নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ ক’ৰোনা পৰীক্ষাক কেন্দ্র কৰি একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে মুমূর্ষু ৰোগীৰ ক্ষেত্রত দেখুওৱা চৰম অৱহেলাৰ ফলত ৰাজ্যৰ বিভিন্ন জিলাত বিনাচিকিৎসাই বহু ৰোগীৰ মৃত্যু হৈছে৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় তথা নার্ছিং হোমৰ এনে চৰম অৱহেলাৰ বাবেই শেহতীয়াকৈ তিনিচুকীয়াৰ কন্যা তথা মার্ঘেৰিটাৰ বোৱাৰী ৰাজশ্রী বৰঠাকুৰ নামৰ মহিলা এগৰাকীয়ে ১৪ ঘণ্টা ধৰি চিকিৎসা নাপাই মৃত্যুমুখত পৰিছে৷ এই বিষয়টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ এনে ঘটনাক কেন্দ্র কৰিয়ে তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ৷ ৰাজশ্রী বৰঠাকুৰৰ দৰে যাতে দ্বিতীয় ঘটনা সংঘটিত নহয়, তাৰ বাবে নার্ছিং হোমসমূহলৈ কঠোৰ নির্দেশনা জাৰি কৰিব স্বাস্থ্য বিভাগে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত কয়– কোনো নার্ছিং হোমে ক’ৰোনা পৰীক্ষাৰ নামত ৰোগী চিকিৎসা নকৰাকৈ থাকিব নোৱাৰিব৷ প্রয়োজনত পিপিই কিট পৰিধান কৰি হ’লেও চিকিৎসা কৰিব লাগিব৷ নার্ছিং হোমসমূহে এনে ৰোগীৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰিও চিকিৎসা প্রদান কৰিব পাৰে৷ গতিকে কোনো অজুহাত গ্রহণ কৰা নহ’ব৷ ১ ছেপ্ঢেম্বৰৰ পৰা স্বাস্থ্য বিভাগে এক নির্দেশনা জাৰি কৰিব৷ যাৰ দ্বাৰা ৰোগীক ক’ৰোনা পৰীক্ষাৰ নামত হাৰাশাস্তি কৰিলে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ মন কৰিবলগীয়া যে ষ্ট্রোকত আক্রান্ত ৰাজশ্রী বৰঠাকুৰৰ মৃত্যুৰ ঘটনা সম্পর্কত তেওঁৰ বৌৱেক ৰূপাঞ্জলি চেতিয়াই ফেচবুকযোগে সমস্ত ঘটনা বিৱৰি এটা পোষ্ট দিয়ে৷ যাৰ দ্বাৰা উন্মোচিত হয় কিদৰে এগৰাকী ৫ মহীয়া সন্তানৰ মাতৃক ক’ভিড পৰীক্ষাৰ নামত মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ’ল৷ প্রেছাৰ ষ্ট্র’কত আক্রান্ত ৰাজশ্রী বৰঠাকুৰক ২০ আগষ্টত তিনিচুকীয়াৰ আৰ চি মেম’ৰিয়েল হাস্পতাললৈ নিয়া হৈছিল যদিও ক’ৰোনা পৰীক্ষা নোহোৱাৰ বাবে চিকিৎসালয়ৰ গেটৰ পৰাই ওভতাই পঠিওৱা হয়৷ পৰিয়ালৰ লোকে এখনৰ পিছত আন এখন চিকিৎসালয়লৈ নিয়ে যদিও কোনো এখন চিকিৎসালয়ে মহিলাগৰাকীক ক’ভিড টেষ্টৰ দোহাই দি চিকিৎসা নকৰিলে৷ ফলত ১৪ ঘণ্টা ধৰি চিকিৎসা নাপাই মৃত্যুক সাবটি লয় ৰাজশ্রী বৰঠাকুৰে৷ এই ঘটনাক ফেচবুকযোগে ৰূপাঞ্জলি চেতিয়াই উদঙাই দিয়াত ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ঘটনা সন্দর্ভত আজি স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয়– এনে অমানৱীয় ঘটনা হৈ আছে৷ আমি ইয়াক প্রত্যক্ষ কৰিছোঁ৷ আমি ইয়াৰ বাবে এক নির্দেশনা জাৰি কৰিম৷ যদি কোনো চিকিৎসকে ক’ৰোনা আক্রান্তৰ সম্ভাৱনাক লৈ ৰোগীক চিকিৎসা নকৰে, তেন্তে তেনে চিকিৎসকৰ বিৰুদ্ধে নৈতিক কৈফিয়ৎ উত্থাপন কৰা হ’ব৷ প্রয়োজনত তেওঁ পিপিই কিট পিন্ধি চিকিৎসা কৰিব লাগিব৷ কিয়নো নিউৰ’লজিকেল ঘটনাত এজন ৰোগীক বচাবলৈ দুঘণ্টাৰ সময় থাকে৷ এনে অৱস্থাত যদি চিকিৎসকে ক’ভিড পৰীক্ষাৰ প্রমাণ–পত্র বিচাৰি থাকে, তেন্তে কেনেকৈ হ’ব৷ অৱশ্যে চিকিৎসকসকলৰ সুৰক্ষাটোও গুৰুত্বপূর্ণ৷ সেয়ে যদি ক’ৰোনা ভেকচিন আহে, তেন্তে প্রথমে চিকিৎসকসকলক এই ভেকচিন দিয়াৰ কথা চিন্তা কৰা হৈছে৷ এতিয়া ক’ভিড ৰোগীৰ বাবে বহু চিকিৎসালয় ক’ৰোনাত আক্রান্ত নোহোৱা ৰোগীৰ হাৰাশাস্তি হৈছে৷ জিএমচিএইচত ১৯০০ ৰোগী আছে৷ ইয়াৰে প্রায় ৬০০ ৰোগী ক’ৰোনা আক্রান্ত৷ বাকী ১৩০০ ৰোগীৰ অন্য বেমাৰ আছে৷ গতিকে সকলো দিশ চাব লাগিব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ পুনৰ কয়– এই বিষয়বোৰৰ বাবে অহা ১ ছেপ্ঢেম্বৰৰ পৰা জি এম চি এইচত ২২০০ টকাত ক’ৰোনা পৰীক্ষা কৰা হ’ব৷ আৰ টি পি চি আৰে এই পৰীক্ষাৰ ফলাফল ২৪ ঘণ্টাৰ ভিতৰত দিব৷ ইয়াৰ বাবে পৃথকে মেচিন ৰখা হ’ব৷ বিপিএল পৰিয়ালৰ বাবে এই পৰীক্ষা বিনামূলীয়া হ’ব৷ কোনো নার্ছিং হোমে ক’ভিড পৰীক্ষাৰ ফলাফল বিচাৰিলে ২৪ ঘণ্টাত ফলাফল দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ একেদৰে নার্ছিং হোমবোৰে পিপিই কিটৰ বাবেও ৪০০০–৪৫০০ টকা বিচৰা বুলি অভিযোগ উঠিছে৷ গতিকে জিএমচিএইচত এই পিপিইকিট ৮০০ টকাত দিয়া হ’ব৷ আমি নার্ছিং হোমবোৰক কৈছোঁ ক’ৰোনা টেষ্টৰ বাবে অধিক ধন নল’ব৷ মন্ত্রীগৰাকীয়ে কয় যে জি এম চি এইচত পিপিই কিট পিন্ধি চিকিৎসকে নিউৰ’ ছার্জাৰী কৰিছে৷ ১০০টাতকৈ অধিক চিজাৰিয়ান ডেলিভাৰী কৰা হৈছে৷ ইফালে ক’ৰোনাৰ প্রভাৱৰ ফলত ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত কিড্নী ৰোগত আক্রান্ত হৈ থকা বহু ৰোগীৰ মৃত্যু ঘটা বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ কয়– ক’ৰোনাত মৃত্যু হোৱা ৮০ শতাংশ লোক কিড্নীৰ ৰোগত আক্রান্ত আছিল৷ গতিকে বিষয়বোৰ অতি চিন্তনীয়৷ ডিব্রুগড় চিকিৎসা মহাবিদ্যালয়তে ৪৫০জন গুৰুতৰ ক’ৰোনা ৰোগী আছে৷ জিএমচিএইচত ৬০০গৰাকী আছে৷