যাৰ লগত থাকিলে সুবিধা হয় বিপিএফ তাতেই থাকিবঃ হাগ্রামা
বিপিএফত যোগদান ৰঞ্জন দৈমাৰীৰ ভগ্ণী অঞ্জলি দৈমাৰীৰ
নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ ‘বিটিআৰ চুক্তি বিটিচি চুক্তিৰ দৰে সকলোৰে সম–উন্নয়ন কৰা চুক্তি নহয়৷ বিটিআৰ চুক্তি বড়ো–বড়োৰ মাজত সংঘাত লগোৱা এক ভয়ংকৰ চুক্তি৷ এবছুৰ তেতিয়াৰ সভাপতি (বর্তমান ইউপিপিএলৰ সভাপতি) প্রমোদ বড়োৱে সকলোকে অন্ধকাৰত ৰাখি কেৱল বড়োসকলৰ বাবে এই চুক্তি সম্পাদন কৰিছিল৷ ইয়াৰ সকলো দফা কার্যকৰী কৰিবলৈ গ’লে বড়ো আৰু অবড়োৰ মাজত এক ভয়ংকৰ সংঘাতৰ সৃষ্টি হ’ব৷’– এই মন্তব্য বিপিএফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ৷ আজি ওদালগুৰিত অনুষ্ঠিত বিপিএফৰ এক বিশাল যোগদান সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণৰ পিছত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত বিপিএফৰ সভাপতি মহিলাৰীয়ে সমাগত পৰিষদীয় নির্বাচনত ৩০খন আসন লাভেৰে বিপিএফে পুনৰ বিটিচিৰ ক্ষমতা দখল কৰিব বুলি দাবী কৰে৷ নির্বাচনত ইউপিপিএলেই বিপিএফৰ মূল প্রতিদ্বন্দ্বী হোৱাৰ কথা উল্লেখ কৰি তেওঁ সাংবাদিকক বিটিআৰ চুক্তিখন ভালদৰে অধ্যয়ন কৰিছে নে নাই বুলি প্রশ্ণ কৰে৷ যোৱা ২৭ জানুৱাৰীত এনডিএফবিৰ চাৰিওটা গোটৰ লগতে এবছু আৰু কেন্দ্র–ৰাজ্য চৰকাৰৰ মাজত সম্পাদিত তৃতীয় বড়ো শান্তি চুক্তিৰ প্রসংগত বিপিএফৰ সভাপতি মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তিত কেৱল বড়ো (শব্দ)সকলৰ কথাহে উল্লেখ কৰা হৈছে৷ এই চুক্তিত অন্য কোনো জাতি–জনগোষ্ঠীৰ কথা উল্লেখ নাই৷ চুক্তিখন ৰূপায়ণ হ’লে সকলো শেষ হৈ যাব৷ বড়ো–বড়োৰ মাজত সংঘাতৰ সৃষ্টি হ’ব আৰু প্রমোদ বড়োৱে সংঘাত লগাই জাতিটোক শেষ কৰি পেলাব৷ তেওঁ দাবী কৰা মতে, বিটিচি চুক্তিখন একপক্ষীয় চুক্তি নাছিল৷ ৰাজ্যৰ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপট বিশেষকৈ কংগ্রেছ–এআইইউডিএফৰ্ বহু চর্চিত মিত্রতা সন্দর্ভত সাংবাদিকে কৰা প্রশ্ণৰ বিপৰীতে বিপিএফৰ সভাপতিজনৰ স্পষ্ট উত্তৰ আছিল এনেধৰণৰ– বিপিএফ হ’ল এটা সৰু দল৷ সেয়েহে ৰাজ্যৰ ৰাজনীতিৰ কথা আমি এতিয়াই নকওঁ৷ বিটিচি নির্বাচনত জয়ী হৈ চৰকাৰ গঠনৰ পিছতহে ৰাজ্যৰ ৰাজনীতিৰ বিষয়ে আমি মন্তব্য কৰিম৷ অৱশ্যে বিজেপিৰ বিৰুদ্ধে কংগ্রেছৰ মহাজোঁটবন্ধনলৈ বিপিএফৰ বাবে দুৱাৰ মুকলি ৰখাৰ প্রসংগ উনুকিয়াই দিয়াত তেওঁ কয় যে বিপিএফ হ’ল সুবিধাবাদীৰ দল৷ যাৰ লগত থাকিলে আমাৰ সুবিধা হ’ব আমি তাতে থাকিম৷ কোনোবাই দুৱাৰ খোলা ৰখা বন্ধ ৰখাৰ কথা আমি চিন্তা নকৰোঁ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী তথা ওদালগুৰি জিলা বিপিএফৰ সভাপতি ৰিহণ দৈমাৰীৰ সভাপতিত্বত আজি অনুষ্ঠিত সভাত আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে বড়ো উইমেন জাষ্টিচ ফ’ৰামৰ সভানেত্রী তথা এনডিএফবিৰ প্রতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ ভগ্ণী অঞ্জলি দৈমাৰীয়ে৷ বিপিএফৰ সভাপতি মহিলাৰীয়ে দৈমাৰীৰ হাতত তুলি দিয়ে নাঙলৰ চিহ্ণসম্বলিত দলীয় পতাকা৷ আজিৰ সভাতেই দৈমাৰীক বিপিএফৰ অন্যতম সম্পাদিকাৰ দায়িত্ব অর্পণ কৰা হয়৷ সভাত উপস্থিত থাকি বিপিএফৰ শীর্ষ নেতা তথা ৰাজ্য চৰকাৰৰ পর্যটন বিভাগৰ মন্ত্রী চন্দন ব্রহ্মই নিজ ভাষণত বিটিচিত বিপিএফৰ বাহিৰে আন কোনো ৰাজনৈতিক দলে প্রভাৱ বিস্তাৰ কৰিব নোৱাৰে বুলি দাবী কৰে৷ সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়েও ভাষণ ৰাখে৷ বিপিএফত আনুষ্ঠানিকভাৱে যোগদানৰ পিছত বড়ো উইমেন জাষ্টিচ ফ’ৰামৰ সভানেত্রী দৈমাৰীয়ে কয় যে বিপিএফৰ নীতি–আদর্শৰ প্রতি আকর্ষিত হৈ আৰু হাগ্রামা মহিলাৰীৰ নেতৃত্বত সকলো জাতি–জনগোষ্ঠীৰ সম–উন্নয়নৰ হকে কাম কৰাৰ বাবেই মই বিপিএফত যোগদানৰ সিদ্ধান্ত গ্রহণ কৰিলোঁ৷ অৱশ্যে পিছত সংবাদ মাধ্যমৰ আগত আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতাৰ চিন্তা–চর্চা এতিয়াই কৰা নাই বুলি তেওঁ সদৰী কৰে৷