নতুন শিক্ষানীতিৰ সন্দৰ্ভত কি ক’লে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা ১ আগষ্টঃ নতুন ৰাষ্ট্ৰীয় নীতিৰ ওপৰত শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল।
- ঐতিহাসিক ঘোষণা আখ্যা শিক্ষা মন্ত্ৰীৰ।
- দ্বাদশ শ্ৰেণীলৈ বাধ্যতা মূলক শিক্ষাক মান্যতা। চাৰিটা স্তৰত বিভক্ত হ’ব নতুন শিক্ষা নীতি। প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ ৪ টা স্তৰত বিভক্ত।
- ৩+৪+৫ শ্ৰেণীবদ্ধ শিক্ষাৰ নতুন নামাকৰণ।
- পূৰ্বৰ ৩ য়, ৪ ৰ্থ, ৫ম এতিয়া ৬ষ্ঠ, ৭ম, ৮ম বুলি ধৰা হ’ব। পঞ্চম শ্ৰেণীলৈ মাতৃভাষা বাধ্যতামূলক।
- স্নানতকৰ চাৰিটা বৰ্ষ বাধ্যতা মূলক নহয়।
- স্নাতকৰ ১ম বৰ্ষত এৰিলে দিয়া হ’ব চাৰ্টিফিকেট। ২ য় বৰ্ষ এৰি গলে দিয়া হ’ব ডিপ্লমা।
- ৩য় বৰ্ষ সম্পূৰ্ণ কৰিলে দিয়া হ’ব ডিগ্ৰী।
- চতুৰ্থ বৰ্ষ সম্পূৰ্ণ কৰিলে পাব গৱেষণা ডিগ্ৰী।
- অহা জানুৱাৰী মাহত ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হ’ব।
- ব্লু প্ৰিণ্ট মতে ৰূপায়ণ ৰাষ্ট্ৰীয় শিক্ষা নীতি।
- নতুন যুৱক-যুৱতী জড়িত হব শিক্ষা বিভাগৰ সৈতে।
- ৪০ জনীয়া কমিটীয়ে দিব অধিসূচনা।