নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত হ্রাস প্রদূষণ এইবাৰ নাই উৎকট গৰম, বৃদ্ধি পাইছে বৰষুণৰ পৰিমাণ

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ  দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো জুন, জুলাই মাহত প্রচণ্ড গ্রীষ্ম প্রৱাহৰ বাবে জনজীৱন একপ্রকাৰ বিপর্যস্ত কৰি তোলে যদিও এইবাৰ ইয়াৰ বিপৰীত প্রভাৱ পৰা দেখা গৈছে৷ বিশেষকৈ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে বিশ্বৰ বিভিন্ন ৰাষ্ট্রৰ লগতে ভাৰততো লকডাউনৰ পৰিপ্রেক্ষিতত প্রদূষণৰ মাত্রা হ্রাস পোৱাত জলবায়ুত ইতিবাচক প্রভাৱ পৰিছে৷ ইয়াৰ ফলতে অসমসহ উত্তৰ–পূর্বাঞ্চলত বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে৷ ফলত এইপর্যন্ত নাই উৎকট গৰম৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ পৰা লাভ কৰা তথ্য মতে, অসমত এইবাৰ বৰষুণৰ পৰিমাণ ১৮ শতাংশ বৃদ্ধি পাইছে৷ যোৱা ১ জুনৰ পৰা ২৯ জুলাইলৈ অসম তথা উত্তৰ–পূর্বাঞ্চলত এইবাৰ বৰষুণৰ পৰিমাণ যোৱা বছৰতকৈ যথেষ্ট বৃদ্ধি হৈছে৷

বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য মতে, ১ জুনৰ পৰা বর্ষাকাল আৰম্ভ হয়৷ সাধাৰণতে বর্ষাকালত অসমত কেতিয়াবা ৯৮১.৪ মিলিলিটাৰ পর্যন্ত বৰষুণ হয়৷ কিন্তু এইবাৰ অসমত ১ জুনৰ পৰা ২৯ জুলাইলৈ ১৮ শতাংশ বৰষুণৰ পৰিমাণ বৃদ্ধি হৈছে৷ সেইদৰে এই বর্ষাকালত উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত সর্বাধিক মণিপুৰত বৰষুণৰ পৰিমাণ ৪৬ শতাংশ বৃদ্ধি হৈছে৷ মণিপুৰৰ পিছতে মেঘালয়ত ৩৬ শতাংশ বৰষুণৰ পৰিমাণ বৃদ্ধি হৈছে৷ সেইদৰে মিজোৰামত ৩৩ শতাংশ, নাগালেণ্ডত ২৬ শতাংশ, অৰুণাচলত ১০ শতাংশ আৰু ত্রিপুৰাত ৪ শতাংশ বৰষুণৰ পৰিমাণ বৃদ্ধি হৈছে৷ অসমসহ উত্তৰ–পূর্বাঞ্চলত এইবাৰ বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাত যথেষ্ট পৰিমাণে তাপমাত্রা হ্রাস পাইছে৷ বর্ষাসিক্ত পৰিৱেশ অব্যাহত থকাৰ বাবেই এইবাৰ গ্রীষ্ম প্রৱাহৰ তীব্রতা অনুভূত হোৱা নাই৷ সৃষ্টি হোৱা নাই উৎকট গৰমৰ বাবে মানুহে ছাটিফুটি কৰিব লগা পৰিৱেশৰ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ বিষয়া সঞ্জয় চাহুৱে এইবাৰ বর্ষাকালত অসমসহ উত্তৰ–পূর্বাঞ্চলত বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱা সন্দর্ভত কয় যে বৰষুণৰ পৰিমাণ কেতিয়াবা বেছি হয় আৰু কেতিয়াবা কম হয়৷ জলবায়ুৰ ওপৰত পৰা প্রভাৱৰ বাবে কেতিয়াবা বতৰৰ পৰিৱর্তন হয়৷ বতৰৰ অস্বাভাৱিক পৰিৱর্তনৰ বাবে বৰষুণৰ পৰিমাণ কম–বেছি হয়৷

