নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এটা টুইটে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত৷ আসন্ন বিধানসভা নির্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক বতাহ ক্রমশঃ উত্তপ্ত হৈ অহাৰ সময়তে সোমবাৰে সন্ধিয়া টুইটাৰত ড০ হিমন্ত বিশ্ব শর্মাই আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগ্রহী নহয় বুলি প্রকাশ কৰে৷ উল্লেখ্য যে মন্ত্রী ড০ শর্মাই প্রথম টুইটটোত উল্লেখ কৰিছিল– ‘কিছু লোকে মই পদ আৰু পদবীৰ প্রতি আগ্রহী বুলি অনুভৱ কৰে৷ কিন্তু মোৰ একমাত্র আকাংক্ষা ১০০ প্লাছ আসনেৰে বিজেপি চৰকাৰ প্রত্যক্ষ কৰা৷ শেহতীয়া কেইমাহত মই ৰাজ্যখনৰ বাবে যিমানদূৰ সম্ভৱ কাম কৰিব বিচাৰিছোঁ, যিয়ে মোক আত্মিক সন্তুষ্টি প্রদান কৰিব বুলি বিশ্বাস কৰিছোঁ৷ ‘জননী জন্মভূমিশ্ব স্বর্গাদপি গৰীয়সী৷’ এই টুইটটোৰ প্রায় এঘণ্টামান পিছতেই আন এক টুইটত মন্ত্রী ড০ শর্মাই স্পষ্ট ভাষাৰে উল্লেখ কৰে– ‘মই ইতিমধ্যে বহু ৰাজহুৱা মঞ্চত আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগ্রহী নহয় বুলি প্রকাশ কৰি আহিছোঁ৷ নির্বাচনত মোৰ দল আৰু ৰাজ্যখনৰ বাবে সেৱা আগবঢ়োৱাতহে মোৰ কাম–কাজ সীমাবদ্ধ ৰাখিব বিচাৰোঁ৷ অসমৰ ভৱিষ্যতৰ বাবে আমাক এখন শক্তিশালী ৰাষ্ট্রবাদী চৰকাৰৰ প্রয়োজন৷’ এই দুয়োটা টুইটে এতিয়া ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰিছে৷ বিশেষকৈ নির্বাচনলৈ ৮ মাহ বাকী থকা সময়ত ৰাজ্যৰ গুৰুত্বপূর্ণ জ্যেষ্ঠ মন্ত্রীজনে নির্বাচনত প্রতিদ্বন্দ্বিতাৰ প্রতি অনীহা প্রকাশ কৰাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷ উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নির্বাচনত অসমত বিজেপি চৰকাৰ গঠন আৰু ২০১৯ৰ লোকসভা নির্বাচনত বিজেপিৰ জয়লাভৰ ক্ষেত্রত মন্ত্রী ড০ শর্মাই সবাটোকৈ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ দুয়োটা নির্বাচনতে বিজেপিৰ ৰণকৌশল প্রস্তুতৰ মূল ব্যক্তিজনেই আছিল ড০ হিমন্ত বিশ্ব শর্মা৷ তাৎপর্যপূর্ণভাৱে উত্তৰ–পূর্বাঞ্চলত বিজেপিয়ে বিভিন্ন আঞ্চলিক দলৰ সৈতে মিত্রতা স্থাপন কৰি গঠন কৰা নর্থ–ইষ্ট ডেমক্রেটিক এলায়েঞ্চ চমুকৈ নেডাৰো আহ্বায়ক ড০ শর্মা৷ নেডাৰ আহ্বায়ক হিচাপে অৰুণাচল প্রদেশ, মণিপুৰ, নাগালেণ্ড, ত্রিপুৰা, মেঘালয় আদি ৰাজ্যত বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠনৰ ক্ষেত্রত ড০ শর্মাৰ ভূমিকা আছিল গুৰুত্বপূর্ণ৷ বিভিন্ন সময়ত এই ৰাজ্যসমূহত সৃষ্টি হোৱা ৰাজনৈতিক সংকট মোচনৰ দায়িত্বও বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই তেওঁৰ ওপৰতে অর্পণ কৰি আহিছে৷ বিগত কিছুদিন ধৰি মন্ত্রী ড০ শর্মাই বিভিন্ন ৰাজহুৱা সভা–সমিতি আৰু সাক্ষাতকাৰত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রতি অনীহাৰ ইংগিত প্রদান কৰি আহিছিল যদিও সোমবাৰে নিজ টুইটাৰ একাউণ্টত এনে ভাষ্য প্রদান কৰাৰ পিছত বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে৷ শেহতীয়াকৈ মন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমত টুইটাৰযোগে নিজৰ গুৰুত্বপূর্ণ বক্তব্য আৰু আনুষ্ঠানিক ঘোষণাসমূহ সদৰী কৰি আহিছে৷ এই দৃষ্টিকোণৰ পৰাই মন্ত্রী ড০ শর্মাৰ দুয়োটা টুইট আনুষ্ঠানিক ভাষ্য হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য যে আগন্তুক বিধানসভা নির্বাচনক লৈ শেহতীয়াকৈ ক্রমশঃ উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি৷ বিৰোধী দল কংগ্রেছে ইতিমধ্যে এআইইউডিএফৰে মিত্রতা স্থাপন কৰি আসন্ন নির্বাচনৰ জৰিয়তে ৰাজ্যৰ শাসনভাৰ দখলৰ সপোন দেখিছে৷ ঈপ্সিত সেই লক্ষ্যত উপনীত হোৱাৰ বাবে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ উপৰি বাঁওপন্থী দল, ক্ষুদ্র ক্ষুদ্র আঞ্চলিক দল, জনগোষ্ঠীয় সংগঠন আদিৰ সৈতে মহাজোঁট গঠন কৰাৰ কুচকাৱাজ চলাই আছে৷ বিৰোধীৰ এই তৎপৰতাৰ বিপৰীতে নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্ঢানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে কংগ্রেছ–এআইইউডিএফৰ্ আসনৰ সংখ্যা ২৫ৰ পৰা ৩০ৰ ভিতৰত সীমাবদ্ধ ৰাখিব বুলি অংগীকাৰ কৰি বিজেপিয়ে ১০০ৰো অধিক আসন দখলেৰে পুনৰ চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে৷ আনকি কংগ্রেছ–এআইইউডিএফৰ্ তৎপৰতাক কটাক্ষ কৰি কালি তেওঁ সংবাদ মাধ্যমৰ আগত বিজেপিয়ে ৰাজভৱনত ১০০ বিধায়ক হাজিৰ কৰাব বুলিও তাৎপর্যপূর্ণ মন্তব্য প্রকাশ কৰিছিল৷ ইয়াৰ পিছতে আজি সন্ধিয়া মন্ত্রী শর্মাই টুইটাৰযোগে প্রকাশ কৰা নিজ ভাষ্য আগন্তুক ৰাজ্যৰ ৰাজনীতিৰ বাবে দিক্ নির্ণায়ক বিষয় ৰূপে চিহ্ণিত হৈছে৷