বর্ণিহাটত হ’ব গুৱাহাটীৰ আৱর্জনা নিষ্কাশন প্রকল্প
২৭ বিঘা ভূমিত দিল্লী–পুনে–ইন্দোৰৰ দৰে ইণ্টিগ্রেটেড ছ’লিড মেনেজমেণ্ট প্রজেক্ট
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ গুৱাহাটী পৌৰ নিগমে আৱর্জনা ব্যৱস্থাপনাৰ বাবে বর্ণিহাটত ২০০ কোটি টকা ব্যয়েৰে ইণ্টিগ্রেটেড ছ’লিড ৱেষ্ট মেনেজমেণ্ট প্রকল্প স্থাপনৰ পৰিকল্পনা যুগুত কৰিছে৷ পৌৰ নিগমৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, দিল্লী, পুনে, ইন্দোৰৰ ইণ্টিগ্রেটেড ছ’লিড ৱেষ্ট মেনেজমেণ্ট প্রকল্পৰ আর্হিত বর্ণিহাটত নির্মাণ হ’ব এই অত্যাধুনিক প্রকল্প৷ বর্ণিহাটত এই প্রকল্প নির্মাণ হ’লে আৱর্জনাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন, জৈৱিক গেছ উৎপাদন কৰাৰ লগতে সাৰ প্রস্তুত কৰিব পাৰিব৷ অত্যাধুনিক এই প্রকল্পত বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ সহায়ত গুৱাহাটী মহানগৰীত প্রতিদিনে ওলোৱা প্রায় ৫০০ টন আৱর্জনা বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰা হ’ব৷ এই প্রকল্পৰ কাম আৰম্ভ হ’লে গুৱাহাটী মহানগৰীৰ পৰিৱেশ প্রদূষণ নিয়ন্ত্রণৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ এই প্রকল্পৰ জৰিয়তে জৈৱিক আৱর্জনা, ৰাসায়নিক আৱর্জনাকে ধৰি বিভিন্ন উৎসৰ পৰা ওলোৱা আৱর্জনা পৃথক কৰি পুনৰ নিষ্কাশনেৰে ব্যৱহাৰৰ উপযোগী কৰি তোলা হ’ব৷ ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী পৌৰ নিগমক বর্ণিহাটৰ ছাগলী ফার্মৰ সমীপৰ ২৭ বিঘা ভূমিত উক্ত প্রকল্প স্থাপনৰ অনুমতি প্রদান কৰিছে৷ কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিকভাৱে পৌৰ নিগম কর্তৃপক্ষক ২৭ বিঘা ভূমি হস্তান্তৰ কৰা নাই৷ ৰাজ্য চৰকাৰে প্রস্তাৱিত প্রকল্পৰ বাবে ভূমি হস্তান্তৰ কৰিলেই বর্ণিহাটত আৰম্ভ হ’ব ইণ্টিগ্রেটেড ছ’লিড ৱেষ্ট মেনেজমেণ্ট প্রকল্পৰ কাম৷ উল্লেখ্য যে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী আৰু পৌৰ নিগমৰ পৰিকল্পনাৰ অভাৱত আৱর্জনা ব্যৱস্থাপনাত ব্যর্থ হৈ আহিছে৷ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে বৰাগাঁৱৰ দীপৰ বিলৰ পাৰত থকা ডাম্পিং গ্রাউণ্ড স্থানান্তৰৰ নির্দেশ দিয়াৰ পিছতে জিএমচিয়ে চন্দ্রপুৰকে ধৰি কেইবাটাও স্থানত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বাবে অনুমতি বিচাৰি চৰকাৰক আবেদন জনায়৷ ৰাইজৰ প্রতিবাদৰ বাবে উক্ত স্থানকেইটাত ডাম্পিং গ্রাউণ্ড স্থাপন কৰিব পৰা নাছিল৷ শেহতীয়াকৈ বর্ণিহাটৰ আমচাং অভয়াৰণ্যৰ সমীপতে ইণ্টিগ্রেটেড ছ’লিড ৱেষ্ট মেনেজমেণ্ট প্রকল্প স্থাপনৰ বাবে পৌৰ নিগমে যো–জা চলাইছে৷ কিন্তু ছ’লিড ৱেষ্ট মেনেজমেণ্ট আইন–২০১৬ৰ ৩.৭.৫.১ (৫) অনুসৰি অভয়াৰণ্য, জলাশয়, ৰাষ্ট্রীয় উদ্যান, কীর্তিস্তম্ভৰ সমীপত সাংস্কৃতিক, ঐতিহাসিক আৰু ধর্মীয় স্বার্থত এনেধৰণৰ প্রকল্প নির্মাণ কৰিব নোৱাৰে৷ যদিহে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণ, প্রদূষণ নিয়ন্ত্রণ ব’র্ডে অনুমতি প্রদান কৰে, তেন্তে শীঘ্রে বর্ণিহাটত আৰম্ভ হ’ব ইণ্টিগ্রেটেড ছ’লিড ৱেষ্ট মেনেজমেণ্ট প্রকল্পৰ কাম৷