নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩,৭৪৩টা শিক্ষকৰ পদ প্রাদেশিকীকৰণ

উচ্চ–মাধ্যমিক শিক্ষা

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ  মাধ্যমিক শিক্ষা বিভাগে প্রথম পর্যায়ত ৩৫৫খন নতুন মাধ্যমিক বিদ্যালয়ৰ বিপৰীতে ২,৮১২টা শিক্ষকৰ পদ প্রাদেশিকীকৰণৰ অনুমোদন লাভ কৰিছে৷ একে ধৰণে উচ্চ শিক্ষা বিভাগে ৯৩১টা অধ্যক্ষ, সহকাৰী অধ্যাপক আৰু টিউটৰৰ পদ প্রাদেশিকীকৰণৰ বাবে অনুমোদন লাভ কৰিছে৷ ইয়াৰে ২৪১টা পদ নতুনকৈ স্থাপন কৰা ২৭খন মহাবিদ্যালয়ৰ আৰু ৬৯০টা অতিৰিক্ত পদ পূর্বৰ প্রাদেশীকৃত মহাবিদ্যালয়ৰ৷ উল্লেখ্য যে ২০২১ চনৰ ১ জানুৱাৰীত প্রযোজ্য হোৱাকৈ শিক্ষা বিভাগে এই পদসমূহ ১৫ আগষ্টত প্রাদেশিকীকৰণ কৰাৰ কথা আছিল যদিও শেহতীয়াকৈ প্রাদেশিকীকৰণৰ চূড়ান্ত অনুমোদন শিক্ষা বিভাগসমূহে চলিত মাহৰ ২০ আগষ্টত চূড়ান্ত অনুমোদন জাৰি কৰিব৷ শিক্ষা বিভাগে শুকুৰবাৰে এক বিশেষ নির্দেশযোগে এই কথা স্পষ্ট কৰিছে৷

You might also like