নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেহাদী গ্ৰেপ্তাৰৰ পিছতে সষ্টম অসম আৰক্ষী

চোৰাংচোৱাক অধিক সক্ৰিয় হোৱাৰ নিৰ্দেশ, মহানগৰীৰ জনবহুল অঞ্চলত নিৰাপত্তা বৃদ্ধি

গুৱাহাটী, ২৭ নৱেম্বৰঃ গোৱালপাৰাৰ কৃষ্ণাইত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আই এছৰ তিনি সন্ত্ৰাসবাদীক দিল্লী আৰক্ষীয়ে স্থানীয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে অসম আৰক্ষীয়ে অধিক সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিছে । গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি অসম আৰক্ষীৰ চোৰাংচোৱাক অধিক সক্ৰিয় হ’বলৈ বিভাগীয়ভাৱে নিৰ্দেশ দিয়া হৈছে । তদুপৰি গুৱাহাটীত অধিক মানুহৰ সমাগম হোৱা স্থানসমূহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে । আনহাতে গুৱাহাটী ৰে’ল ষ্টেচন, কামাখ্যা জংচন আৰু বৰঝাৰস্থিত বিমানবন্দৰৰ নিৰাপত্তাৰ বাবে মাল্টিপাৰপাছ স্কোৱাড গঠন কৰা হৈছে । গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ নেতৃত্বত মঙলবাৰে অনুষ্ঠিত এখন বৈঠকত হোৱা আলোচনা মৰ্মে এই স্কোৱাড গঠন কৰা হৈছে । লগতে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে জনোৱা মতে এই স্কোৱাডে ৰে’ল ষ্টেচন, বিমানবন্দৰ আদিৰ উপৰি ধন, সোণৰ চেইন কাঢ়ি নিয়া দুৰ্বৃত্তৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে অভিযান চলোৱাকে ধৰি বিভিন্ন ধৰণৰ ৰেপিড একচনৰ কাম কৰিব ।

You might also like