মাৰাত্মক ভাইৰাছৰ দ্রুত সংক্রমণ এদিনতে ৰাজ্যত আক্রান্ত ২,৩৭১জন
কাল ক’ৰোনাই পুনৰ প্রাণ কাঢ়িলে চাৰিজনৰ
নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ ৰাজ্যখনত ক’ভিডত আক্রান্তৰ হাৰ লক্ষণীয়ভাৱে কমি আহিছে৷ ক’ভিডত আক্রান্তৰ হাৰ নিম্নগামী হ’বলৈ ধৰাৰ খবৰে জনসাধাৰণক উৎসাহিত কৰাৰ সময়তে অতি দুর্ভাগ্যজনকভাৱে যোৱা কেইদিনমানৰ পৰা প্রতিদিনে ক’ৰোনা আক্রান্ত লোকৰ মৃত্যুৰ খবৰো আহি আছে৷ সোমবাৰে ক’ৰোনাত আক্রান্ত ৪গৰাকী লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে টুইটাৰযোগে প্রকাশ কৰা অনুসৰি অসমত নতুনকৈ ৪গৰাকী ক’ৰোনা ৰোগী মৃত্যুমুখত পৰে৷ তেওঁলোক হৈছে– কামৰূপ মেট্র’ৰ সুব্রত পাত্র (৪৫), শিৱসাগৰৰ হৰেন মহন্ত (৬৫), তিনিচুকীয়াৰ সুকেন্দ্র কুমাৰ তাঁতী (৫৩) আৰু ডিব্রুগড়ৰ মদন দত্ত (৮০)৷ মন্ত্রী ড০ শর্মাই চাৰিওগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ সোমবাৰে ৪গৰাকী লোকৰ মৃত্যু হোৱাৰ লগে লগে ৰাজ্যখনত ক’ৰোনাত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১০৯গৰাকীলৈ বৃদ্ধি পালে৷ ইপিনে, সোমবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ২,৩৭১গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ ইয়াৰে ৪১৪গৰাকী গুৱাহাটী মহানগৰীৰ৷ সেইদৰে ডিব্রুগড়ৰ ২৮২গৰাকী, নগাঁৱৰ ২৫১গৰাকী, কামৰূপ গ্রাম্যৰ ১৯২গৰাকী লোক আক্রান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ৪১,৯৫৮গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৫.৬৫ শতাংশ৷ সেইদৰে সোমবাৰে দিনটোত ৰাজ্যখনৰ বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ থকা ১,০৪৪গৰাকী লোক সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ এতিয়ালৈ মুঠ ৩৩,৪২৮গৰাকীয়ে ৰিলিজ লাভ কৰিছে৷ ৰাজ্যখনত মুঠ আক্রান্ত ৪৫,২৭৫গৰাকীৰ ভিতৰত বর্তমান বিভিন্ন হাস্পতালত ১১,৭৩৫গৰাকী লোক চিকিৎসাধীন হৈ আছে৷
ক’ৰোনাত আক্রান্ত পশ্চিম যোৰহাটৰ প্রথমজন ৰোগীৰ মৃত্যু
ক’ৰোনাত আক্রান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে পশ্চিম যোৰহাটৰ প্রথমজন ৰোগীৰ মৃত্যু হয়৷ অঞ্চলটোৰ সাহপুৰীয়া গাঁৱৰ চন্দ্রকান্ত ফুকন (৬৮) নামৰ ব্যক্তিজনৰ শাৰীৰিক অসুস্থতাৰ বাবে যোৱা ২৯ জুলাইত পৰিয়ালৰ লোকে যোৰহাট মিছন হাস্পতালত ভর্তি কৰোৱায়৷ স্বাস্থ্য পৰীক্ষাত ক’ৰোনাত আক্রান্ত হোৱাটো প্রমাণিত হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড কেন্দ্রলৈ অনা হয়৷ তাতেই চিকিৎসাধীন অৱস্থাত আজি পুৱা লোকজনে শেষ নিশ্বাস ত্যাগ কৰে৷ পিছত যোৰহাট জিলা প্রশাসনৰ তৰফৰ পৰা পৰিয়ালৰ লোকৰ উপস্থিতিত যোৰহাট গড়মূৰ শ্মশানত লোকজনৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে৷ উত্তৰ–পূব বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠান (নেইষ্ট)ৰ খোৱাপানী যোগান বিভাগৰ পৰা ২০১২ চনত অৱসৰ গ্রহণ কৰা ফুকনে ধর্মীয় কার্যৰ সৈতে নামতী আৰু পাঠক আছিল৷ ফুকনৰ বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ ইপিনে, যোৰহাট জিলাত সোমবাৰে নতুনকৈ ৭৪গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ এতিয়ালৈ জিলাখনত মুঠ ২,২৭৩গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে ১,০২৬গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ বিভিন্ন হাস্পতালত ১,২২৫গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ জিলাখনত এতিয়ালৈ ৮গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
