহত থকাৰ পৰিপ্রেক্ষিতত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ ইউ এ ইত আই পি এল আয়োজনৰ সিদ্ধান্ত লৈছে৷
অৱশ্যে ভাৰতত ব্যাপক উলহ–মালহেৰে উদযাপিত হোৱা পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে আই পি এলৰ ফাইনেল মেচখন ৮ নৱেম্বৰৰ সলনি ১০ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ ব’ডৰ সূত্রটোৱে আজি প্রকাশ কৰা অনুসৰি ৮ নৱেম্বৰৰ পৰিৱর্তে আই পি এলৰ ফাইনেল ১০ নৱেম্বৰত অনুষ্ঠিত হ’লে ভাৰতীয় খেলুৱৈসকলে অষ্ট্রেলিয়া ভ্রমণৰ পূর্বে পর্যাপ্ত বিশ্রামৰ সুযোগ নাপাব৷ সেয়ে আই পি এলৰ গৱর্নিং বডীয়ে শেষ মুহূর্তত পূর্বৰ সূচী অনুসৰিয়ে আই পি এলৰ ফাইনেল ৮ নৱেম্বৰত আয়োজনৰ সিদ্ধান্ত ল’ব পাৰে৷ উল্লেখ্য যে যোৱা মার্চৰ পৰা মে’ মাহৰ ভিতৰত ভাৰতত ঐশ্বর্যশালী টি–২০ লীগ আই পি এল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রতিযোগিতাখন ভাৰতত অনুষ্ঠিত কৰাটো সম্ভৱ নহ’ল৷