নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৱাৰ খুলি বহি আছে কংগ্রেছ–সঁহাৰি নাই আন দলৰ

বুমেৰাং হোৱাৰ পথত বহুচর্চিত মহাজোঁট

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ   আগন্তুক অসম বিধানসভা নির্বাচনত বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই আৰম্ভ কৰা কংগ্রেছৰ মহাজোঁট গঠনৰ প্রস্তাৱ কার্যতঃ বুমেৰাং হোৱাৰ দিশে অগ্রসৰ হৈছে৷ প্রস্তাৱিত কংগ্রেছৰ মহাজোঁট সন্দর্ভত সভাপতি ৰিপুণ বৰাই আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যতে ইয়াৰ প্রকৃত ছবিখন জলজল–পটপটকৈ ওলাই পৰিছে৷ বিজেপি–অগপৰ বাহিৰে অন্য দলৰে মিত্রতা কৰি মহাজোঁট গঠনৰ বাবে কংগ্রেছে দুৱাৰ খুলি বহিছে যদিও একমাত্র এ আই ইউ ডি এফ দলৰ বাহিৰে এইপর্যন্ত আন কোনো দলে সমর্থন জনোৱা নাই৷ ফলত কংগ্রেছৰ প্রস্তাৱিত মহাজোঁট মহাজঁটলৈ পর্যবসিত হৈছে৷ মহাজোঁট বন্ধন সন্দর্ভত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ অসহায় স্বীকাৰোক্তি আজি ওলাই পৰিছে৷ ৰিপুণ বৰাই কয়– আমি কংগ্রেছৰ মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছোঁ৷ কোনো দলে যদি আগবাঢ়ি আহে আমি আদৰণি জনাম৷ আমি বাকী দলৰ সঁহাৰিলৈ অপেক্ষা কৰিছোঁ৷ চি পি আই, চি পি এম আদি বাঁওপন্থী দলবোৰে এই সন্দর্ভত আমাৰ সৈতে কোনো যোগাযোগ কৰা নাই৷ আমি শেষ পর্যন্ত অপেক্ষা কৰিম৷ কোন কোন দলে মহাজোঁটৰ প্রতি আগ্রহ প্রকাশ কৰে তালৈ আমি বাট চাম৷’ মহাজোঁট গঠনৰ বাবে বাকী দলবোৰলৈ এইদৰে আৱেগিক আহ্বান জনোৱা কার্যই স্পষ্ট কৰিছে যে কংগ্রেছৰ ‘বহুচর্চিত’ মহাজোঁটৰ প্রতি বাকী দলবোৰ মুঠেও আগ্রহী নহয়৷ আগন্তুক বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ লক্ষ্যৰে কংগ্রেছে মহাজোঁট গঠনৰ বাবে ব্যাপক কুচকাৱাজ চলাই আছে যদিও একমাত্র এ আই ইউ ডি এফৰ বাহিৰে আন দলে এইপর্যন্ত সঁহাৰি নিদিয়াত ৰিপুণ বৰাই পুনৰ কয়– ‘বিজেপিবিৰোধী সকলো শক্তি একত্রিত হওক৷ কাৰণ বিৰোধীৰ ভোট বিভাজন হোৱা মানেই লাভান্বিত হ’ব বিজেপি৷ ভোট বিভাজনেৰে বিজেপিক প্রতিহত কৰিব পৰা নাযাব৷ গতিকে আছুৱেই হওক, কৃষক মুক্তিয়েও হওক, অজিত কুমাৰ ভূঞাৰ দলেই হওক বা অৰূপ বৰবৰাৰ দলেই হওক উদ্দেশ্য আমাৰ সকলোৰে একেই৷ যিখিনি মানুহে অসম সুৰক্ষিত কৰিব ওলাইছে, সেইখিনি মানুহ বহুধাবিভক্ত হৈ থাকিলে আমি কেনেকৈ অসম সুৰক্ষিত কৰিম? আমি ঐক্যবদ্ধ নহ’লে বিজেপিক যে উৎখাত কৰিব নোৱাৰিম বাকী দলবোৰৰ নেতৃত্বই বুজা উচিত৷’ উল্লেখ্য যে কংগ্রেছৰ মহাজোঁটৰ প্রস্তাৱৰ প্রতি এইপর্যন্ত একমাত্র এ আই ইউ ডি এফে সমর্থন জনোৱাত স্বয়ং কংগ্রেছৰ দলৰ ভিতৰতে আৰম্ভ হৈছে তীব্র অসন্তুষ্টি৷ উজনি অসমত কংগ্রেছৰ একাংশ নেতৃত্বই এ আই ইউ ডি এফৰ মিত্রতাক লৈ ঘোৰ আপত্তি কৰাৰ পিছত এইবাৰ বৰপেটা জিলা কংগ্রেছেও ইয়াৰ তীব্র বিৰোধিতা কৰিছে৷ বৰপেটা জিলা কংগ্রেছৰ স্পষ্ট ঘোষণা– কংগ্রেছক ক্ষতি কৰিব পৰা এ আই ইউ ডি এফৰে মিত্রতা কৰিব নালাগে৷ আমি ‘কা’বিৰোধী নেতৃত্বক একগোট কৰি মহাজোঁট