বিশ্বনাথত এজনৰ মৃত্যুঃ ষ্টেট বেংকৰ নিৰাপত্তাৰক্ষীসহ ৩ কর্মচাৰী আক্রান্ত
ক’ৰোনাৰ বিৰুদ্ধে যোৱা দুটা দিন অহৰহ যুঁজ দি অৱশেষত সোমবাৰে নিয়তিৰ ওচৰত হাৰ মানিলে বিশ্বনাথৰ বামগাঁৱৰ লোকেশ্বৰ বৰাই (৬৯)৷ যোৱা ২৯ জুলাইত বৰাক বিশ্বনাথৰ চিভিল হাস্পতালৰ ক’ভিড কেয়াৰ কেন্দ্রত ভর্তি কৰোৱা হয়৷ শ্বাস–প্রশ্বাসত অসুবিধা পোৱা বৰাক আজি দুপৰীয়া ১০৮ এম্বুলেঞ্চেৰে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ অনা হয়৷ চিকিৎসকে তেওঁক আইচিইউত ভর্তি কৰোৱাৰ ব্যৱস্থা কৰে যদিও নির্দিষ্ট স্থান পোৱাৰ পূর্বেই মৃত্যু হয়৷ পিছত বৰাৰ নশ্বৰ দেহ ষ্টেডিয়ামৰ সমীপৰ ৰাজহুৱা শ্মশানত ক’ভিড প্রট’কল অনুসৰি শেষকৃত্য সম্পন্ন কৰা হয়৷ স্মর্তব্য যে প্রয়াত বৰাৰ পত্নী লিলি বৰা আৰু কন্যা নৱমল্লিকা বৰাও বর্তমান ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷ ইপিনে, ভাৰতীয় ষ্টেট বেংকৰ বিশ্বনাথ চাৰিআলি শাখাৰ দুজন সুৰক্ষাকর্মী আৰু এজন বেংক কর্মচাৰী ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ষ্টেট বেংকৰ শাখাটো বন্ধ কৰি দিয়া হৈছে৷
তেজপুৰত এজনৰ মৃত্যু
তেজপুৰৰ লম্বোদৰ বৰা পথ নিৱাসী অজিত চন্দ্র কলিতা (৪৫) নামৰ লোকজনৰ কালি সন্ধিয়া তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ দীর্ঘদিন ধৰি বৃক্কৰ ৰোগ, হূদৰোগ আৰু মধুমেহ ৰোগত আক্রান্ত কলিতাৰ দেহত যোৱা ২৯ জুলাইত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছিল৷ দেওবাৰে তেওঁৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটে আৰু চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে৷ ইপিনে, শোণিতপুৰ জিলাত সোমবাৰে নতুনকৈ ৭৮গৰাকী লোকৰ দেহত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰিছে৷ আনহাতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আনুষ্ঠানিকভাৱে প্লাজমা বেংক মুকলি কৰাৰ পিছত আজি হাস্পতালখনৰ আইচিইউত ভর্তি হৈ থকা তেজপুৰ কমাৰ চুবুৰি নিৱাসী গিৰিজা কুমাৰ বৰা (৭১) নামৰ লোকজনক প্লাজমা থেৰাপীৰে চিকিৎসা আৰম্ভ কৰা হয়৷
ডিব্রুগড়ত মৃত্যু শিৱসাগৰৰ ক’ৰোনা আক্রান্ত হৰেন মহন্তৰ
শিৱসাগৰ জিলাত সোমবাৰে পঞ্চমজন ক’ভিড আক্রান্তৰ মৃত্যু হয়৷ লোকজন শিৱসাগৰৰ বাগছু কাৱৈমাৰী সত্রৰ হৰেন মহন্ত (৬৫)৷ মধুমেহ ৰোগত গুৰুতৰভাৱে অসুস্থ মহন্তক এসপ্তাহৰ পূর্বে ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷ চিকিৎসালয়তেই তেওঁৰ ক’ভিড ধৰা পৰে৷ দ্রুতগতিত স্বাস্থ্যৰ অৱনতি ঘটা মহন্তৰ সোমবাৰে বিয়লি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷ আনহাতে ৰাজ্যৰ অন্যান্য স্থানৰ দৰে শিৱসাগৰতো ক্রমাৎ কমি আহিছে ক’ভিডত আক্রান্তৰ সংখ্যা৷ সোমবাৰৰ দিনটোত শিৱসাগৰৰ ১১গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰে৷
