লকডাউনৰ কৰুণ পৰিণতি : কণমানি সন্তানক এৰি থৈ দাৰিদ্র্যপিষ্ট দম্পতীৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: এফালে ক’ৰোনা মহামাৰীৰ সন্ত্রাস, আনফালে চৰকাৰৰ দীর্ঘদিনীয়া লকডাউন৷ এই লকডাউনৰ চৰম পৰিণতি পৰিলক্ষিত হ’ল বিলাসীপাৰাত৷ বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তর্গত ফুটকীবাৰীত যোৱানিশা দহ মান বজাত সংঘটিত হয় এক শোকাৱহ ঘটনা৷
প্রাপ্ত বাতৰি মতে দাৰিদ্র্যৰ তাডনাত আত্মহত্যা কৰে গাঁওখনৰ এক দম্পতীয়ে৷ বৃত্তিত টেম্পো চালক বিষ্ণু নাথ ওৰফে কনক নাথে দীর্ঘদিনীয়া লকডাউনৰ বাবে নিয়মিতভাৱে চলাব পৰা নাছিল নিজৰ টেম্পোখন৷ পৰিয়ালে জানিবলৈ দিয়া মতে, বন্ধন বেংকৰ পৰা ঋণ লৈ ক্রয় কৰা টেম্পোখন নিয়মিতভাৱে চলাব নোৱাৰাত আর্থিক দৈন্যত ভুগি থাকিবলগীয়া হৈছিল কনক নাথৰ পৰিয়ালটো৷ ফলত ঋণ পৰিশোধ কৰিব পৰা নাছিল নাথে৷ ফলত দম্পতীটোৱে কালি নিজ গৃহতে গাত কেৰাচিন ঢ়ালি জুই লগাই দিয়ে৷ পিছত শৰীৰৰ অধিকাংশ অংশ জ্বলি যোৱা দম্পতীটোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাত দম্পতীটোৰ মৃত্যু হয়৷ আত্মহত্যা কৰা দম্পতীটোৱে নিজৰ এটি তিনি বছৰীয়া পুত্র সন্তানক এৰি যায়৷ আর্থিক দৈন্যত ভুগি থকা দম্পতীটোৰ এনে চৰম সিদ্ধান্তই ঘাতমাউৰা কৰিলে তেওঁলোকৰ তিনি বছৰীয়া পুত্র সন্তানটিক৷ ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