গঠন কৰিলে তাত আমাৰ কোনো আপত্তি নাই৷ কিন্তু দলৰ ক্ষতি কৰিব বিচৰা দলেৰে আমি মিত্রতা নিবিচাৰোঁ৷ ইফালে, কংগ্রেছে বৰপেটা জিলাত এ আই ইউ ডি এফক সমষ্টি এৰি দিব বিচৰাক লৈও তীব্র বিৰোধিতা কৰে বৰপেটা কংগ্রেছে৷ বৰপেটা জিলাত বিগত পঞ্চায়ত, বিধানসভা আৰু লোকসভা নির্বাচনত কংগ্রেছৰ শক্তিশালী ভেটি আছিল৷ ইয়াৰ পিছতো কংগ্রেছে বৰপেটাত এ আই ইউ ডি এফক সমষ্টি এৰি দিবলৈ বিচৰাত তৃণমূল কংগ্রেছ কর্মীসকল ভীষণ অসন্তুষ্ট হৈ পৰিছে৷ তৃণমূল কংগ্রেছ কর্মীসকলে ইউ ডি এফক আসন এৰি দিয়াৰ মুঠেও পক্ষপাতি নহয়৷ এনে পৰিস্থিতিত ৰিপুণ বৰাৰ ঘোষণা ‘আমি যিমানদূৰ পাৰো কংগ্রেছৰ স্বার্থক বিসর্জন নিদিয়াকৈ মহাজোঁট গঠনৰ পোষকতা কৰিছোঁ৷ কিন্তু মিত্রতাৰ স্বার্থত ক’ৰবাত ক’ৰবাত অলপ ত্যাগ কৰিব লাগিব৷ এতিয়াও মিত্রতাৰ আচল ছবিখন ওলোৱা নাই৷ মডেলিটী, কমন মিনিমাম প্রগ্রেম হ’লেহে প্রকৃত ছবিখন ওলাব৷ কংগ্রেছে কিমানখন আসন আৰু এ আই ইউ ডি এফ কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব সেই কথা পৰিষ্কাৰ হ’ব৷’ মুঠৰ ওপৰত মহাজোঁট গঠন কৰিবলৈ গৈ শ’লঠেকত পৰিছে প্রদেশ কংগ্রেছ৷ উজনি অসমৰ একাংশ কংগ্রেছ নেতাৰ বিৰোধিতাৰ পিছত এইবাৰ নামনিৰ বৰপেটা কংগ্রেছে এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰাত সভাপতি ৰিপুণ বৰাৰ প্রস্তাৱিত মহাজোঁট প্রসহসনত পৰিণত হোৱাৰ আশংকা সৃষ্টি হৈছে৷ ইফালে, আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলক দলৰ সাংগঠনিক কাম–কাজৰ দায়িত্বসমূহ নতুনকৈ অর্পণ কৰে৷ অহা ১ ছেপ্ঢেম্বৰৰ পৰা সকলো বিষয়ববীয়াই নিজ নিজ দায়িত্বভাৰ গ্রহণ কৰিব লাগিব৷ ইপিনে, আন এক নির্দেশনাযোগে ৰূপেশ গোৱালা, ৰাজু চাহু আৰু দ্বিপেন পাঠকক প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক আৰু অজয় ফুকন, বাবু বৰুৱা আৰু নেকিবক প্রদেশ কংগ্রেছৰ সম্পাদক হিচাপে নিযুক্তি দিয়ে৷
জেইই–নীট স্থগিতৰ দাবীত প্রদেশ কংগ্রেছৰ প্রতিবাদ
জেইই আৰু নীট পৰীক্ষা স্থগিত ৰখাৰ দাবীত প্রদেশ কংগ্রেছে আজি ৰাজ্যজুৰি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ আহ্বানমর্মে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত শতাধিক কর্মীয়ে উক্ত দাবীত প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে চৰকাৰবিৰোধী শ্লোগান দি ছাত্র–ছাত্রীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰাৰ দাবীত গুৱাহাটীৰ গুৱাহাটী ক্লাবৰ ৰটাৰীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ এই প্রতিবাদী কার্যসূচীত কামৰূপ মহানগৰ জিলা কংগ্রেছ, এনএছইউআইৰ বিষয়ববীয়াসকলো উপস্থিত থাকে৷ প্রতিবাদস্থলীত ৰিপুণ বৰাই কয়– চৰকাৰে সময় লওক৷ পৰিস্থিতি নিয়ন্ত্রণলৈ আহিবলৈ দিয়ক৷ ছাত্র–ছাত্রীৰ জীৱনটো আমাৰ অধিক মূল্যৱান৷’ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ছেপ্ঢেম্বৰ মাহত জে ই ই আৰু নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণা কৰিছে৷

You might also like