নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ উত্তৰ প্রদেশৰ কাৰিকৰী শিক্ষামন্ত্রী কমল ৰাণী বৰুণৰ লক্ষ্ণৌত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হয়৷ ৬২ বছৰীয়া মন্ত্রী কমল ৰাণী বৰুণ যোৱা ১৮ জুলাইত ক’ভিড–১৯ পজিটিভ নিশ্চিত হোৱাৰ পিছতেই চিকিৎসালয়ত ভর্তি হয়৷ বিগত পষেক ধৰি সঞ্জয় গান্ধী পোষ্ট গ্রেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চত চিকিৎসাধীন অৱস্থাত পুৱা ৯.৩০ বজাত মৃত্যু হয়৷
উল্লেখ্য যে মন্ত্রীগৰাকী বিগত কিছুদিন ধৰি অক্সিজেন আৰু ভেণ্টিলেটৰৰ সহায়ত আছিল৷ মুখ্যমন্ত্রী যোগী আদিত্যনাথ চৰকাৰৰ কেবিনেট মন্ত্রী বৰুণৰ বিয়োগত শোক প্রকাশ কৰিছে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ আনপিনে অযোধ্যা পৰিদর্শন কৰিবলগীয়া মুখ্যমন্ত্রী যোগী আদিত্যনাথে তেওঁৰ কার্যসূচী মন্ত্রীগৰাকীৰ বিয়োগৰ বাবে স্থগিত ৰাখে৷ ৰাজ্যখনৰ ৰাজ্যপাল আনন্দিবেন পেটেলে মন্ত্রীগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ উত্তৰ প্রদেশ চৰকাৰৰ কেবিনেট মন্ত্রী হোৱাৰ পূর্বে বৰুণে একাদশ আৰু দ্বাদশ লোকসভাত সাংসদ আছিল৷