ক’ৰোনাৰ পৰা মুক্তি বিচাৰি ৰাজ্যজুৰি চাকি–বন্তি প্রজ্বলন; ১০ ধর্মীয় অনুষ্ঠান–৮ সত্রাধিকাৰৰ আহ্বানলৈ সঁহাৰি
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ সমগ্র বিশ্বৰ লগতে অসমতো আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ কবলৰ পৰা মুক্তি কামনা কৰি ৰাজ্যজুৰি সামূহিকভাৱে সর্বমংগলম প্রার্থনা কার্যসূচীৰ আয়োজন কৰা হয়৷ সন্ধিয়া ৬.৪৫ বজাত ৰাজ্যৰ প্রায় সকলো উপাসনাথলী, কীর্তন ঘৰ, সত্র, দেৱালয়, মন্দিৰ, গোসাঁইঘৰত বন্তি জ্বলাই, দবা, শংখ, ঘণ্টা, বৰকাঁহ, তাল, খোল আদি দেৱবাদ্য বজাই সামূহিকভাৱে প্রার্থনা জনোৱা হয়৷
মহামাৰী ক’ৰোনা ভাইৰাছৰ কবলৰ পৰা মুক্তি বিচাৰি আইসকলেও এক মংগলময় পৰিৱেশত উৰুলি ধ্বনিৰে ধর্মীয় স্থানসমূহ মুখৰিত কৰি তোলে৷ লগতে সামূহিক প্রার্থনা আৰু সামূহিক মংগল ধ্বনিৰো আয়োজন কৰা হয়৷ অসম সত্র মহাসভাৰ সভাপতি জিতেন্দ্র নাথ প্রধানী, প্রধান সম্পাদক কুসুম কুমাৰ মহন্ত, শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, প্রধান সম্পাদক বাবুল বৰা, একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্রতাপ চন্দ্র মেধি, সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুবোধ চন্দ্র ভাগৱতী, সম্পাদক কৈলাস শর্মা, শ্রীশ্রীদক্ষিণপাট সত্রৰ সত্রাধিকাৰ ননীগোপাল দেৱগোস্বামী, শ্রীশ্রীআউনীআটী সত্রৰ সত্রাধিকাৰ পীতাম্বৰ দেৱগোস্বামী, বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ দেৱশর্মা, ইস্কন গুৱাহাটীৰ সভাপতি জীৱ দাস, হৰেকৃষ্ণ মুভমেণ্ট গুৱাহাটীৰ সভাপতি জনার্দন দাস, সৎসংগ বিহাৰ গুৱাহাটীৰ ড০ অচুত চন্দ্র শর্মা, সদৌ অসম ব্রহ্মধর্ম সমিতিৰ সভাপতি অমৰেন্দ্র ব্রহ্ম, শ্রীশ্রীউত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামী, বাথৌ (শিৱ) ধর্মৰ সভাপতি তুলেশ্বৰ নার্জাৰী আদিকে ধৰি আঠ সত্রাধিকাৰ আৰু দহ ধর্মীয় অনুষ্ঠানৰ নেতৃস্থানীয় লোকে আজি ৰাজ্যজুৰি সামূহিক প্রার্থনাৰ আয়োজন কৰিবলৈ আহ্বান জনাইছিল৷ এই আহ্বানৰ প্রতি সঁহাৰি জনাই আজি সন্ধিয়া ৬.৪৫ বজাৰ লগে লগে ৰাজ্যৰ বিভিন্ন উপাসনাস্থলীত মংগলবাদ্য বজাই সামূহিক প্রার্থনা জনোৱাৰ উপৰি প্রত্যেকৰে ঘৰে ঘৰে চাকি, ধূপ জ্বলাই সমগ্র বিশ্বত মহামাৰী ক’ৰোনা নির্মূলৰ বাবে ঈশ্বৰৰ উপাসনা কৰে৷
