নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ নৱেম্বৰত গ্রহাণু ‘২০১৮ ভিপি–১’–এ খুন্দিয়াব পৃথিৱীত

নাছাৰ মতে গ্রহাণুটো পৃথিৱীৰ নিচেই ওচৰলৈ আহিব আৰু খুন্দিওৱাৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ ২০২০ চনৰ আন এক আশ্চর্যজনক মহাজাগতিক পৰিঘটনাৰ সম্ভাৱনা প্রকট হৈছে৷ অহা ২ নৱেম্বৰত ক্ষুদ্র গ্রহাণু ‘২০১৮ ভিপি–১’ পৃথিৱীৰ নিচেই ওচৰ চাপিব আৰু ই পৃথিৱীত খুন্দিওৱাৰ সম্ভাৱনা আছে৷ নাছাই প্রকাশ কৰা মতে, আমেৰিকা যুক্তৰাষ্ট্রৰ পৰৱর্তী নির্বাচনৰ এদিন আগত গ্রহাণুটোৱে পৃথিৱীৰ নিচেই ওচৰ অর্থাৎ ০.০০২ কিলোমিটাৰ ওচৰ চাপিব আৰু ই খুন্দিওৱাৰ ০.৪১ শতাংশ সম্ভাৱনা আছে৷ ২০১৮ চনত কেলিফর্নিয়াৰ কেল’মাৰ অবজাৰভেটৰীয়ে প্রথমবাৰৰ বাবে এই গ্রহাণুটো চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ এই গ্রহাণুটোৱে পৃথিৱীত খুন্দা মাৰিলেও বিশেষ ধৰণৰ প্রভাৱ পৰাৰ সম্ভাৱনা নাই বুলি নাছাৰ বিজ্ঞানীয়ে প্রকাশ কৰিছে৷ উল্লেখ্য যে বিগত সপ্তাহত এখন গাড়ীৰ সমান ডাঙৰ গ্রহাণু এটাই পৃথিৱীৰ নিচেই ওচৰেৰে অতিক্রম কৰি যোৱাৰ সময়তো পৃথিৱীত খুন্দিওৱাৰ সম্ভাৱনা আছিল যদিও এনেধৰণৰ ঘটনা সংঘটিত নহ’ল৷ নাছাৰ বিজ্ঞানীয়ে প্রকাশ কৰা মতে ১২.৯৬৮ দিনৰ ভিতৰত ২১ বাৰ নিৰীক্ষণ কৰাৰ অন্তত ক্ষুদ্র গ্রহাণুটোৱে পৃথিৱীত খুন্দিওৱাৰ সম্ভাৱনা আছে বুলি প্রকাশ কৰিছে৷

You might also like