নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাদুনলৈ সাহিত্যাচাৰ্য বঁটা

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ মিচিং ভাষা-সাহিত্যৰ পুৰোধা ব্যক্তি, বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ সাহিত্যাচাৰ্য সন্মান বঁটা আগবঢ়াইছে অসম সাহিত্য সভাই । অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে সাহিত্য সভাই এই সন্মান প্ৰদান কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীলৈ । বুধবাৰ অৰ্থাৎ আজি গুৱাহাটীস্থিত মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সমাৱৰ্তন-২০১৯ ত এই সন্মান প্ৰদান কৰা হ’ব । অনুষ্ঠানত উপস্থিত থাকিব মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়ৰ লগতে সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰকাশজ্যোতি সন্দিকৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি । শিৱসাগৰ জয়সাগৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা নাহেন্দ্ৰ পাদুনে অসমীয়া সাহিত্যৰ লগতে মিচিং সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে ।

You might also like