নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানত পুনৰ ভয়ংকৰ বিপদৰ আশংকা

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: বাঘজানৰ তেলখাদত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকাত ত্রস্তমান হৈ আছে অঞ্চলটোৰ গাঁওবাসী৷ যিকোনো মুহূর্ততে বিজিআৰ–৫ত ভয়ংকৰ অগ্ণিকাণ্ড আৰু বিস্ফোৰণে পুনৰ জটিল পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা প্রকাশ কৰিছে অইল ইণ্ডিয়া লিমিটেড চমুকৈ অইলৰ সূত্রয়ো৷ কিয়নো পূর্বতকৈ অধিক চাপত এতিয়া কাৰিকৰী বিজুতিত বিধ্বস্ত খাদটোৰ পৰা নির্গত হৈছে ভূগর্ভৰ গেছ৷ এই মুহূর্তত অবিৰাম জুই জ্বলি আছে যদিও পৰিস্থিতি যিকোনো মুহূর্তত নিয়ন্ত্রণলৈ যোৱাৰ আশংকা বিশেষজ্ঞসকলে নুই কৰিব পৰা নাই৷ ফলত ৮৫ দিন উকলি যোৱাৰ পাছতো বাঘজান কাণ্ডক লৈ অনিশ্চয়তা দূৰ হোৱাৰ সলনি বৃদ্ধিহে পাইছে৷ স্মর্তব্য যে সোমবাৰে অ’এনজিচিৰ বৰোদা আৰু নাজিৰাৰ কাৰিকৰী বিশেষজ্ঞৰ দলে বি’পি ষ্টেক স্থাপন কৰি জুই নির্বাপণৰ আশা সঞ্চাৰ কৰিছিল যদিও কিলিং অপাৰেচনৰ সময়তে এনুলাছ ভাল্ব নষ্ট হয়৷ এই কাৰিকৰী বিজুতিৰ ফলত পুনৰ পূর্বৰ দৰেই জুই জ্বলা আৰম্ভ হয় খাদটোত৷ কেৱল সেয়ে নহয়, জ্বলন্ত খাদটোৰ পৰা বর্ধিত চাপত ভূগর্ভৰ গেছ নির্গত হোৱাৰ ফলত যিকোনো মুহূর্ততে ভয়ংকৰ বিপদ আহি পৰাৰ আশংকা কৰা হৈছে৷ স্মর্তব্য যে বি’পি ষ্টেক স্থাপন আৰু কিলিং অপাৰেচনৰ পূর্বে নির্গত গেছৰ চাপ আছিল ৪৫০০ পিএছআই (পাউণ্ড পাৰ স্কোৱেৰ ইন্স)৷ কিন্তু কালিৰ কাৰিকৰী বিজুতিৰ পাছত পি এছ আই ৫৩০০লৈ বৃদ্ধি পাইছে৷ অগ্ণি নির্বাপণৰ গোটেই প্রক্রিয়াটোৰ মূল দায়িত্বত নিয়োজিত ছিংগাপুৰ এলার্ট ডিজেষ্টাৰ কোম্পানীৰ বিশেষজ্ঞসকলে পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা অব্যাহত ৰাখিছে৷ প্লেন ‘এ’ ব্যর্থ হোৱাৰ পাছত এতিয়া বিকল্প ব্যৱস্থা গ্রহণৰ বাবে তৎপৰতা গ্রহণ কৰা হৈছে৷ ইয়াৰে এটা বিকল্প হ’ল ৰিলিফ ৱেল খনন৷ এই সন্দর্ভত সম্প্রতি জল্পনা–কল্পনা চলাই আছে বিশেষজ্ঞৰ দল আৰু অইলৰ কর্তৃপক্ষই৷ ইতিমধ্যে কেইবাটাও ৰিলিফ ৱেল খননৰ বাবে মাটি আবণ্টন দিবলৈ ৰাজ্য চৰকাৰক অইল ইণ্ডিয়াই আবেদন জনাইছে৷ অইলৰ বিবৃতিত প্রকাশ কৰা মতে আজি এই সন্দর্ভত বিশেষজ্ঞৰ দলৰে এক জৰুৰী আৰু গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰা হয়৷

