নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজত মাত্র এদিন  ৫ লাখ বন্তি প্রজ্বলনেৰে উখল–মাখল গেৰুৱাময় অযোধ্যা

৫ আগষ্টত প্রধানমন্ত্রীয়ে কৰিব ৰাম মন্দিৰৰ আধাৰশিলা

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ   মাজতে মাত্র এটা দিন৷ আৰু তাৰ পিছতেই ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনেৰে পৰিসমাপ্তি ঘটিব কেইবা দশকজুৰি চলা ৰাম জন্মভূমি আন্দোলনৰ৷ ৫ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হাতেৰে সম্পন্ন হ’ব এই পুণ্যকার্য৷ স্বাভাৱিকতে এতিয়া  অযোধ্যাত এক উখল–মাখল পৰিৱেশ৷ গেৰুৱা বসন পৰিধান কৰি সুসজ্জিত ৰূপ লৈছে সমগ্র অযোধ্যা নগৰী৷ নগৰৰ প্রতিখন ঘৰ, দোকান, চৰকাৰ–বেচৰকাৰী কার্যালয়, মঠ–মন্দিৰৰ ৰং এতিয়া এটাই– গেৰুৱা৷ ইয়াৰ মাজতেই আজি ৰাম মন্দিৰৰ ভূমি পূজন কার্যসূচীৰ বুজ ল’লে গেৰুৱা বসনধাৰী মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ বাস্তৱত এক বিশাল আয়োজন৷ ৰাজধানী লক্ষ্ণৌৰ পৰা অযোধ্যালৈকে প্রায় ১৫০ কিলোমিটাৰ ৰাস্তাৰ দুয়ো কাষে আজি সন্ধিয়াৰ পৰা জ্বলি উঠিল লাখ লাখ অলংকৃত বন্তি৷ কেৱল অযোধ্যা নগৰীত আজি প্রজ্বলিত হ’ল প্রায় ৫ লাখ বন্তি৷ ক’ৰোনা আতংকক নেওচি সৰজু নদীৰ পাৰে পাৰে উৎসৱত মতলীয়া হ’ল হাজাৰ হাজাৰ সাধু–সন্ন্যাসী৷ বাৰিষাত সৰজুৱেও যেন প্রাণ পাই উঠিছে৷ ৫ আগষ্টত এক ঐতিহাসিক মুহূর্তৰ সাক্ষী হ’বলৈ সাজু সৰজু৷ লক্ষণীয়ভাৱে যোৱা বছৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে ৰাম জন্মভূমি–বাবৰি মছজিদ ভূমি বিবাদৰ ৰায়দানৰ মুহূর্তৰ অযোধ্যা আৰু ইয়াৰ প্রায় ৯ মাহ পিছত আজিৰ অযোধ্যাৰ মাজত এটা বৃহৎ পার্থক্য চকুত পৰাটো নিশ্চিত৷ ৯ মাহ ধৰি পৰিচর্যা লাভ কৰা ৰাম মন্দিৰ এতিয়া ভূমিষ্ঠ হোৱাৰ পথত৷ ৰায়দানৰ দিনাও অযোধ্যা যেনেদৰে কটকটীয়া নিৰাপত্তাৰ বেষ্টনীত আবৃত হৈ আছিল আজিও সেই একেই ধৰণৰ নিৰাপত্তা৷ পিছে ৯ নৱেম্বৰৰ নিৰাপত্তা আছিল উচ্চতম ন্যায়ালয়ৰ ৰায়দানক কেন্দ্র কৰি যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয়৷ আজিৰ নিৰাপত্তা হৈছে সম্পূর্ণৰূপে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভ্রমণসূচীকেন্দ্রিক বেষ্টনী৷ ইতিমধ্যে ৰাম মন্দিৰৰ নির্মাণথলী প্রধানমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজিয়ে দখল কৰিছে৷ তদুপৰি চাইৰেন বজাই ভি ভি আই পিৰ অহা–যোৱা চলিয়ে আছে৷ অনবৰত চাইৰেনৰ কর্কশ শব্দৰ মাজতেই মন্দিৰ নগৰীৰ ভাহি আহিছে মন্ত্রোচ্চাৰণৰ ধ্বনি৷ গৌৰী গণেশ পূজাৰে আজিৰে পৰা আৰম্ভ হৈছে ৰাম মন্দিৰ নির্মাণৰ আনুষ্ঠানিকতা৷ ১১জন পুৰোহিতে একেলগে কৰিছে মন্ত্রজপ৷ চলিল ৰামায়ণ পাঠো৷ সমগ্র অযোধ্যাই মাইকেৰে শুনিলে মন্ত্রজপ আৰু ৰামায়ণ পাঠ৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রীয়ে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ পূর্বে অযোধ্যাত থকা হনুমানগডীত প্রথমতে হনুমান পূজা কৰিব৷ হনুমানগডীত মোদীক সংগদান কৰিব মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ পিছে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ পূর্বে হনুমান পূজা কিয়? হনুমানগডীৰ মুখ্য পূজাৰী মধুবন দাসেই এই প্রশ্ণৰ উত্তৰত কয়– হনুমানক অগ্রাহ্য কৰি ভগৱান ৰামক লৈ কোনো কার্য আৰম্ভ হ’ব নোৱাৰে৷ সেয়েহে প্রথমতে হনুমাক তুষ্ট কৰি প্রধানমন্ত্রীয়ে ভূমি পূজনেৰে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব৷ ভূমি পূজনৰ দিনা ৰাম লাল্লাক (শিশু ৰাম) এক অসাধাৰণ সাজেৰে সজ্জিত কৰা হ’ব৷ ৯বিধ মহামূল্যৱান মণিসজ্জিত মখমলৰ কাপোৰ পৰিধান কৰোৱা হ’ব ৰাম লাল্লাক৷ ইপিনে, জানিব পৰা মতে, ৫ আগষ্টৰ ভূমি পূজনৰ দিনা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যিখন মঞ্চৰ পৰা অতিথিসকলক সম্ভাষণ জনাব সেইখন মঞ্চৰ শোভাবর্ধন কৰিব প্রধানমন্ত্রীৰ উপৰি ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ প্রমুখ মোহন ভাগৱত, উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথ৷ লক্ষণীয়ভাৱে ক’ৰোনা অতিমাৰীৰ কথা বিবেচনা কৰি ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানত মাত্র ১৫০জন অতিথিক আমন্ত্রণ জনোৱা হৈছে৷ অতি তাৎপর্যপূর্ণভাৱে অতি সীমিতসংখ্যক অতিথিৰ মাজতে আমন্ত্রণ লাভ কৰিছে অযোধ্যা ভূমি বিবাদৰ অন্যতম মোকর্দমাকাৰী ইকবাল আনছাৰিয়ে৷ ভগৱান ৰামৰ ইচ্ছা অনুসৰি মই এই আমন্ত্রণ লাভ কৰিছোঁ বুলি আনছাৰিয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷

You might also like