নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত ভূলুণ্ঠিত মানৱতাঃ জাবৰৰ দ’মত তিনি নৱজাতকৰ মৃতদেহ

নিয়মীয়া বার্তা,২৭ নৱেম্বৰঃ বিজ্ঞান–প্রযুক্তিৰ উন্নয়নৰ সমান্তৰালভাৱে মানৱ জাতিৰ চিন্তাধাৰা, প্রমূল্যবোধ আৰু সভ্যতাৰো বিকাশ হোৱা বুলি দাবী কৰা হৈ আহিছে যদিও কার্যক্ষেত্রত ইয়াৰ সত্যতা কিমান, তাক লৈ সময়ে সময়ে প্রশ্ন উত্থাপন হৈ আহিছে ৷ মঙলবাৰে পুৱা ডিব্রুগড চহৰৰ মাজমজিয়াৰ সেউজপুৰত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সকলোকে – মানৱীয় প্রমূল্যবোধ সন্দর্ভত ভবাই তুলিছে ৷ ‘মানৱতা’ শব্দটোক গছকি যেন খণ্ড–বিখণ্ড কৰি গ’ল এই ঘটনাই ৷ এটি, দুটি নহয় তিনিটাকৈ নৱজাতকৰ মৃতদেহ উদ্ধাৰ হ’ল এলেকাটোৰ এক আৱর্জনাৰ দ’মৰ মাজত ৷ চহৰখনৰ সেউজপুৰ তিনিআলিৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় সংযোগী নতুনকৈ মুকলি কৰা পথৰ কাষৰ এটা ফ্লেটৰ সন্মুখত পেলাই থোৱা তিনিটাকৈ সদ্যোজাতৰ নিথৰ দেহ প্রত্যক্ষ কৰে বাটৰুৱাই ৷ ইয়াৰে এটি দেহ কুকুৰ–কাউৰীয়ে ভক্ষণ কৰাত ক্ষতবিক্ষত হয় ৷ পাছত আৰক্ষীয়ে দেহকেইটা উঠাই লৈ যায় ৷ অবৈধ প্রেম, ব্যভিচাৰৰ ফলত পৃথিৱীৰ পোহৰ দেখা এই দেৱ শিশু তিনিটাৰ কি দোষ আছিল, কেৱল নিজৰ পৰিচয় কলংকিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কোনো পাষাণ মাতৃয়ে নিশ্চিতভাৱে এই শিশুকেইটাক পেলাই থৈ যোৱা বুলি ৰাইজৰ মাজত চর্চা চলিছে ৷

You might also like