চিৰাং জিলা স্বাস্থ্য সমিতিত ৬০ পদ খালী; সাক্ষাৎকাৰ ১৪ আগষ্টত
চিৰাং জিলা স্বাস্থ্য সমিতিৰ অধীনত ৰাষ্ট্রীয় স্বাস্থ্য মিছনে ৬০সংখ্যক পদ পূৰণৰ যো–জা কৰিছে৷ ইতিমধ্যে এই বিষয়ে জিলা উপায়ুক্ত–ধ্যক্ষই জিলা নির্বাচনী সমিতিৰ হৈ এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ বিজ্ঞানৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– চিকিৎসা বিষয়াৰ ২০টা৷ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছৰ ডিগ্রীধাৰী আৰু অসম চিকিৎসা পৰিষদ/ ভাৰতীয় আয়ুর্বিজ্ঞান পৰিষদত নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ বয়স ১ এপ্রিল, ২০২০লৈ সর্বোচ্চ ৬০ বছৰ৷
দৰমহাৰ নিৰিখ মাহে ৫০,০০০ টকা৷ ষ্টাফ নার্ছৰ ১৫টা পদ৷ বি এছ চি নার্ছিং/জি এন এম উত্তীর্ণ হোৱাৰ লগতে আছাম নার্ছেজ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ্ছ কাউঞ্চিলত নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ বয়স ১ এপ্রিল, ২০২০লৈ সর্বোচ্চ ৪৩ বছৰ৷ দৰমহাৰ নিৰিখ ১৮,০০০ টকা৷ এ এন এমৰ ১৫টা পদ৷ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা এ এন এম উত্তীর্ণ হোৱা হ’ব লাগিব৷ আছাম নার্ছেজ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰছ কাউঞ্চিলত নাম পঞ্জীয়নভুক্ত হোৱাটো জৰুৰী৷ বয়স ১ এপ্রিল, ২০২০লৈ সর্বোচ্চ ৪৩ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১৬,৫০০ টকা৷ চাফাই কর্মীৰ পদ ১০টা৷ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ সংশ্লিষ্ট খণ্ডত কর্মভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ প্রার্থী বাছনি সাক্ষাৎকাৰৰ মাধ্যমত কৰা হ’ব৷ সাক্ষাৎকাৰ ১৪ আগষ্ট, ২০২০ তাৰিখেConference Hall, DC Office Chirangত অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথিপত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপি আৰু পাছপোর্ট আকাৰৰ ফটো আনিব লাগিব৷