নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানৰ শিখা নিৰ্বাপণত পলম !!! অইল ৱৰ্কশ্বপত “এথি ৱেগন”ৰ ভগ্নাংশ পুনৰ মেৰামতি

নিয়মীয়া বাৰ্তা, ৪ আগষ্ট: প্ৰথমে যোৱা ২৭ মে’ দিনা পুৱাভাগত সংঘটিত অইল বাঘজান বি জি আৰ -৫ ৰ তেল-গেছ খাদৰ ব্ল’-আউট আৰু সেই ঘটনা পৰিৱৰ্তিত হৈ ৯ জুনত খাদটোত সংঘটিত অগ্নিকুণ্ড ভয়ংকৰ ঘটনা আজিও অপৰিৱৰ্ত্তিত আৰু অনিশ্চয়তামুখী হৈ আছে ।

যদিও ছিংগাপুৰ কোম্পানী এলাৰ্ট ডিজেষ্টাৰ ৬ বিশেষজ্ঞসহ অইল , অ’এনজিছি আৰু শ্লাম বাজাৰ দৰে ব‍্যক্তিগত প্ৰতিষ্ঠানে বাঘজানৰ উত্তপ্ত জুইকুৰা নিৰ্বাপণ কৰিবলৈ তৰহ তৰহ পদ্ধতি অৱলম্বন কৰিছে তাৰপাছতো যন্ত্ৰাংশৰ কাৰিকৰীজনিত দূৰ্ঘটনাৰ ফলত দূৰ্ভাগ‍্যজনকভাৱে জুইকুৰা নিৰ্বাপণৰ সময় বৃদ্ধি পাবলৈ ধৰিছে ।

যোৱা ৩১ জুলাই দিনা ৪৫০০ পি এচ আই চাপত নিৰ্গমণ হৈ থকা গেছকূপটোৰ শীৰ্ষত বি অ’ পি ষ্টেক অৰ্থাৎ ব্ল’ আউট প্ৰিভেন্টৰ স্হাপন কৰি সংহাৰী জুইকুৰা নিৰ্বাপণৰ প্ৰথমটো প্ৰচেষ্টা চলাওঁতে ঘটিল অঘটনটো । ভাৰসাম‍্য হেৰুৱাই চেলাৰ পিটত বাগৰি পৰিল বি অ’ পি ষ্টেক কঢ়িওৱা অ’এনজিচিৰ ক্ৰাইছিছ মেনেজমেন্ট টীমৰ বিশেষ এথি ৱেগন ।

অইলৰ পূৰ্বৰ বিবৃতি অনুসৰি বি অ’ পি ষ্টেক পৰীক্ষামূলকভাৱে ৰূপায়ন কৰাৰ পাছত কিছু ওজন হ্ৰাস হোৱাৰ অৰ্থে বি অ’ পি ষ্টেকৰ পৰা স্পেচাৰ স্পুলসমূহৰ এটা অংশ আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা লগতে বি অ’ পি উঠোৱাত আৰু স্থানান্তৰ কৰাত সহায়ক হোৱাকৈ কাউন্টাৰ ৱেইট হিচাপে এথি ৱেগনৰ সৈতে অতিৰিক্ত ওজনো সংযোগ কৰা হৈছিল।

আনহাতে এক বিশেষ সূত্ৰৰ অনুসৰি কাউন্টাৰ ৱেইট হিচাপে দুটা সৰু বি অ’ পি এথি ৱেগনত বহাই প্ৰায় ৩০ ফুট উচ্চতাৰ মূল বি অ’ পি ষ্টেকসহ ৰাইজাৰ ৯০ ফুট উচ্চতাৰ এথি ৱেগনে প্ৰায় ঘন্টা ধৰি ওলমাই ৰাখিছিল । ফলত এথি ৱেগনে ইয়াৰ সহনক্ষমতা হেৰুৱাই বিঅ’পি ষ্টেক আৰু ৰাইজাৰসহ বাগৰি পৰে । এইসময়ত মূল বি অ’ পি তথা ৰাইজাৰ বিশেষ ক্ষতিসাধন ন’হলেও ভাৰতৰ ভিতৰতে বিৰল খ‍্যাত এথি ৱেগনৰ এক্সেলডাল ভাঙি পৰে । এই কাৰণত অইল ইণ্ডিয়াৰ বি অ’ পি ষ্টেক স্হাপনৰ লক্ষ্য ফলৱতী ন’হল।

জানিব পৰামতে পৰীক্ষামূলক কাৰ্য সম্পাদন কৰোঁতে ৩০ জুলাই দিনাও এথি ৱেগনৰ বিসংগতি পৰিলক্ষিত হৈছিল । দুবাৰকৈ বিসংগতিয়ে দেখা দিয়াৰ পাছত বৰ্তমান দুলীয়াজান অইলৰ আভিযান্ত্ৰিক কৰ্মশালাত এলাৰ্ট ডিজেষ্টাৰ কোম্পানীৰ বিশেষজ্ঞ আৰু অইলৰ আভিযান্ত্ৰিক দলৰ নিৰন্তৰ তত্বাৱধানত এথি ৱেগনখনৰ পুনৰ মেৰামতি কাৰ্য চলি আছে । এথি ৱেগনৰ ভংগুকৃতি এক্সেলৰ বিকল্প হিচাপে ৰেলৰ চকাৰ এক্সেল ডিব্ৰুগড়ৰ পৰা আনি কৰ্মশালাত জোখ মাখ কৰি নিৰ্মাণ কৰা হৈছে । আনহাতে এথি ৱেগনৰ বুম ( Boom) ৰ পৰিৱৰ্তন সাধন কৰি অৰ্থাৎ ৱেলডিং কৰি দৈৰ্ঘ্য কিছু হ্ৰাস কৰাৰ লগতে এথি ৱেগন আৰু বুলডজাৰৰ মাজত নতুন লংগৰ স্হাপন আদি পুনঃনিৰ্মাণকাৰ্য চলি আছে ।

তদুপৰি চেলাৰলৈ যোৱা পথটোৰ মজবুতকৰণৰ কাম অব‍্যাহত ৰাখিছে অইলে । সমান্তৰালভাৱে কূপটো কিলিং অপাৰেচনৰ অন্তিম প্ৰস্তুতিৰ বাবে ৰাসায়নিক তৰল দ্ৰব্য প্ৰয়োগ কৰি থকা হৈছে ।

উল্লেখযোগ্য যে পুনঃনিৰ্মিত এথি ৱেগনখন কৰ্ম ক্ষেত্ৰত ব‍্যৱহাৰ কৰিবলৈ যাওঁতে তাৰ বহনক্ষমতা কিমানদূৰ সফল হ’ব সেয়াও এতিয়া সন্দেহৰ আৱৰ্তত ।

You might also like