অসমত কৃষি বিপ্লৱৰ চর্চা পুৰণি৷ সম্প্রতি ক’ৰোনা ভাইৰাছ–আক্রান্ত অর্থনীতিক টনকিয়াল কৰাৰ চিন্তাত এনে চর্চা বাঢ়িছে৷ কিন্তু প্রকৃততে কৃষি বিপ্লৱৰ দ্বাৰা প্রদেশখনক উৎপাদনমুখী আৰু আর্থিকভাৱে আত্মনির্ভৰশীল কৰাটো মুখৰ কথা নহয়৷ ইয়াৰ বাবে সকলো পক্ষৰে অধ্যৱসায়, পৰিকল্পনা, দূৰদর্শিতা আৰু পৰিশ্রমৰ প্রয়োজন আছে৷ দুটামান কথা চুটিকৈ উনুকিয়াও– (১) ধানখেতিকেন্দ্রিক কৃষিsustainable নহয়৷ ধানখেতিৰ অসুবিধাবিলাকৰ ভিতৰত অত্যধিক পানী (আনহাতে বানেও ক্ষতি কৰে), পৰিশ্রম আৰু অন্যান্য উপাদানৰ প্রয়োজনীয়তা মাটিৰ অধিক উর্বৰতাৰ প্রয়োজনীয়তা আদি অন্যতম৷ গতিকে ভিন্ন পৰিস্থিতিৰ বাবে ভিন্ন ধানৰ জাত উদ্ভাৱনত জোৰ দিয়াতকৈ পৰিস্থিতি অনুসৰি বেলেগ বেলেগ শস্যৰ খেতিতহে গুৰুত্ব দিব লাগে৷ প্রতিকূল পৰিস্থিতিত ধানতকৈ অধিক উৎপাদন দিব পৰা স্থানীয় শস্য আছে৷ স্থানীয় জলবায়ুত খাপ খোৱা পথাৰ–শস্য আৰু উদ্যান–শস্যৰ খেতিও আৰম্ভ কৰিব পাৰি৷ (২) স্থানীয় ফলমূল–পাচলি, প্রস্তুত তথা সংৰক্ষিত খাদ্যৰ জনপ্রিয়কৰণ কৰা হওক৷ জনপ্রিয়কৰণ মানে মই অসমতে স্থানীয় আহাৰ উপলব্ধ হোটেল–ৰেস্তোৰাঁৰ কথাই কোৱা নাই কৈছোঁ বিশ্বজোৰা জনপ্রিয়কৰণৰ কথা৷ কেৰালাৰ কলৰ চিপ্ছ ইউৰোপৰ চুপাৰ মার্কেটত জিলিকিব পাৰিলে অসমৰ লেটেকুৱেও ৱালমার্টত ঠাই পাব পাৰে৷ (৩) উদ্যান শস্য আৰু ৰেচম – এই দুটাও অসমৰ প্রতিশ্রুতিসম্পন্ন কিন্তু তেনেই চালুকীয়া ক্ষেত্র৷ ফলমূল, কাঠ আৰু ৰেচমৰ উৎপাদনত প্রদেশখনক আগবঢ়াই নিবলৈ চৰকাৰ দূৰদর্শী পৰিকল্পনাৰে আগবাঢ়িব লাগে৷ (৪) অসমৰ চাহৰ আজি বজাৰ বেয়া ইয়াৰ মার্কেট–শ্বেয়াৰ কমিছে, কৃষি–ৰসায়নৰ বহুল প্রয়োগে চাহিদাও কমাইছে৷ তদুপৰি বিভিন্ন প্রকাৰৰ চাহৰ বহুল উৎপাদনো অসমত নহয় অসমত চাহ–খেতি আৰু উৎপাদন পৰম্পৰাগত৷ সেয়ে অসমৰ চাহক আধুনিক ৰূপত বিশ্বত চিনাকি কৰোৱাৰ প্রয়োজন৷ (৫) মাছ উৎপাদন অসমৰ এটা অত্যন্ত প্রতিশ্রুতিসম্পন্ন ক্ষেত্র৷ স্থানীয় মাছ, কুচিয়া, কেঁকোৰা, কাছ, কার্প–মাছ, খাদ্য–শামুক– এইবিলাকৰ উৎপাদন, সংসাধন আৰু মূল্য সংযোজনে প্রদেশখনৰ অর্থনীতিক বহু ওপৰলৈ লৈ যাব পাৰে৷ মাংস, কণী আৰু গাখীৰৰ উৎপাদনতো অসম পিছপৰা৷ এই খণ্ডবিলাকতো অসমে স্বাৱলম্বিতা লাভৰ প্রচেষ্টা চলাব লাগে৷ (৬) কৃষিৰ যান্ত্রিকীকৰণ অসমত পর্যাপ্ত হোৱা নাই কৃষকৰ প্রয়োজন অনুসৰি স্থানীয় উদ্ভাৱকসকলৰ সহযোগত কৃষিৰ উপযুক্ত যান্ত্রিকীকৰণ কৰিলে আয় আৰু আগ্রহ বাঢ়িব৷ (৭) সংসাধন আৰু মজুতকৰণৰ সুব্যৱস্থা কৃষি ব্যৱস্থাক অধিক উৎপাদনমুখী কৰাৰ ডাঙৰ উপকৰণ৷ সংসাধনে শস্যত মূল্য সংযোজন কৰে আৰু মজুতকৰণৰ দ্বাৰা উৎপাদনহীত ঋতুত অধিক মূল্য পাব পাৰি৷ কাগজ কল, মৰাপাট কল, চেনি কল– আগ্রহেৰে চলালে এইবোৰ উদ্যোগটো চলিবই, এনেকুৱা আৰু বহুকেইটা কৃষিভিত্তিক উদ্যোগৰ সম্ভাৱনাও অসমত আছে৷
কৃষিৰ অসুবিধা অনেক থাকিলেও অন্ততঃ ভাৰতবর্ষত কৃষিজাত সামগ্রীৰ চাহিদা নকমে বৰঞ্চ বাঢ়িহেই থাকিব৷ গতিকে আর্থিক আত্মনির্ভৰশীলতা পাবলৈ কৃষি আৰু আনুষংগিক খণ্ডবিলাকেই আটাইতকৈ সুবিধাৰ৷ কিন্তু আটাইতকৈ ডাঙৰ কথা স্বাধীনতাৰ আগৰে পৰাই অসমীয়াসকলে ব্যৱসায়ৰ প্রতি দেখুওৱা অৱজ্ঞা–ৱহেলা নেৰিলে কৃষি বিপ্লৱৰ সপোন মিছা৷ ইয়াৰ লগতে আমি, বিশেষকৈ নতুন প্রজন্মই, কর্ম সংস্কৃতিত অধিক গুৰুত্ব দিয়াৰ প্রয়োজন৷ আধুনিক প্রযুক্তিক কেৱল আৰাম–বিলাস আৰু মনোৰঞ্জনৰ আহিলাৰূপেই ব্যৱহাৰ নকৰি ইয়াৰ সম্ভাৱনাবিলাক অনুধাৱন কৰাৰ লগতে পৰিশ্রমৰ বিকল্প যে নাই, সেয়াও উপলব্ধি কৰাটো জৰুৰী৷ অসমৰ যুৱ প্রজন্মৰ মাজত দকৈ শিপাই পৰা সহজ উপার্জনৰ মানসিকতা সকলোৱে দূৰ কৰাৰ চেষ্টা কৰা উচিত৷ চৰকাৰ প্রশাসনেও মন কৰা ভাল যে বিনামূলীয়া আৰু সস্তীয়া দৰৰ আঁচনিবিলাকে এই মানসিকতাত প্রোৎসাহনহে যোগায় আমি ভাবোঁ, এনেবোৰ আঁচনি বন্ধ কৰাহে উচিত৷