লকডাউন তথা কেতবোৰ স্থানীয় কাৰকে বতৰৰ পৰিৱর্তনত এইবাৰ যথেষ্ট প্রভাৱ পেলাইছে৷ ফলত এইবাৰ অসমসহ উত্তৰ–পূর্বাঞ্চলত বৰষুণৰ পৰিমাণ বৃদ্ধি হৈছে৷ বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবেই জুলাই মাহতো গৰমৰ তীব্রতা অনুভূত হোৱা নাই৷ বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য মতে, যোৱা বর্ষত জুন, জুলাই মাহত তাপমাত্রা প্রায় ৩৮ ডিগ্রী চেলছিয়াছৰ ওপৰত আছিল৷ যোৱা বছৰৰ ৩০ জুলাইত সর্বাচ্চ তাপমাত্রা আছিল ৩৮.৪ ডিগ্রী চেলছিয়াছ৷ কিন্তু এই বছৰ ৩০ জুলাইৰ দিনটোত সর্বোচ্চ তাপমাত্রা আছিল ৩৩.২ ডিগ্রী চেলছিয়াছ৷ কালিৰ দিনটোত ডিব্রুগড়ত ২৭.৫ ডিগ্রী চেলছিয়াছ, তেজপুৰত ৩২.৫ ডিগ্রী চেলছিয়াছ, উত্তৰ লখিমপুৰত ২৭.৪ ডিগ্রী চেলছিয়াছ, ধুবুৰীত ৩০.৫ ডিগ্রী চেলছিয়াছ তাপমাত্রা আছিল৷ সেইদৰে শিলচৰত ২৯.০ ডিগ্রী চেলছিয়াছ, যোৰহাটত ৩১.২ ডিগ্রী চেলছিয়াছ তাপমাত্রা আছিল৷ আনহাতে অৰুণাচলৰ পাছিঘাটত ২৫.৫ ডিগ্রী চেলছিয়াছ, ইটানগৰত ২৯.১ ডিগ্রী চেলছিয়াছ, শ্বিলঙত ২৩.১ ডিগ্রী চেলছিয়াছ, বৰাপানীত ২১.২ ডিগ্রী চেলছিয়াছ আৰু ক’হিমাত ২৪.৬ ডিগ্রী চেলছিয়াছ তাপমাত্রা আছিল৷ কালিৰ দিনটোত গুৱাহাটীত বৰষুণৰ পৰিমাণ আছিল ৬৩১.২ মিলিলিটাৰ আৰু ১২৫০.৬ মিলিলিটাৰ৷ বৰষুণ বৃদ্ধি হোৱাৰ লগতে এইবাৰ জুলাই মাহত গ্রীষ্মপ্রৱাহ অনুভূত নোহোৱাৰ কাৰণ লকডাউনৰ প্রভাৱ বুলি কয় বতৰ বিজ্ঞান কেন্দ্রৰ আন এগৰাকী বিষয়াই৷ বিষয়াগৰাকীয়ে কয়– সাধাৰণতে যান–বাহন, কল–কাৰখানা, উদ্যোগ আদিৰ নির্গত ধোঁৱাই বায়ুমণ্ডল দূষিত কৰি তোলে৷ ইয়াৰ ঋণাত্মক প্রভাৱ মানুহৰ দেহৰ লগতে জলবায়ু আৰু পৰিৱেশৰ ওপৰতো পৰে৷ এনে পৰিস্থিতিত বৰষুণৰ পৰিমাণৰ তাৰতম্য ঘটে৷ কিন্তু এইবাৰ লকডাউনৰ বাবে যান–বাহনৰ চলাচল, কল–কাৰখানা, উদ্যোগ আদি বন্ধ কৰাত প্রদূষণো হ্রাস পাইছে৷ বৰষুণৰ পৰিমাণ বৃদ্ধিৰ লগতে প্রায়ে বতৰ ডাৱৰীয়া হৈ থকাৰ ফলতো এইবাৰ গৰমৰ তীব্রতা হ্রাস পাইছে৷ ৰাজ্যত এই বর্ষাকালত গড়ে ৪ ডিগ্রী চেলছিয়াছকৈ তাপমাত্রা হ্রাস পাইছে৷ অৱশ্যে ৰাজ্যত নেৰানেপেৰাকৈ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাত প্রলয়ংকৰী বানৰ সৃষ্টি হৈছে৷ বানে কেইবাখনো জিলাৰ কৃষিভূমি বুৰাই পেলোৱাত কৃষকে মূৰে–কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে৷

You might also like