বঢ়মপুৰত পুনৰ এজন ক’ভিড ৰোগীৰ মৃত্যু
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ নিজ চলচলি গাঁও পঞ্চায়তৰ প্রাক্তন কাউন্সিলাৰ তথা অগপ কর্মী ৰিয়াজুদ্দিন আহমেদৰ কালি নিশা ৯ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ উল্লেখ্য যে আহমেদে ১৫ দিন পূর্বে গুৱাহাটীৰ হায়াত হাস্পতালত পাকস্থলীৰ এক অস্ত্রোপচাৰ কৰি কিছু পৰিমাণে সুস্থ হোৱাত চলচলিৰ নিজ গৃহলৈ আহে৷ চাৰি দিন পূর্বে লোকজনে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে হায়াত হাস্পতাললৈ আহে৷ কিন্তু তেওঁক চিকিৎসা প্রদান কৰা চিকিৎসকগৰাকী ক’ভিড–১৯ৰ দায়িত্বত জিএমচিএইচত নিয়োজিত হৈ থকা বাবে পৰিয়ালে তেওঁক জিএমচিএইচলৈ লৈ আহে৷ জিএমচিএইচত তেওঁক স্বাস্থ্য পৰীক্ষাৰ সময়ত স্বাস্থ্যৰ অৱনতি দেখি ছোৱাব পৰীক্ষা কৰি ক’ভিডত আক্রান্ত হোৱাটো নিশ্চিত কৰে৷ কালি চিকিৎসাধীন অৱস্থাত তেওঁৰ জিএমচিএইচতে মৃত্যু হয়৷ স্মর্তব্য যে কেইদিনমান পূর্বে বঢ়মপুৰৰ পাঠৰিত গোলক শর্মা নামৰ আন এগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
ক’ভিডত আক্রান্ত বঙাইগাঁৱৰ এছপি
বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল ক’ভিডত আক্রান্ত হৈছে৷ আৰক্ষী বিষয়াজনৰ ছোৱাব পৰীক্ষাৰ ফলাফলত সোমবাৰে পজিটিভ আহে৷ অৱশ্যে ছোৱাব পৰীক্ষাৰ ফলাফল অহাৰ সময়ত আৰক্ষী বিষয়াজন গৃহ পৃথকীকৰণত আছিল৷ ইতিমধ্যে আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ সৈতে জড়িত বহুকেইজন কর্মচাৰী ক’ভিডত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত যোৱা ১২ জুলাইৰ পৰা তেওঁ গৃহ পৃথকীকৰণত আছিল৷
তিনিচুকীয়া নতুনকৈ ১৪৮গৰাকী আক্রান্ত
তিনিচুকীয়া জিলাত আজি নতুনকৈ ১৪৮গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ জিলাখনত এতিয়ালৈ মুঠ ২,০২৯গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷
ডিব্রুগড়ত ক’ৰোনা আক্রান্তৰ মৃত্যু
ডিব্রুগড়ৰ মদন দত্ত (৮০) নামৰ ক’ৰোনা আক্রান্ত এজন ৰোগীৰ মৃত্যু হৈছে৷ আনহাতে জিলাখনত সোমবাৰেও নতুনকৈ ৩৪০গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰিছে৷ ইয়াৰ ভিতৰত ডিব্রুগড় কেন্দ্রীয় কাৰাগাৰৰ কেইবাগৰাকী কয়দীও আছে৷ জিলাখনত এতিয়ালৈ ২,৩৩৬গৰাকী লোক আক্রান্ত হৈছে৷
নগাঁৱত নতুনকৈ ২৪৬গৰাকী আক্রান্ত
নগাঁও জিলাত সোমবাৰে ২৪৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ নগাঁও কেন্দ্রীয় কাৰাগাৰৰ দুজন সহকাৰী জেইলৰৰ লগতে ৯৭গৰাকী চিআৰপিএফৰ জোৱানৰ দেহত আজি ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ ইয়াৰ লগে লগে জিলাখনত আক্রান্তৰ সংখ্যা ২,৩৬৮গৰাকীলৈ বৃদ্ধি পালে৷
নলবাৰীত সোমবাৰে ৫৮গৰাকী আক্রান্ত
নলবাৰী জিলাত সোমবাৰে ৫৮গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰিছে৷ জিলাখনত এতিয়ালৈ ৭৭৮গৰাকী লোক আক্রান্ত হৈছে৷ ইয়াৰে ২৪২গৰাকী চিকিৎসাধীন অৱস্থাত আছে৷
হাইলাকান্দিত সোমবাৰে ৩১গৰাকী আক্রান্ত
হাইলাকান্দি জিলাত সোমবাৰে নতুনকৈ ৩১গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰ লগে লগে জিলাখনত আক্রান্তৰ সংখ্যা ১,০৩৭গৰাকীলৈ বৃদ্ধি পালে৷