আলোচনা ব্যর্থ হ’লেই সামৰিক শক্তিৰে প্রতিৰোধ কৰা হ’ব চীনৰ আগ্রাসন
বেইজিঙক সকীয়াই জেনেৰেল বিপিন ৰাৱাটৰ হুংকাৰ
নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ আলোচনা ব্যর্থ হ’লেই চীনৰ আগ্রাসন সামৰিক শক্তিৰে প্রতিৰোধ কৰা হ’ব বুলি কঠোৰ সকীয়নি দিছে চিডিএছ জেনেৰেল বিপিন ৰাৱাটে৷ লাডাখ সীমান্তত চীনৰ আগ্রাসী ভূমিকাক লৈ দুয়ো দেশৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে আজি চিডিএছ জেনেৰেল ৰাৱাটে প্রয়োজনসাপেক্ষে সামৰিক শক্তি ব্যৱহাৰ কৰি চীনক এশিকনি দিয়া হ’ব বুলি সকীয়নি দিয়ে৷ লাডাখকে ধৰি সীমান্তৱর্তী দেশৰ সেনাৰ ঘাটিত প্রতিৰক্ষা শক্তি বৃদ্ধি কৰি যিকোনো পৰিস্থিতিৰ বাবে ভাৰতীয় সেনা সাজু হৈ থকাৰ সময়তে চিডিএছ জেনেৰেল ৰাৱাটৰ মন্তব্য তাৎপর্যপূর্ণ৷ উল্লেখ্য যে লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ আক্রমণত কর্নেলসহ ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতেই সীমান্তত উত্তেজনা অব্যাহত আছে৷ দুয়ো দেশৰ সামৰিক বাহিনীৰ মেজৰ পর্যায়ৰ বিষয়াৰ উপস্থিতিত কেইবালানিও আলোচনা অনুষ্ঠিত হোৱাৰ পিছত লাডাখৰ এলএচিৰ সমীপৰ পৰা চীনে সেনা প্রত্যাহাৰৰ সহমতত উপনীত হয় যদিও বেইজিঙে এতিয়াও সম্পূর্ণকৈ সেনা প্রত্যাহাৰ কৰা নাই৷ ইয়াৰ সমান্তৰালকৈ চীনে লাডাখৰ এলএচিৰ সমীপৱর্তী অঞ্চলত দেশখনৰ সেনাৰ শক্তি বৃদ্ধি কৰি আছে৷ তদুপৰি উত্তৰাখণ্ড আৰু উত্তৰ–পূবৰ সীমান্তৰ সমীপতো বেইজিঙে সামৰিক বাহিনীৰ শক্তি বৃদ্ধি কৰি আছে৷ লাডাখকে ধৰি দেশৰ বিভিন্ন সীমান্ত অতিক্রম কৰি চীনৰ পি এল এই আগ্রাসন কৰাৰ কু–ভিসন্ধি ৰচনা কৰি আহিছে৷ লাডাখৰ এল এ চিত আগ্রাসী চীন আৰু ভাৰতৰ বিবাদ সমাধানৰ বাবে সামৰিক আৰু কূটনৈতিক পর্যায়ত আলোচনা বিফল হ’লে নতুন দিল্লীৰ বাবে সামৰিক শক্তি প্রয়োগৰ বিকল্প নাথাকিব বুলি চিডিএছ জেনেৰেল ৰাৱাটে কয়৷ মন কৰিবলগীয়া যে ২০১৭ চনত ডোকলামত পিএলএ আৰু ভাৰতীয় সেনাৰ মাজত ৭৩ দিন ধৰি চলি থকা উত্তেজনাৰ সময়তে সেনাৰ মুৰব্বী হিচাপে দায়িত্বত থকা জেনেৰেল ৰাৱাটে আজি কয় যে চীনৰ যিকোনো প্রত্যাহ্বানক প্রতিহত কৰিবলৈ ভাৰতীয় সেনা সম্পূর্ণ সাজু হৈ আছে৷ এইক্ষেত্রত সেনাৰ চোৰাংচোৱা সূত্রৰ সমন্বয়ৰ কোনো অভাৱ হোৱা নাই৷ কিছুদিন পূর্বে দুয়ো দেশৰ সেনাৰ মেজৰ পর্যায়ৰ বৈঠকত লাডাখৰ সীমান্তৱর্তী পেংয়ং সদৰৰ সমীপৰ ফিংগাৰ ফ’ৰ অঞ্চলৰ পৰা ভাৰতীয় সেনা প্রত্যাহাৰ কৰাৰ প্রস্তাৱ চীনে উত্থাপন কৰিছিল৷ চীনে এই প্রস্তাৱ উত্থাপন কৰি যদি ভাৰতীয় সেনা প্রত্যাহাৰ কৰা হয়, তেতিয়া হ’লে বেইজিঙেও সেনা পিছুৱাই লৈ যাব৷ কিন্তু ভাৰতে চীনৰ এই প্রস্তাৱ নাকচ কৰি চীনৰ ওচৰত লাডাখৰ পূব সীমান্তৰ সকলো স্থানত পূর্বৰ স্থিতি বাহাল ৰখাৰ দাবী উত্থাপন কৰে৷ কিন্তু সেই ক্ষেত্রত দুয়ো দেশে সহমতত উপনীত হ’ব নোৱাৰিলে৷ ফলত লাডাখৰ এলএচিৰ সমীপৱর্তী অঞ্চলকেইটাক লৈ দুয়ো দেশৰ মাজত উত্তেজনা অব্যাহত আছে৷