নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্যৰ জয়… ন্যায়ালয়ৰ ৰায়ৰ পিছত অংকিতা লোখাণ্ডেৰ টুইট

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰবল চেষ্টাৰ পিছতো সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত মুম্বাই আৰক্ষীৰ পৰিৱৰ্তে চি বি আইৰ হাতত অৰ্পণ কৰিলে দেশৰ শীৰ্ষ আদালতে।

ইয়াকে লৈ কংগনা ৰাণাৱত, অক্ষয় কুমাৰ, সুশান্তৰ ভগ্নী আদি বহু আগশাৰীৰ অভিনেতা-অভিনেত্ৰীয়ে ন্যায়ালয়ৰ ৰায়ক সমৰ্থন জনোৱাৰ পিছত মত ব্যক্ত কৰিছে সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখাণ্ডেই।

সুশান্তৰ মৃত্যুত মৰ্মান্তিক বেদনা পোৱা প্ৰাক্তন প্ৰেমিকা অংকিতাই ন্যায়ালয়ৰ ৰায়দানক ন্যায়প্ৰাপ্তিৰ প্ৰথম খোজ বুলি আখ্যা দিছে। টুইটযোগে লোখাণ্ডে এইদৰে লিখে- ন্যায় প্ৰক্ৰিয়াত সত্যতা আছে, এয়া সত্যৰ জয়।

উল্লেখ্য সুশান্ত ৰাজপুতৰ আত্মহত্যাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল অংকিতা লোখাণ্ডেই। তেওঁ এয়া পৰিকল্পিত হত্যা বুলি উল্লেখ কৰাৰ লগতে বিভিন্ন মিডিয়াযোগে মৃত্যুৰ উচিত তদন্তৰ বাবে একপ্ৰকাৰ প্ৰচাৰ চলাই আছিল।

এগৰাকী প্ৰাক্তন প্ৰেমিকা হ’লেও সুশান্তৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতাই সকলোৰে হৃদয় চুবলৈ সক্ষম হৈছিল।

You might also like