নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘাতৰ বাবে টি-২০ শৃংখলাৰ পৰা শিখৰ বাহিৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ অহা সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব লগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত টি-২০ ক্ৰিকেট শৃংখলাত আঘাতৰ বাবে ভাৰতৰ অপেনাৰ বেটছমেন শিখৰ ধাৱন দলৰ পৰা বাদ পৰিছে। ধৱনে মুস্তাক আলী টুৰ্ণামেণ্ট মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলা মেচত আঘাত প্ৰাপ্ত হৈছিল।

উল্লেখ্য যে শিখৰে বাঁও ভৰিত আঘাত পাইছে । চিকিৎসক দলটোৱে মঙলবাৰে ধৱনক পৰীক্ষা কৰোতে তেওঁক সুস্থ হবলৈ অলপ সময় লাগিব বুলি বি চি চি আইক জানিবলৈ দিয়ে  । দলটোৱে পৰামৰ্শ অনুসৰি বি চি চি আইয়ে শিখৰক দলৰ পৰা বাহিৰ কৰা হৈছে। যাৰ বাবে বি চি চি আইয়ে এইটো সিদ্ধান্ত লবলৈ বাধ্য হয় আৰু তাৰ পৰিৱৰ্তে চঞ্জু চেমচনক অন্তৰ্ভুক্ত কৰা হৈছে।

You might also like