এসময়ৰ ঘনিষ্ঠ ফণীভূষণ চৌধুৰীৰে প্রফুল্ল মহন্তৰ ৰুদ্ধদ্বাৰ বৈঠক
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম গণ পৰিষদৰ ভিতৰচ’ৰাত নেতৃত্বৰ মাজৰ ক্ষমতাকেন্দ্রিক সংঘাতে চৰম ৰূপ লৈছে৷ তাৰ মাজতে অহা ২৭ আগষ্টত অনুষ্ঠিত হ’ব দলটোৰ সাধাৰণ পৰিষদৰ বৈঠক৷ এই বৈঠকৰ পূর্বে যোৱা ১৬ আগষ্টত আমবাৰীৰ মুখ্য কার্যালয়ত অগপৰ জিলা সমিতিসমূহৰ আন এখন বৈঠক অনুষ্ঠিত হৈ যায়৷ উক্ত বৈঠকতে আৰু এটা কার্যকালৰ বাবে দলৰ সভাপতি হৈ থকাৰ পৰিকল্পনা প্রস্তুত কৰে অতুল বৰাই৷
লক্ষণীয়ভাৱে ১৬ আগষ্টৰ বৈঠকত উপস্থিত নাথাকিল অগপৰ প্রতিষ্ঠাপক সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তকে ধৰি জ্যেষ্ঠ বিধায়ক বৃন্দাবন গোস্বামী আৰু পবিন্দ্র ডেকা৷ ইয়াৰ পিছতে খবৰ ওলায় যে আকৌ এবাৰ সভাপতিৰ পদ দখল কৰিবলৈ প্রফুল্ল কুমাৰ মহন্তই কুচকাৱাজ আৰম্ভ কৰিছে৷ ইয়াকে লৈ ব্যাপক চর্চা অব্যাহত থকাৰ সময়তে মন্ত্রী তথা জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰী আৰু প্রফুল্ল কুমাৰ মহন্তৰ মাজত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়৷ দিছপুৰৰ কোৱার্টাৰত বিয়লি বেলা দীঘলীয়া সময় ধৰি আলোচনাত মিলিত হোৱাৰ পিছত মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে সকলো কথা সংবাদ মাধ্যমক অৱগত কৰিব নোৱাৰি৷ কিন্তু দলে দলৰ সদস্যসকলে যি দায়িত্ব দিয়ে, সেয়াই পালন কৰি যাব৷ প্রফুল্ল কুমাৰ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ বৈঠকে স্বাভাৱিকতে অগপৰ ভিতৰচ’ৰাত উৎকণ্ঠাৰ সৃষ্টি কৰিছে৷ কিয়নো নির্বাচন আয়োগৰ নিয়ম অনুসৰি অসম গণ পৰিষদে শীঘ্রে দলৰ অধিৱেশন অনুষ্ঠিত কৰিব লাগিব৷
ইয়াৰ বাবে ইতিমধ্যে অতুল বৰা আৰু প্রফুল্ল মহন্ত দুয়োটা শিবিৰতে নেতৃত্বকেন্দ্রিক সমীকৰণ আৰম্ভ হৈছে৷ মন্ত্রী ফণীভূষণ চৌধুৰী অতুল বৰা শিবিৰৰ বুলিয়ে পৰিচিত আছিল৷ কিন্তু শেহতীয়াকৈ অতুল বৰা আৰু কেশৱ মহন্তই জ্যেষ্ঠ নেতাগৰাকীক এলাগী কৰাৰ পৰিৱেশ ৰচনা কৰিছে৷ দলৰ মজিয়াত উপেক্ষিত অনুভৱ কৰা ফণীভূষণ চৌধুৰীয়ে প্রফুল্ল মহন্তৰ লগত বৈঠকত মিলিত হোৱাৰ খবৰ সেইবাবেই তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ আজিৰ বৈঠকে অগপৰ মাজত পুনৰ বিসম্বাদৰ উকমুকনি হোৱাটোৱে প্রতিফলিত কৰিছে৷ নির্বাচনৰ আগে আগে এই বিসম্বাদে স্বাভাৱিকতে অগপৰ প্রতি অশনি সংকেত কঢ়িয়াই আনিছে৷