নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউটিউবত যুৱতীৰ অশ্লীল ভিডিঅ’ আপলোড, অভিযুক্ত ধৃত

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ মহানগৰীত ক্রমাৎ বৃদ্ধি পাইছে চাইবাৰ ক্রাইম৷ অত্যাধুনিক প্রযুক্তিৰ অপব্যৱহাৰ কৰি দুষ্ট চক্রই একাংশ লোকৰ আমানত ধন লুট কৰাৰ সমান্তৰালকৈ কেতবোৰ অশ্লীল ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি মানৱ সমাজক লজ্জানত কৰিছে৷ তেনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ ওদালবাক্রাত৷ নিজৰ ইউটিউব চেনেলত এগৰাকী যুৱতীৰ অশ্লীল ভিডি’ আপলোড কৰি দিছপুৰ আৰক্ষীৰ জালত পৰিছে উত্তৰ গুৱাহাটীৰ বিকাশ আমিন নামৰ এজন যুৱক৷

প্রাপ্ত খবৰ মতে, ২০১৭ চনত ওদালবাক্রাৰ এগৰাকী যুৱতীক দুষ্ট চক্রই নির্যাতন চলাই অশ্লীল ভিডি’ কৰিছিল৷ ঘটনাটো আদালতত বিচাৰাধীন হৈ থকাৰ মাজতে অলপতে বিকাশ আমিন নামৰ যুৱকজনে যুৱতীগৰাকীৰ নির্যাতনৰ ভিডিঅ’ পুনৰ নিজৰ ইউটিউব চেনেলত আপলোড কৰে৷ এই তথ্য পোহৰলৈ অহাত যুৱতীগৰাকী আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে দিছপুৰ থানাত ১৮১৫/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি কালি অভিযুক্ত যুৱকজনক উত্তৰ গুৱাহাটীৰ জিএনআৰচিৰ পৰা গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে অভিযুক্ত যুৱকজনে জিএনআৰচি হাস্পতালত লেব’ৰেটৰী টেকনিচিয়ান হিচাপে প্রশিক্ষণ লৈ আছিল৷ অৱশ্যে তেওঁ যুৱতীগৰাকীক যৌন নির্যাতন চলোৱা ঘটনাত জড়িত নাছিল বুলি জানিব পৰা গৈছে৷

You might also like