নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়া লিমিটেডত অপাৰেটৰৰ ৩৬ পদ খালী

দেশৰ দ্বিতীয় বৃহত্তম হাইড্র’কার্বন উদ্ঘাটন আৰু উৎপাদনকাৰী কোম্পানী অইল ইণ্ডিয়া লিমিটেডত খালী হৈছে অপাৰেটৰৰ ৩৬ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি অপাৰেটৰ–এইচ এম ভিৰ ৩৬ পদৰ ভিতৰত এছ চিৰ ২টা, এছ টি ৪টা, অ’বিচি ৯টা, অসংৰক্ষিত ১৮টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ বাবে ৩টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে অতি কমেও ৪ বছৰ পুৰণি গধুৰ যান–বাহন চলোৱা অনুজ্ঞা–পত্র আৰু অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷

দৰমহাৰ নিৰিখ মাহে ১৬,০০০–৩৪,০০০ টকা৷ বয়স ১৮ ছেপ্ঢেম্বৰ ২০২০লৈ ১৮–৩০ বছৰ৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ২০০ টকা অনলাইন মাধ্যমেৰে অইলৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এছ চি, এছ টি, প্রাক্তন কর্মচাৰী আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়সৰ মাপকাঠী, শ্রেণী, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://www.oil-india.com/Current open New.aspx লগ–ইন কৰিব পাৰে৷ অনলাইনতো আবেদন দাখিল প্রক্রিয়া যোৱা ২১ আগষ্টৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া অহা ১৮ ছেপ্ঢেম্বৰ ২০২০লৈ অব্যাহত থাকিব৷

You might also like