যাত্রীৰ পৰা অত্যধিক ভাৰা চিটীবাছ–শ্বেয়াৰ টেক্সিৰ
ক’ভিড–১৯ৰ নীতি–নির্দেশনা উলংঘাৰে কঢ়িয়াইছে অধিক যাত্রী
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে চলি থকা লকডাউন–আনলকৰ সুযোগ লৈ নিজৰ ইচ্ছা অনুসৰি যাত্রীৰ পৰা অত্যধিক ভাৰা সংগ্রহ কৰি আহিছে চিটীবাছ আৰু শ্বেয়াৰ টেক্সিচালকে৷ ক’ভিড–১৯ৰ নীতি–নির্দেশনা উলংঘাৰে মহানগৰীত চিটীবাছ আৰু শ্বেয়াৰ টেক্সিয়ে অত্যধিক যাত্রী কঢ়িয়াই নির্ধাৰিত ভাৰাতকৈ তিনি–চাৰি গুণ ভাৰা আদায় কৰি আহিছে৷ লকডাউনত কিছু শিথিলতা আনি চিটীবাছ, শ্বেয়াৰ টেক্সিয়ে ৫০ শতাংশ যাত্রীহে কঢ়িয়াব পাৰিব বুলি নির্দেশনা জাৰি কৰিছিল৷ ইয়াৰ উপৰি বাছৰ চালক, কর্মচাৰীয়ে হেণ্ড গ্ল’বছ আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে যাত্রীৰ নাম আৰু ফোন নম্বৰ সংগ্রহৰ ব্যৱস্থা কৰাৰ নির্দেশ জাৰি কৰিছিল৷ চিটীবাছ আৰু শ্বেয়াৰ টেক্সিৰ চালক–কর্মচাৰীক এই নীতি–নির্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ পৰিবহণ বিভাগে নির্দেশ জাৰি কৰিছিল৷ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে প্রথম অৱস্থাত অভিযান চলাই চিটীবাছ আৰু শ্বেয়াৰ টেক্সিসমূহে এই নির্দেশনা পালন কৰিছে নে নাই সেয়া তন্ন তন্নকৈ পৰীক্ষা কৰিছিল৷ কিন্তু পৰিবহণ বিভাগৰ একাংশ অসাধু বিষয়াৰে বুজাবুজি কৰি চিটীবাছ আৰু শ্বেয়াৰ টেক্সিচালকে যাত্রীৰ পৰা অত্যধিক ভাৰা সংগ্রহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ নিয়ম অনুসৰি চিটীবাছসমূহে তিনি কিলোমিটাৰ দূৰত্বলৈকে ৫.৪৮ টকা ভাৰা আদায় ল’ব লাগে৷ ৩ৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত ৭.৮১ টকা, ৫ৰ পৰা ৯ কিলোমিটাৰত ১০.৯৪ টকা, ৯ৰ পৰা ১৩ কিলোমিটাৰত ১৪.৮৫ টকা, ১৩ৰ পৰা ১৭ কিলোমিটাৰত ১৮.৭৫ টকা, ১৭ৰ পৰা ২১ কিলোমিটাৰত ২২.৬৬ টকা আৰু ২১ৰ পৰা ২৫ কিলোমিটাৰত ২৬.৫৬ টকা প্রতিজন যাত্রীৰ পৰা ভাৰা আদায় ল’ব লাগে৷ শ্বেয়াৰ টেক্সিসমূহে প্রতি চাৰি কিলোমিটাৰত ৯.৩৮ টকা আৰু ইয়াৰ পাছত প্রতি কিলোমিটাৰত ১.৫৬ টকাকৈ যাত্রীৰ পৰা ভাৰা আদায় ল’ব লাগে৷ কিন্তু সাম্প্রতিক পৰিস্থিতিৰ সুযোগ লৈ চিটীবাছত উঠিলেই প্রতিজন যাত্রীৰ পৰা ১০ টকা ভাৰা আদায় লৈ আহিছে৷ একাংশ চিটীবাছৰ পৰিচালকে যাত্রীৰ পৰা অত্যধিক ভাৰা আদায় লোৱা সন্দর্ভত পৰিবহণ বিভাগক অভিযোগ দাখিল কৰা হৈছে যদিও বিভাগীয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ একেদৰে শ্বেয়াৰ টেক্সিৰ চালকসকলে মেজিকত উঠাৰ লগে লগে প্রতিজন যাত্রীৰ পৰা ২০ টকাকৈ ভাৰা আদায় লৈ আহিছে৷ ক’ভিড–১৯ৰ নীতি–নির্দেশনা উলংঘাৰে সামাজিক দূৰত্বক আওকাণ কৰি চিটীবাছ আৰু শ্বেয়াৰ টেক্সিত অত্যধিক যাত্রী কঢ়িয়াই তিনি–চাৰিগুণ ভাৰা আদায় কৰি অহা বিষয়টোক মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ পৰিবহণ বিভাগে কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