অসম জুবিন গাৰ্গ কৃষি বিভাগৰ নহয়, আবকাৰী বিভাগৰহে “ব্ৰেণ্ড এম্বেছেডৰ” হোৱাৰ উপযুক্ত ! By নিয়মীয়া বাৰ্তা On Aug 12, 2020 Share নিয়মীয়া বাৰ্তা, ১২ আগষ্ট: যোৱা ৮ আগষ্টত কৃষিমন্ত্ৰী অতুল বৰাক দিছপুৰৰ আৱাসত এক বিশেষ আলোচনাত মিলিত হয় সপত্নীক জুবিন গাৰ্গ । মন্ত্ৰী অতুল বৰাই জুবিন গাৰ্গক অসমৰ কৃষি আৰু আনুষংগিক খণ্ডৰ “ব্ৰেণ্ড এম্বেছেডৰ” হোৱাৰ প্ৰস্তাৱ এই আলোচনাৰ মাজতে আগবঢ়ায় আৰু জুবিন গাৰ্গেও প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনায়৷ কিন্তু এই কথাত ক্ষুব্ধ হৈ পৰিছে একাংশ লোকৰ লগতে বহুকেইটা দল-সংগঠন । লগতে এই বিষয়ক লৈ একাংশ সৰৱ হৈ পৰিছে ছ’চিয়েল মিডিয়াত । ইয়াৰ সমান্তৰালকৈ বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সচিব প্ৰকাশ বৰুৱাই কৰিছে এক বিস্ফোৰক মন্তব্য । বৰুৱাই কৈছে- “জুবিন গাৰ্গ আবকাৰী বিভাগৰহে “ব্ৰেণ্ড এম্বেছেডৰ” হোৱাৰ যোগ্য ! তেওঁ কৃষি বিভাগৰ বিভিন্ন খেতিৰ বিষয়ে নাজানে । তেওঁ কেতিয়া মাটি চপাব লাগে, কেতিয়া আলি দিব লাগে তাৰ বিষয়ে ক’ব নোৱাৰে । তাৰ বিপৰীতে তেওঁ আবকাৰী বিভাগৰ বিষয়েহে ক’ব পাৰিব । কোনটো সুৰাৰ সৈতে কিমান পানী লাগিব তাৰ বিষয়েহে অধিক ক’ব পাৰিব ।” লগতে প্ৰকৃত কৃষকে চৰকাৰী সা-সুবিধা পোৱা নাই বুলিও কৃষি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে নেতাগৰাকীয়ে । Featured Share