অহা ১৫ আগষ্টৰ ভিতৰত হ’ব কেইবাখনো স্কুল প্ৰাদেশিকীকৰণঃ ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ১ আগষ্টঃ অসম চৰকাৰে কেইবাখনো স্কুল, কলেজ আৰু শিক্ষক পদৰ অতি সোনকালে প্ৰাদেশীকৰণ কৰা হ’ব। শনিবাৰে এক সংবাদ মেল যোগে এই ঘোষণা কৰে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
প্ৰাদেশীকৰণ কলেজ, বিদ্যালয়ৰ প্ৰথম তালিকা ১৫ আগষ্টত প্ৰকাশিত হ’ব। দ্বিতীয় তালিকা অক্টোবৰত প্ৰকাশিত হ’ব। অহা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। ড০ শৰ্মাই এই দৰে মন্তব্য কৰে।
আনহাতে প্ৰথম তালিকাত ৩৫৫ খন হাইস্কুল, জুনিয়ৰ কলেজ আৰু উচ্চ শিক্ষা সঞ্চালকৰ অধীনত ৩৩৫৯ জন শিক্ষক, ৩০ খন মহাবিদ্যালয় লগতে ৯৩১ জন মহাবিদ্যালয়ৰ শিক্ষক অন্তৰ্ভুক্ত হ’ব।