নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিলৈ আহিল সীমান্ত শেখৰ দীপক শর্মা, পংকজ ইংতিসহ ২৯ শিল্পী

ৰাজনৈতিক দলে দলে উঠিছে শিল্পীৰ যোগদানৰ উজান

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ  বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ শিল্পী সমাজেও ৰাজনৈতিক বসন পৰিধান কৰিবলৈ আৰম্ভ কৰিছে৷ প্রতিটো ৰাজনৈতিক দলৰ মাজত নির্বাচনী তৎপৰতা চলি থকাৰ সময়তে সোমবাৰৰ দিনটোত ৰাজ্যখনৰ শিল্পীয়ে দলে দলে যোগদান কৰিলে শাসক দল বিজেপি আৰু বিৰোধী কংগ্রেছ দলত৷ বিজেপি দলত ২৭গৰাকী অভিনেতা–শিল্পীয়ে যোগদান কৰাৰ বিপৰীতে কংগ্রেছত ৪২গৰাকী শিল্পী আৰু কলা–কুশলীয়ে যোগদান কৰে৷ বিজেপিৰ ৰাজ্যিক কার্যালয় হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত আয়োজিত এটা যোগদান কার্যসূচীত অভিনেতা প্রাণজিৎ দাস, বাঁহীবাদক দীপক শর্মা, অভিনেত্রী ৰেৱা ফুকন, গায়ক সীমান্ত শেখৰ, অভিনেত্রী প্রাঞ্জনা দত্ত, বাঁহীবাদক প্রসন্ন বৰুৱা, শব্দযন্ত্রী কবিন্দ্র দাস, অভিনেতা পল ফুকন, কৰি’গ্রাফাৰ পংকজ ইংতি, গায়ক জয় চক্রৱর্তী, বিৰিণা পাঠক, বিহুনৃত্য শিল্পী ড্রিমলী গগৈ, গায়িকা প্রতিমা দেৱী, অভিনেতা বিকাশ ভৰদ্বাজ, পল্লৱ পৱন বৰা, কণ্ঠশিল্পী অংকুৰাণী শর্মা, অভিনেতা কিশোৰ দাস, সিদ্ধান্ত কলিতা, ধ্রুৱ কাশ্যপ, জয়শ্রী গোস্বামী, ফেশ্বন ডিজাইনাৰ ৰিত্তিকা হাজৰিকা, অভিনেতা বৈকুণ্ঠ পাঠক, ঋষভ শর্মা, সংগীত পৰিচালক বিজয় কাশ্যপ, গায়ক আৰোহণ বৰদলৈ আৰু প্রিয়ংকা কলিতাই বিজেপিত যোগদান কৰে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত তেওঁলোকে গেৰুৱা বসন পৰিধান কৰে৷ ইপিনে, দিছপুৰৰ মানৱেন্দ্র শর্মা কমপ্লেক্সত প্রদেশ কংগ্রেছে আয়োজন কৰা এটা অনুষ্ঠানত ৪২গৰাকী শিল্পী, কলা–কুশলীয়ে কংগ্রেছ দলৰ সদস্য পদ গ্রহণ কৰে৷ কংগ্রেছত যোগদান কৰা শিল্পী আৰু কলা–কুশলীসকল হৈছে– সংগীত শিল্পী বাবু বৰুৱা, নেকিবুৰ হুছেইন, সংগীত পৰিচালক অজয় ফুকন, সুৰকাৰ চন্দন কাকতি, সংগীত শিল্পী ঋষি বৰুৱা, ইভেণ্ট মেনেজমেণ্ট, ডিম্বেশ্বৰ শর্মা, সুৰকাৰ গিৰীন্দ্র কলিতা, ভিডি’ পৰিচালক জিতেন ভূঞা, অভিনেত্রী জুনজুন বৰা, নৃত্য পৰিচালক ৰূপজ্যোতি চৌধুৰী বৰুৱা, সমাজসেৱক ৰবীন ৰাজবংশী, সংগীত শিল্পী ভগৱান পাঠক, সমাজসেৱক প্রাঞ্জল বৰুৱা, হেমন্ত নেওগ, ৰিপুঞ্জয় বৰদলৈ, অভিনেতা দেৱ, সংগীত শিল্পী তানা দেৱৰাজ, সমাজসেৱক বিপুল শইকীয়া, গীতিকাৰ শোণিত