উল্লেখ্য যে সামূহিক প্রার্থনাৰ অফুৰন্ত শক্তিৰ প্রভাৱত জীৱজগতত বিৰাজ কৰে প্রশান্তি আৰু প্রতিটো জীৱনে প্রতিকূলতাৰ বিৰুদ্ধে যুঁজিবলৈ আত্মবল লাভ কৰে৷ মংগলধ্বনিৰে প্রভাৱত পৰিৱেশ নিকা হয় আৰু দেৱবাদ্যৰ সুৰ মুখৰিত হ’লে অন্তৰৰ ভক্তিপ্রদীপ অধিক প্রাণৱন্ত হৈ উঠে৷ এই কথা উল্লেখ কৰি আজি শাওণ মাহৰ শুক্লা একাদশী তিথি উপলক্ষে ধর্মীয় আৰু আধ্যাত্মিক ক্ষেত্রৰ লগত জড়িত নেতৃস্থানীয় লোকসকলে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সামূহিক সর্বমংগলম প্রার্থনা জনাবলৈ অসমবাসীলৈ আহ্বান জনাইছিল৷ উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চিকিৎসক, চিকিৎসা কর্মী, আৰক্ষী আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ লোকসকলে অবিৰতভাৱে পদক্ষেপ গ্রহণ কৰি আহিছে৷ এনে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণৰ পিছতো ক’ৰোনা ভাইৰাছে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰে৷ এনে পৰিস্থিতিত ধর্মীয় আৰু আধ্যাত্মিক ক্ষেত্রৰ পুৰোধা ব্যক্তিসকলে উক্ত পদক্ষেপৰ সমান্তৰালকৈ সামূহিক প্রার্থনা জনাবলৈ ৰাইজক আহ্বান জনাইছিল৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সচিব সুদর্শন ঠাকুৰে জনোৱা মতে, ৰাজ্যৰ শ্রীশ্রীদক্ষিণপাট সত্র, শ্রীশ্রীআউনীআটী সত্র, শ্রীশ্রীবৰপেটা সত্র, শ্রীশ্রীবটদ্রৱা থান আদিকে ধৰি গুৱাহাটীৰ শ্রীশ্রীউগ্রতাৰা দেৱালয় আদিকে ধৰি সকলো মঠ–মন্দিৰ, উপাসনাথলী আদিত সামূহিক প্রার্থনা জনোৱাৰ লগতে ঘৰে ঘৰে ভগৱানৰ ওচৰত প্রার্থনা জনায়৷ লগতে সকলোৱে ক’ৰোনাবিৰোধী যুঁজত অহৰহ লাগি থকা চিকিৎসক, স্বাস্থ্যকর্মীসকলক প্রাণশক্তি দিবলৈ প্রার্থনা জনায়৷ এই অৰাজনৈতিক অনুষ্ঠানৰ ঐতিহাসিক আহ্বানৰ প্রতি অসমৰ প্রতিটো জাতি–জনগোষ্ঠীৰ লোকে সঁহাৰি জনায়৷ আজি শাওণ মাহৰ শুক্লা একাদশী তিথি উপলক্ষে ধর্মীয় আৰু আধ্যাত্মিক ক্ষেত্রৰ লগত জড়িত নেতৃস্থানীয় গুৰুতুল্য লোকসকলৰ বিশেষ আহ্বানৰ প্রতি সঁহাৰি জনাই সন্ধিয়া ৬.৪৫ বজাত জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থান শ্রীশ্রীবটদ্রৱা থানৰ ঐতিহাসিক কীর্তনঘৰৰ সিংহদ্বাৰৰ সন্মুখত সর্বমংগলময় এক বিশেষ প্রার্থনা আৰু সামূহিক মংগল ধ্বনিৰে সত্রৰ ভকত বৈষ্ণৱ সমন্বিতে বটদ্রৱা থানৰ হাটী বহাৰ কেউলীয়া ভকত বৈষ্ণৱ আৰু সত্রৰ গায়ন–বায়ন নাম লগোৱাসকলে সামাজিক দূৰত্ব ৰক্ষা কৰি সকলোৱে মুখত মাস্ক পৰিধান কৰি দবা, নাগাৰা, তাল, খোল ইত্যাদি দেৱবাদ্য বজাই মুখত ভগৱন্তৰ গুণানুকীর্তন উচ্চাৰণৰ মাজেৰে ক’ৰোনা নিপাত যোৱাৰ বাবে ঘোষা পৰিৱেশনেৰে ঈশ্বৰ কৃষ্ণৰ শ্রীচৰণত প্রার্থনা জনায়৷ জগতগুৰুজনাৰ ৰচিত কীর্তনৰ গ্রাহ গজেন্দ্র উপাখ্যানৰ অ’ হৰি এ গৰুড়ৰ স্কন্ধে… ভকতক ৰাখিব লাগিব আসিলা প্রবন্ধে– শীর্ষক দিহা গাই ভকত বৈষ্ণৱসকলে ক’ৰোনা সম্পূর্ণৰূপে বিনাশৰ বাবে প্রার্থনা জনায়৷ বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাৰ বিশেষ তৎপৰতাত আৰু পৰিচালনা সমিতিৰ সদস্যসকলৰ উদ্যোগত বটদ্রৱা থানত আজিৰ এই বিশেষ ঘোষা প্রার্থনাৰ আয়োজন কৰা হয়৷