                  মুহূর্ততে হেৰাই গ’ল মুখৰ হাঁহি

কালি বি’পি ষ্টেক সফলতাৰে স্থাপনৰ পাছতে দুর্ঘটনাগ্রস্ত খাদটোত নিয়োজিত সকলো বিশেষজ্ঞ আৰু কর্মচাৰীয়ে স্বস্তিৰ নিশ্বাস পেলাইছিল৷ মুখমণ্ডলত জিলিকি উঠিছিল প্রশান্তিৰ হাঁহি৷ কিন্তু নিমিষতে তেওঁলোকৰ মুখৰ হাঁহি হেৰাই গ’ল৷ উক্ত স্থানত কর্মৰত অইলৰ এজন কর্মচৰীয়ে ঘটনাৰ বর্ণনা দি কয়– ‘পুৱাৰ পৰাই এলার্ট, অ’এনজিচি আৰু অইল কর্মচাৰীসকলেKILLING LINES, BY PASS LINE সময়মতে লগাই শেষ কৰিছিল৷ একেদৰে শ্লামবার্জাৰ কোম্পানীয়েও তেওঁলোকৰkill line testing কৰাৰ পাছত ২ বাজি ৫০ মিনিটত এলার্টে বি’পিৰRAM বন্ধ কৰি দিছিল৷ লগে লগে জুই নুমাল আৰু কেপিং বি’পি ষ্টেক সম্পন্ন হ’ল৷ সকলোৰে মুখত হাঁহি–স্ফূর্তি৷ কাৰণ আজিৰ পৰা সকলো শেষ৷ তাৰ ঠিক ৫ মিনিট সময়ৰ পাছতেই এটা ব্লাষ্ট খাদৰ তলিতে হ’ল৷ লগে লগে আকৌ খাদৰ(well) পৰা গেছ নির্গত হ’বলৈ ধৰিলে৷ কর্মীসকলক ৱেলৰ পৰা নিৰাপদ স্থানলৈ পঠিয়াই দিয়া হ’ল৷ লগে লগে এলার্টে বি’পিৰRAM আকৌ খুলিলে৷ তাৰ পাছত সেনাবাহিনীৰ দ্বাৰা ৱেলত জুই লগাই দিয়া হ’ল৷ পাছলৈ অনুসন্ধানত ওলাল যে ১৩.৩/৮ ইন্সি কেচিঙৰ এনুলাচ ভাল্বটো উৰি গ’ল৷ অইলৰ উক্ত কর্মীগৰাকীয়ে বি’পি ষ্টেকটো পুনৰ খাদৰ পৰা উঠোৱাৰ আশংকা ব্যক্ত কৰি উল্লেখ কৰিছে যে এলার্টৰ প্লেন এ বিফল হোৱাত থাকিল প্লেন বি আৰু প্লেন চি৷ প্লেন বি অপাৰেচন কৰিবলৈ হ’লে ১৩.৩/৮ ইন্সি কেচিং আৰু ৯.৫/৮ ইন্সি কেচিং কাটি নতুনকৈ ৱেল হেড বনাব লাগিব৷ প্লেন বি সম্পন্ন কৰিবলৈ যথেষ্ট দীঘলীয়া সময়ৰ প্রয়োজনৰ লগতে ই জটিল আৰু সংকটপূর্ণ৷ লগতে বি’পিটো ৰিগ ডাউন অর্থাৎ পুনৰ খাদৰ মুখৰ পৰা উঠাই দিব লাগিব৷ ইফালে প্লেন বি অপাৰেচনক লৈ প্রয়োজনীয় আৰু দক্ষ বিশেষজ্ঞৰ ভাৰতবর্ষত অভাৱ৷ সেয়ে হয়তো অইল ইণ্ডিয়াই এতিয়া বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি প্লেন বি ত্যাগ কৰি বিকল্প প্লেন চিৰ ৰিলিফ ৱেল খনন কৰিবলৈ চৰকাৰৰ পৰা ভূমি আবণ্টন বিচাৰিব লগা হৈছে৷ ফলত বাঘজান পর্ব এতিয়া অধিক দীঘলীয়া হোৱাৰ আশংকা প্রকট হৈ পৰিছে৷

You might also like