নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে কোনো ৰাষ্ট্ৰীয় দল নহয়, অসমৰ আঞ্চলিকতাবাদী শক্তিৰ জৰিয়তেহে অসমৰ উন্নতি সম্ভৱঃ প্ৰফুল্ল কুমাৰ মহন্ত

পাৰ্বত্য জিলাত দলীয় কৰ্মীৰ কাষত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নিয়মীয়া বাৰ্তা, ১৪ আগষ্টঃ সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ দলীয় নেতা-কৰ্মীসকলক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি তৎপৰতা অব্যাহত ৰখাৰ সময়তে আজি পাহাৰীয়া জিলা কাৰ্বি আংলংত উপস্থিত হয় অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। কালিয়েই ডিমা হাছাও জিলাৰ পৰা আহি নিশা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত কটাই দলীয় নেতা-কৰ্মীসকলৰ সৈতে ভাব বিনিময়ৰ অন্তত আজি দুপৰীয়া বোকাজানত উপস্থিত হয় আঞ্চলিক দলটোৰ জেষ্ঠ নেতাগৰাকী।
বোকাজান ভ্ৰমণকালত আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় বিজেপি বিধায়ক ডাঃ নোমল ম’মিনক সাক্ষাৎ কৰাৰ লগতে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত কিছুদিন পূৰ্বে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰাক্তন অগপ নেতা তথা বিশিষ্ট সমাজকৰ্মী বাবুৰাম বে’ৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। সমাগত নিৰ্বাচনৰ পূৰ্বে বোকাজানৰ বিধায়কগৰাকীৰ সৈতে অগপ দলৰ জেষ্ঠ নেতাগৰাকীৰ এনে সাক্ষাতে গুৰুত্ব বহন কৰিছে যদিও উভয়পক্ষই এয়া এক সৌজন্যমূলক সাক্ষাৎ বুলিহে মন্তব্য কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰে পৰা দলটোৰ সৈতে সংযুক্ত হৈ থকা কৰ্মীসকলৰ মনোভাৱৰ বুজ লোৱাৰ বাবে পাহাৰীয়া এলেকাটোত উপস্থিত হোৱা বুলি অৱগত কৰে। বোকাজান ভ্ৰমণ কালত সাংবাদিকৰে হোৱা বাৰ্তালাপত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত শেহতীয়াকৈ “আছু”কে ধৰি কেইবাটাও শক্তিৰ উদ্যোগত একাধিক আঞ্চলিক দলে আত্মপ্ৰকাশ কৰাৰ প্ৰস্তুতি অব্যাহত ৰখাৰ প্ৰসঙ্গত স্পষ্ট মত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে যদিও আঞ্চলিকতাবাদ শক্তিশালী কৰি তোলাৰ স্বাৰ্থত সকলোৱে ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন অনুভৱ কৰি আঞ্চলিকতাবাদক শক্তিশালী কৰিবৰ বাবে আগুৱাই আহিব লাগিব বুলি মন্তব্য কৰে। এইক্ষেত্ৰত আছুৱেও সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি লগতে আশা প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে কোনো ৰাষ্ট্ৰীয় দল নহয় অথচ অসমৰ আঞ্চলিকতাবাদী শক্তিৰ জৰিয়তেহে অসমৰ উন্নতি সম্ভৱ বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে। অনাগত দিনত আঞ্চলিক শক্তিক শক্তিশালী কৰি তোলাৰ বাবে কাম কৰি যোৱাৰ সপক্ষে মত প্ৰকাশ কৰি আঞ্চলিক শক্তিক ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰে। আনহাতে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ সৈতে কোনোধৰণৰ সংঘাতৰ প্ৰসংগকো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
You might also like