গগৈ, নৃত্য পৰিচালক ৰিণ্টু চৌধুৰী, সংগীত শিল্পী এলিন মহন্ত, সুৰকাৰ মৃণাল শইকীয়া, সমাজসেৱক দীপক শইকীয়া, সুৰকাৰ সমৰ কাশ্যপ, প্রকাডক্চন মেনেজাৰ মনোজ ৰাজ, অভিনেত্রী পিংকী বৰা, কৰি’গ্রাফাৰ ৰাজু দাস, সমাজসেৱক মাধুর্য শইকীয়া, সুৰকাৰ দেৱোত্তম কুমাৰ শইকীয়া, বিহুনৃত্য শিল্পী ৰেৱা দাস, সমাজসেৱক শান্তনু গগৈ, কৰি’গ্রাফাৰ সুৰেশ মেধি, ভিডি’ এডিটৰ বিটুল কোঁৱৰ, কৰি’গ্রাফাৰ অঞ্জন ডেকা, দেউৰী শিল্পী সঞ্জীৱচিৰাম দেউৰী, কণ্ঠশিল্পী অনুপ শইকীয়া, হৰিপ্রসাদ দেউৰী, অভিনেত্রী ৰিয়া, সমাজসেৱক গণেশ দাস, গীতিকাৰ চন্দন কাকতি, সমাজসেৱক অনুপ দাস আৰু বলেন দাস৷ বৃহৎসংখ্যক কলা–কুশলীয়ে কংগ্রেছত যোগদান কৰা এই অনুষ্ঠানৰ ফলত সোমবাৰে মানৱেন্দ্র শর্মা কমপ্লেক্স ‘কা’বিৰোধী গীতেৰে মুখৰিত হৈ পৰাৰ লগতে জনপ্রিয় শিল্পী বাবুৱে ‘পেডেল মাৰি মাৰি কংগ্রেছলৈ যাওঁ’ আৰু নেকিব হিচাপে পৰিচিত নেকিবুল হুছেইনে ‘টেক্সি গাড়ী চলাই কংগ্রেছৰ সভালৈ যাওঁ’ গীত পৰিৱেশন কৰে৷ শিল্পী বাবুৱে পশ্চিম গুৱাহাটীত, নেকিবে হাজো সমষ্টিত আৰু অজয় ফুকনে চাবুৱা সমষ্টিত নির্বাচন খেলাৰ প্রতি আগ্রহ ব্যক্ত কৰে৷ কংগ্রেছত যোগদান সম্পর্কত বাবুৱে কয় যে ৰাষ্ট্রীয় পর্যায়ত ‘কা’ৰ বিৰোধিতা প্রবল ৰূপত কৰাৰ বাবেই তেওঁ ৰাষ্ট্রীয় দল কংগ্রেছত যোগদান কৰিছে৷ সেইদৰে অজয় ফুকনে ৰাজনীতি কৰিবৰ বাবেই কংগ্রেছত যোগদান কৰিছে বুলি উল্লেখ কৰি কয় যে ‘কা’বিৰোধী আন্দোলনক ৰাজনৈতিক আন্দোলনৰ মাজেৰে বিজেপিক উৎখাত কৰিব বিচাৰিছে৷ তাৰ বাবেই তেওঁ কংগ্রেছলৈ আহিছে৷ এই যোগদান অনুষ্ঠানত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, দলৰ প্রবীণ নেতা প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মন, এআইচিচিৰ যুটীয়া সম্পাদক ড০ সঞ্জীৱ চৌধুৰীও উপস্থিত থাকে৷ শাৰীৰিক অসুস্থতাৰ বাবে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আজি এই কার্যসূচীত উপস্থিত থকাৰ পৰা বিৰত থাকে৷ আনহাতে সোমবাৰে এই অনুষ্ঠানত লক্ষণীয়ভাৱে দেখা নগ’ল এআইইউডিএফৰে মিত্রতাৰ মুকলি বিৰোধিতা কৰা বিৰোধী দলপতি দেৱব্রত শইকীয়াক৷ ইফালে নতুন আঞ্চলিক দল গঠনৰ বাবে তেজপুৰত আজি চলা কুচকাৱাজত আন একাংশ শিল্পীয়ে বিশেষ আগভাগ লোৱা পৰিলক্ষিত হয়৷ তেওঁলোকৰ ভিতৰত বিশিষ্ট চলচ্চিত্র পৰিচালক, প্রযোজক জাহ্ণু বৰুৱা, বিশিষ্ট অভিনেতা পৃথ্বিৰাজ ৰাভা, জনপ্রিয় অভিনেত্রী জেৰিফা ৱাহিদ অন্যতম৷

You might also like