নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গছপুলি ৰুই ফটো উঠাৰ প্রৱণতা ত্যাগ কৰা উচিতঃ যাদৱ পায়েং

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ ‘পৃথিৱীখনক সেউজ কৰি ৰখাৰ বাবে সমাজৰ সকলো শ্রেণীৰ মানুহে একেলগে কাম কৰিব লাগিব ৷ এইক্ষেত্রত শিক্ষক তথা ছাত্র সমাজে সর্বাধিক ভূমিকা গ্রহণ কৰিব পাৰে ৷ জ্ঞান যাত্রাৰ দৰে কার্যসূচী আমি বনৰ মাজত ৰূপায়িত কৰিব পাৰোঁ ৷ গছপুলি ৰুই ফটো উঠাৰ বাবে কেমেৰালৈ চোৱাৰ প্রৱণতা ত্যাগ কৰা উচিত ৷ প্রকৃতি সংৰক্ষণৰ প্রয়োজনীয়তা উপলব্ধিৰ বিষয়হে, কিন্তু ই প্রচাৰমুখী হ’লে এনে প্রচেষ্টা নিষ্ফল হ’ব ৷’– এই মন্তব্য অৰণ্য মানৱ যাদৱ পায়েঙৰ ৷ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৮সংখ্যক বিদ্যালয় সপ্তাহ সমাৰোহৰ সামৰণী অনুষ্ঠানৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি পদ্মশ্রী যাদৱ পায়েঙে আৰু কয় যে গছ থাকিলেহে মানুহ থাকিব ৷ প্রকৃতিৰ বিনন্দীয়া ৰূপৰ অৱক্ষয়ে মানৱ জাতিৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে ৷ নিজে হাবিৰ সৃষ্টি কৰাকে ধৰি প্রকৃতিৰ গছ–গছনি তথা জীৱ–জন্তুক সংৰক্ষণ কৰি মানৱ জাতিক বিপদমুক্ত কৰাৰ লক্ষ্যৰে বিশিষ্ট প্রকৃতিবিদগৰাকীয়ে নিজে গ্রহণ কৰা পদক্ষেপসমূহ আৰু এইক্ষেত্রত লাভ কৰা তিতা–মিঠা অভিজ্ঞতাসমূহ সাৱলীল ৰূপত সভাত ব্যক্ত কৰে ৷ অৱসৰপ্রাপ্ত কৃতী শিক্ষক তথা বিশিষ্ট সমাজকর্মী সদানন্দ নাথৰ সভাপতিত্বত অনুষ্ঠিত আৰু জ্যেষ্ঠ শিক্ষক নিতুমণি বৰাই আঁত ধৰা সভাখনত বিদ্যালয়খনৰ ছাত্র–ছাত্রীকে ধৰি সহস্রাধিক অভিভাৱক আৰু স্থানীয় বিশিষ্ট নাগৰিকে অংশগ্রহণ কৰে ৷ বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰা, ছাত্র একতা সভাৰ অধ্যক্ষা অঞ্জনা দেৱী আৰু ছাত্র একতা সভাৰ বিদায়ী সাধাৰণ সম্পাদক ৰিদীপ ৰিয়ন ওজাই সভাত নিজৰ নিজৰ প্রতিবেদনসমূহ উত্থাপন কৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদর্শক জয়ৰাম হাজৰিকা আৰু নির্দিষ্ট বক্তা হিচাপে অসম দক্ষতা বিকাশ অভিযানৰ এগৰাকী বিষয়া তথা বিশিষ্ট সাহিত্যিক ৰাজীৱ নাৰায়ণ কলিতাই বক্তব্য আগবঢ়ায় ৷ একেখন সভাতে বিদ্যালয়ৰ পৰা প্রকাশিত হাতেলিখা আলোচনীসমূহ আৰু প্রাচীৰ পত্রিকা উন্মোচনৰ মনোজ্ঞ অনুষ্ঠান ৰূপায়িত হয় ৷ বিদ্যালয়খনৰ আলোচনী বিভাগৰ তত্ত্বাৱধায়ক বিকাশ বৰাই আঁত ধৰা অনুষ্ঠানটোত উন্মোচক হিচাপে অংশগ্রহণ কৰে বিদ্যালয়ৰ দুই প্রাক্তন ছাত্র কিশোৰ ভূঞা আৰু ড০ কন্দর্প শইকীয়াই৷ বিদ্যালয়খনৰ শিক্ষক প্রদ্যুম্ন হাজৰিকাই ৰচনা কৰা বিদ্যালয়ৰ শীর্ষ গীতটো শিক্ষক আৰু ছাত্র–ছাত্রীসকলে পোনপ্রথমবাৰৰ বাবে সভাত পৰিৱেশন কৰে ৷ বিকাশ বৰাই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত শৈক্ষিক কৃতিত্ব অর্জন কৰা, হাতেলিখা আলোচনীত শ্রেষ্ঠত্ব অর্জন কৰা, সাহিত্য–সংস্কৃতি আৰু ক্রীডা বিভাগত খিতাপ অর্জন কৰা ছাত্র–ছাত্রী তথা দলসমূহক বঁটা বিতৰণ কৰা হয়৷ উল্লেখ্য যে যোৱা ২০ নৱেম্বৰত পতাকা উত্তোলন আৰু বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্রাৰে শুভাৰম্ভ হোৱা বিদ্যালয় সপ্তাহ সমাৰোহৰ আটাইকেইটা দিনতে বিভিন্ন ক্রীডা, সাহিত্য আৰু কৃষ্টি প্রতিযোগিতাসমূহ অনুষ্ঠিত হোৱাত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়৷ ২৪ নৱেম্বৰৰ পুৱা অনুষ্ঠিত মাৰাথন দৌৰ প্রতিযোগিতাত প্রথমবাৰৰ বাবে ছাত্রীৰ দলে অংশগ্রহণ কৰি জীয়াভৰলী নদীৰ দলঙৰ পৰা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে সুদীর্ঘ ১৪ কিঃমিঃ দূৰত্ব ছাত্রসকলৰ সৈতে একেলগে দৌৰি ক্রীডা প্রতিভা প্রদর্শন কৰে৷ বিদ্যালয়খনৰ অধ্যক্ষ জীৱন বৰা, ছাত্র একতা সভাৰ অধ্যক্ষ অঞ্জনা দেৱী আৰু শৈক্ষিক সমিতিৰ আহ্বায়ক নিতুমণি বৰাই বিদ্যালয় সপ্তাহ সমাৰোহৰ সামগ্রিক সফলতাৰ বাবে সংশ্লিষ্ট সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

You might also like