আমেৰিকাবাসীৰ বাবে ড’নাল্ড ট্রাম্প এজন ‘ভুল ৰাষ্ট্রপতি’
প্রাক্তন ফার্ষ্ট লেডী মিছেল ওবামাৰ ক্ষুৰধাৰ সমালোচনা
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ ড’নাল্ড ট্রাম্প আমেৰিকাৰ এগৰাকী ‘ভুল ৰাষ্ট্রপতি’৷ শেহতীয়াকৈ আগন্তুক নৱেম্বৰ মাহত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনৰ বাবে ডেম’ক্রেটিক দলে আনুষ্ঠানিকভাৱে জ’ বিডেনক প্রার্থী ঘোষণা কৰাৰ প্রাকক্ষণত এই মন্তব্য কৰিছে প্রাক্তন ফার্ষ্ট লেডী মিছেল ওবামাই৷
ডেম’ক্রেটিক অভিৱর্তনলৈ এক আৱেগস্পর্শী বার্তা প্রেৰণৰ সময়ত মিছেল ওবামাই কয় যে ট্রাম্প আমেৰিকাবাসীৰ বাবে যোগ্য নেতা নহয়৷ এগৰাকী ভুল ৰাষ্ট্রপতি হিচাপে ট্রাম্প নির্বাচিত হৈছে বুলিও মিছেলে উল্লেখ কৰিছে৷
উল্লেখনীয় যে ট্রাম্পৰ কাম–কাজত ক্ষুব্ধ একাংশ ৰিপাব্লিকান পার্টীৰ সদস্যয়ো ডেম’ক্রেটিক এই অভিৱর্তনৰ সময়ত ৰাষ্ট্রপতিগৰাকীক সমালোচনা কৰিছে৷ আগন্তুক ৩ নৱেম্বৰত আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্রপতি নির্বাচন৷
ক’ভিড–১৯ মহামাৰীৰ বাবে ডেম’ক্রেটিক দলে অধিক গণ সমাৱেশ সংগঠিত কৰাৰ সিদ্ধান্ত পৰিহাৰ কৰিছে৷