নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ ক’ৰোনাত আক্ৰান্ত হৈছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । আজি টুইটাৰ যোগে এই কথা সদৰী কৰিলে স্বয়ং গৃহমন্ত্ৰীগৰাকীয়ে ।
ক’ৰোনাৰ সাধাৰণ লক্ষণসমূহে দেখা দিয়াৰ পাছতেই ক’ৰোনা পৰীক্ষা কৰিছিল গৃহমন্ত্ৰী শ্বাহে । কিন্তু পৰীক্ষাত পজিটিভ অহাৰ লগে লগে বৰ্তমান হাস্পতালত ভৰ্তি হৈছে গৃহমন্ত্ৰীগৰাকী ।
ইপিনে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিকে কভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহে ।