কংগ্রেছৰ ৰামভক্তি
ৰাম মন্দিৰৰ ভূমি পূজনৰ সময়ৰ পৰা দেশত হঠাতে এদল ৰামভক্তৰ আৱির্ভাৱ ঘটিছে৷ এজনে গেৰুৱা বস্ত্রপর্যন্ত ধাৰণ কৰি নিজকে শ্রীৰামৰ পৰমভক্ত ৰূপে প্রতিষ্ঠা কৰিব বিচৰাৰ বিপৰীতে ৰাজপৰিয়াল (?)ৰ মহান কন্যাগৰাকীয়ে ৫ আগষ্টৰ দিনাই ৰাম মন্দিৰক লৈ ছ’চিয়েল নেটৱর্কিং ছাইটত শ্রুতিমধুৰ বাণীৰে দেশ আৰু জাতি গঠনৰ গংগাজল ছটিয়াবলৈ আৰম্ভ কৰে৷ আনকি ৰাম মন্দিৰ নির্মাণৰ কৃতিত্ব কোনোৱে ল’ব বা পাব নোৱাৰে বুলিও তেওঁলোকৰে এচামে চিঞৰ–বাখৰ কৰিবলৈ ধৰে৷ মন্দিৰটো নির্মাণত যদি কাৰোবাৰ কৃতিত্ব আছে, সেই মহান পুৰুষজন কেৱল ৰাজীৱ গান্ধীহে, এইধৰণৰ প্রচাৰ এটা কৌশলেৰে চলাবলৈ ধৰিছে৷ এতিয়া পাঠক সমাজে নিশ্চয় বুজিব পাৰিছে যে ‘হঠাৎ ৰামভক্ত’সকলৰ পৰিচয় কি৷ কংগ্রেছে জানো ৰাম মন্দিৰ নির্মাণৰ কৃতিত্ব দাবী কৰিব পাৰে? পৃথিৱীত ইমানো নিলাজ, সুবিধাবাদী, নীতিহীন ৰাজনৈতিক দল থাকেনে? ভূমি পূজনৰ আগদিনা মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা কমল নাথে নিজ বাসগৃহত হনুমান চালিছা পাঠ কৰি ৰাম মন্দিৰ নির্মাণৰ আদৰণি জনায়৷ মনীষ তিৱাৰীয়ে ভূমি পূজনৰ দিনা নিজৰ টুইটাৰত ভক্তিমূলক গীত আপলোড কৰি অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ আনন্দ প্রকাশ কৰে৷ ৰাজকুমাৰী (?) প্রিয়ংকা গান্ধী ৱাদ্রাই ৰাম মন্দিৰক ৰাষ্ট্রীয় সংহতি, ভাতৃত্ববোধ, সাংসৃকতিক মিলনৰ প্রতীক হওক বুলি আশা ব্যক্ত কৰে৷ পৰিৱেশ এনেধৰণৰ হৈ পৰে যে কংগ্রেছৰ সমান ৰামভক্ত আৰু ৰাম মন্দিৰৰ ওকালতি কৰা দ্বিতীয়টো পক্ষ যেন এইখন পৃথিৱীতেই নাই৷
কংগ্রেছৰ আচলতে ভয় হৈছে বিহাৰৰ বিধানসভাৰ নির্বাচনক লৈ৷ তদুপৰি, কেইমাহমান পাছতে পশ্চিমবংগ, অসমকে ধৰি কেইবাখনো ৰাজ্যত বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব৷ এনে সন্ধিক্ষণত প্রধানমন্ত্রীৰ দ্বাৰা ৰাম মন্দিৰৰ ভূমি পূজন–শিলান্যাস দলটোৰ নির্বাচনী সাফল্যৰ সন্মুখত বিশাল হেঙাৰ হৈ থিয় দিব বুলি সঠিকভাৱেই অনুমান কৰি লৈছে৷ কিন্তু সমস্যাটো হ’ল বিৰোধিতাৰ সামান্যতমো অৱকাশ নাই৷ পূর্বতে ৰাষ্ট্রীয় বিষয়ক লৈ কৰা প্রতিটো বিৰোধিতাৰ দলটোৱে বিপৰীত ফল ভুগিবলগীয়া হৈছে৷ বিৰোধিতাৰ ফল ইমানেই তিতা আৰু অগ্রহণযোগ্য হৈ পৰিছে যে জনমানসত দলটো ভাৰতবিৰোধী শক্তিৰ মিত্র বুলিহে ছবি এখন লাহে লাহে অংকিত হ’বলৈ ধৰিছে৷ সেয়ে কাডৰীয়ে ময়ূৰৰ পাখি গাত গুজি লোৱাৰ দৰে দলটোৱে এইবাৰ ৰাম মন্দিৰৰ পক্ষত থিয় দিছে আৰু মন্দিৰ নির্মাণৰ কৃতিত্বৰ বাবে যুক্তি আৰু তথ্যৰ সন্ধানত নামি পৰিবলগীয়া হৈছে৷ তেনেদৰে যুক্তি–তথ্যৰ বাবে মাটি খান্দি খান্দি কোনোমতে ৰাজীৱ গান্ধীৰ দুখনমান ছবি হাতত পৰে৷ অদূৰদর্শী নেতৃত্বই তাকেই সম্বল হিচাপে লৈ কৃতিত্বপ্রাপ্তিৰ অভিযানত দলটোৰ সেনানী একাংশক দলনিত পোনা মেলি দিয়াৰ দৰে মেলি দিয়ে৷ কিন্তু শেহতীয়াকৈ এখন গ্রন্থই দলটোৰ মুখত বেয়াকৈ ছাই সানিলে৷ গ্রন্থখনৰ নাম Chandra Shekhar And The Six Months That Saved India’৷ গ্রন্থখনৰ ৰচক লণ্ডন নিৱাসী তথা ভাৰতৰ ইতিহাস সন্দর্ভত যথেষ্ট জ্ঞান থকা ৰড্রিক মেথিডজ৷ তেওঁ প্রাক্তন প্রধানমন্ত্রী চন্দ্র শেখৰৰ স্মৃতিত লিখা গ্রন্থখনে ৰাম মন্দিৰ–বাবৰি মছজিদ বিবাদ সন্দর্ভত প্রাক্তন প্রধানমন্ত্রী প্রয়াত ৰাজীৱ গান্ধীৰ ঘৃণনীয় ৰাজনীতিক ডদঙাই দিছে৷ গ্রন্থখন ১০ আগষ্টত ডন্মোচন হোৱাৰ কথা৷ ডন্মোচনৰ পূর্বে গ্রন্থখনৰ বিষয়ে হিন্দী দৈনিক বাতৰিকাকত ‘জনসত্তা’ত এটা আলোচনা প্রকাশ পাইছে৷ তাত চন্দ্রশেখৰ শাসনকালত মন্দিৰ–মছজিদ বিবাদটো মীমাংসা হোৱাৰ পাছতো ৰাজীৱ গান্ধীৰ ৰাজনৈতিক ডচ্চাকাংক্ষাৰ বাবে কিদৰে মুখথেকেচা খাবলগীয়া হ’ল, তাৰ বর্ণনা আছে৷ গ্রন্থকাৰ মেথিডজৰ মতে, ৰাজীৱ গান্ধীয়ে নিকৃষ্ট ৰাজনীতিৰে চন্দ্রশেখৰ চৰকাৰক শান্তিপূর্ণভাৱে ৰাম মন্দিৰ সমস্যাটো সমাধান কৰিব নিদিলে৷ তেওঁ ভাবিছিল যে সমস্যাটো সমাধান কৰিলে কৃতিত্ব চন্দ্রশেখৰলৈ যাব আৰু তেওঁ দেশখনত জনপ্রিয় হৈ ডঠিব৷ ‘সমস্যাটো তেতিয়াই সমাধান হ’লে দেশখনত আজি হিন্দু–মুছলমানৰ সম্পর্ক অধিক ডন্নত হৈ থাকিলহেঁতেন৷’– গ্রন্থকাৰে এইদৰে কয়৷ গ্রন্থকাৰে লিখিছে, ৰাজীৱ গান্ধীয়ে বিবাদটোক নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে সাঁচি ৰাখিব বিচাৰিছিল৷
প্রধানমন্ত্রী চন্দ্রশেখৰে ভাৰতৰ ইতিহাসৰ সবাতকৈ পুৰণি সমস্যাটো সমাধানৰ অর্থে মন্দিৰ আৰু মছজিদ পক্ষৰ সৈতে কেইবাখনো গোপন বৈঠকত মিলিত হৈছিল৷ তাৰ বাবে তেওঁ ঘনিষ্ঠ বন্বুূ ভেইৰো সিং শ্বেখাৱট আৰু শাৰদ পাৱাৰক নিয়োগ কৰিছিল৷ অৱশ্যে পাছত শাৰদ পাৱাৰে খলনায়কৰ ৰূপ লৈ সকলো কথা ৰাজীৱ গান্ধীক অৱগত কৰে৷ ৰাজীৱ গান্ধীয়ে চৰকাৰখনৰ পতন ঘটাই সকলো শেষ কৰি দিয়ে৷ চন্দ্রশেখৰে মুছলমান পক্ষ অর্থাৎ বাবৰি মছজিদ একচন কমিটীৰ সৈতে আলোচনাৰ তদাৰক কৰিবলৈ ভেইৰো সিং শ্বেখাৱট আৰু মন্দিৰ অর্থাৎ ৰাম জন্মভূমি ন্যাসৰ সৈতে যোগাযোগ ৰখাৰ দায়িত্ব দিছিল শাৰদ পাৱাৰক৷
গ্রন্থখনত ডল্লেখ থকা মতে, প্রথমে বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা প্রধানমন্ত্রী চন্দ্রশেখৰক সাক্ষাৎ কৰিবলৈ প্রতিনিধিৰ দল গৈছিল৷ চন্দ্রশেখৰে তেওঁলোকক বিশেষ গুৰুত্ব সহকাৰে লোৱা নাছিল৷ সাধাৰণভাৱে সুধিছিল, অযোধ্যা সন্দর্ভত কি কৰা যায়? প্রশ্ণটোৰ ডত্তৰত বিশ্ব হিন্দু পৰিষদৰ প্রতিনিধিৰ ডত্তৰ আছিল স্পষ্ট আৰু পোনপটীয়া– ‘অযোধ্যা? কি সমস্যা? সকলোৱে জানে যে এইটো ৰাম মন্দিৰ৷’ কথা শুনি চন্দ্রশেখৰে কৈছিল, ঠিক আছে, এতিয়া ছিৰিয়াছ হোৱা যাওক৷ ‘মই বর্তমান প্রধানমন্ত্রী৷ কিন্তু মই নিজেই নাজানো, এইটো পদত কিমান দিন থাকিব পাৰিম৷ কিন্তু যেতিয়ালৈকে মই প্রধানমন্ত্রী হৈ থাকিম, কোনোৱে মছজিদত হাতত দিব নোৱাৰিব৷ মই ভি পি সিং নহয় যে ৰাজ্যৰ মুখ্যমন্ত্রীৰ ওপৰত ভৰসা কৰি চলিম৷ মই নির্দেশ দিম যে যিয়ে মছজিদটোত হাত দিয়ে, তেওঁকে গুলীওৱা হওক৷’ –তেওঁ কয়৷ প্রধানমন্ত্রী (তদানীন্তন) চন্দ্রশেখৰে ইয়াৰ বাবে আর্থিক সংকটৰ প্রসংগও ডত্থাপন কৰিছিল৷ তেওঁৰ মতে, ভাৰত এখন দৰিদ্র দেশ৷ আমি সমস্যাটোত বহু ধন ব্যয় কৰিলোঁ৷ আৰু নোৱাৰোঁ৷ আপুনি কিয় চিন্তা কৰিব লাগে, যদি ৫০০ সাধুৰ মৃত্যু হয়, হওক৷ তেওঁলোকে ভগৱানৰ বাবে মৰিব৷ স্বর্গলৈ যাব৷
সেয়াই আছিল আৰম্ভণি৷ মছজিদৰ ওপৰত কোনোপক্ষে আঘাত পৰাটো নিবিচৰা চন্দ্রশেখৰক কেইদিনমান পাছতে মছজিদ পক্ষৰ প্রতিনিধিয়ে সাক্ষাৎ কৰে৷ তেওঁ প্রতিনিধি দলটোক কৈছিল ঃ ‘শুনক, মই তেওঁলোকক কৈ দিছো, মই প্রধানমন্ত্রী হৈ থকালৈকে মছজিদটো সুৰক্ষিত হৈ থাকিব৷ কিন্তু এইখন দেশত পাঁচ–ছয় লাখ গাঁও আছে, য’ত হিন্দু–মুছলমানে আশে–পাশে বসবাস কৰে৷ কাইলৈ যদি দেশজুৰি সাম্প্রদায়িক সংঘর্ষ হয়, মোৰ ইমান আৰক্ষী নাই যে পৰিস্থিতি নিয়ন্ত্রণ কৰিব পাৰিম৷ সেয়ে কওক, আপোনালোকে কি ভাবে? চন্দ্রশেখৰৰ কথা কাম দিলে৷ দুদিন পাছত হিন্দু আৰু মুছলমান ডভয় পক্ষই সমস্যাটো সমাধানৰ বাবে সাজু হয়৷ আলোচনাৰ পূর্বে চন্দ্রশেখৰে কিছু গ্রাডণ্ড ৰুল প্রস্তুত কৰি লয়৷ তেওঁ দুয়োপক্ষকে অভয়বাণী দি ক’লে– ‘ভেইৰো সিং শ্বেখাৱট আৰু শাৰদ পাৱাৰে আপোনালোকৰ সৈতে বহিব৷ আপোনালোক আৰু তেওঁলোকৰ সন্মতিত যি ফলাফল আহে, মোৰ চৰকাৰে তাক কার্যকৰী কৰিব৷ এয়া মোৰ প্রতিশ্রুতি৷ কিন্তু কেইটামান চর্ত আছে৷ আলোচনাৰ বিষয়ে এটা শব্দও সংবাদ মাধ্যমৰ আগত কোনেও একো জাহিৰ কৰিব নোৱাৰিব৷ চূডান্ত চুক্তিৰ পূর্বে আলোচনাৰ বিষয়বস্তু সন্দর্ভত সম্পূর্ণ গোপনীয়তা ৰক্ষা কৰি চলিব লাগিব৷’
গ্রন্থকাৰ মেথিডজে ইয়াৰ পাছতে লিখিছে যে আলোচনাৰে ১৫–২০ দিনমান যোৱাৰ পাছত লাহে লাহে চন্দ্রশেখৰ আশাবাদী হৈ পৰে৷ তেনে সময়তে ভেইৰো সিং শেখাৱটে এদিন চন্দ্রশেখৰক কৈছিল, দুয়োপক্ষই সমস্যাটোৰ সমাধান হোৱা বিচাৰিছে৷ কিন্তু এটা সমস্যা আছে৷ দুয়োপক্ষৰ বিশাল সমর্থক বাহিনীয়ে সমাধান সূত্রৰ ক্ষেত্রত কিদৰে প্রতিক্রিয়া ব্যক্ত কৰে, তাকে লৈ দুয়োপক্ষ ডদ্বিগ্ণ৷ কিয়নো তেওঁলোকে সমর্থকসকলক ইমানেই বেছিকৈ আৱেগিক আৰু ডদ্বেলিত কৰি থৈছে যে সেইসকলক কিদৰে ধৰাতললৈ নমাই অনা যায়, সেইটো পথ যেন কাৰোৱেই হাতত নাছিল৷
কেইদিনমানৰ পাছত দুয়োপক্ষ সমাধান সূত্র লৈ প্রধানমন্ত্রীৰ কাষ চাপে৷ সেই অনুসৰি, মুছলমান পক্ষই হিন্দুৰ আৱেগৰ প্রতি লক্ষ্য ৰাখি আমি মছজিদটো হিন্দুক গতাই দিবলৈ ৰাজি আছোঁ বুলি কয়৷ তাৰ বাবে তেওঁলোকে দুটা চর্ত আগবঢ়ায়৷ প্রথমটো হ’ল, প্রধানমন্ত্রীয়ে বিকল্প ভূমি দিব লাগিব৷ দ্বিতীয়টো হ’ল, প্রধানমন্ত্রীয়ে এখন আইন প্রণয়ন কৰিব লাগিব যাতে ইয়াৰ পাছত তেনেধৰণৰ কোনো বিষয় পুনৰ মুকলি কৰা নহয়৷ ১৯৪৭ চনৰ ১৫ আগষ্টত থকা মছজিদটো মছজিদ আৰু মন্দিৰটো মন্দিৰ হৈ থাকিব৷ চর্ত দুটা সকলোপক্ষই গ্রহণ কৰিলে৷ কিন্তু হেঙাৰৰ সৃষ্টি কৰিলে ৰাজীৱ গান্ধীয়ে৷ কিন্তু কেনেকৈ?
শাৰদ পাৱাৰে মন্দিৰ–মছজিদ পক্ষৰ সৈতে চৰকাৰী স্তৰত গোপনে হৈ থকা আলোচনাৰ কথা সময়ে সময়ে ৰাজীৱ গান্ধীক জনাই থাকিল৷ লগতে ইমানখিনিও গম পালে যে ডভয়পক্ষ চুক্তি এখনত আবদ্ধ হ’বলৈ ওলাইছে৷ সকলো চূডান্ত হৈছে৷ শাৰদ পাৱাৰৰ পৰা গোপন বার্তা পাই ৰাজীৱ গান্ধীয়ে চন্দ্রশেখৰলৈ ফোন কৰে৷ তেওঁ কয় যে মই অতিকৈ সুখী যে আপুনি এইটো সম্ভৱ কৰি তুলিলে৷ মোক দুদিনৰ সময় দিয়ক৷ চুক্তিৰ কথাখিনি অধ্যয়ন কৰি লওঁ৷ এইদৰে ৰাজীৱ গান্ধীয়ে চুক্তিৰ বিষয়টো অধ্যয়ন কৰাৰ অচিলাৰে দুদিন সময় বিচাৰে আৰু দুদিনতে চৰকাৰখনৰ পতন ঘটায়৷ গ্রন্থকাৰ মেথিডজৰ মতে, ৰাজীৱ গান্ধীয়ে মন্দিৰ–মছজিদ বিবাদ সমাধানৰ কৃতিত্ব চন্দ্রশেখৰক দিয়াৰ পক্ষপাতী নাছিল৷ চন্দ্রশেখৰ জনপ্রিয় নেতা হৈ পৰাটো ৰাজীৱ গান্ধীয়ে কামনা কৰা নাছিল৷ ইয়াৰ বিপৰীতে সঠিক সময়ত নিজেই তাৰ কৃতিত্ব লোৱাৰ আশাৰে সমস্যাটো জীয়াই ৰাখিব বিচাৰিছিল৷
দেশখনক এইদৰে ১৯৯২ চনৰ ভয়াৱহ দিনটোলৈ ঠেলি দিয়া ৰাজীৱ গান্ধীৰ ৰাজনৈতিক চক্রান্তৰ বাবে পৰৱর্তী কালত মন্দিৰ–মছজিদক লৈ ভাৰতত সংঘাত–সংঘর্ষৰ অবাঞ্ছিত ইতিহাস ৰচনা হ’ল৷ চন্দ্রশেখৰক সমস্যাটো সমাধান কৰিবলৈ দিয়াহেঁতেন, পৰৱর্তী কালৰ ইতিহাস কি হ’লহেঁতেন এতিয়া সেই কংগ্রেছ দলটোৱে চিঞৰি ফুৰিব ধৰিছে, মন্দিৰ নির্মাণৰ কৃতিত্ব ৰাজীৱ গান্ধীৰ৷ ধিক এই ৰাজনীতি৷