নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ বজাৰলৈ আহি আছে Royal Enfield-ৰ ইলেক্ট্রিক বাইক…

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ভাৰতত বৈদ্যুতিক গাড়ীৰ চাহিদা ক্রমশ বৃদ্ধি পাইছে। বিশ্ব জুৰি পেট্র’ল-ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত মানুহৰ মাজত আৰু অধিক চাহিদা লাভ কৰিছে বেটাৰি চালিত গাড়ী বা বাইকে। এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰতত ইলেক্ট্রিক বাইক মুকলিৰ চিন্তা-চৰ্চা কৰিছে Royal Enfield এ।

সম্প্রতি এক সাক্ষাৎকাৰত Royal Enfield-ৰ চিইঅ’য়ে জনাইছে, সংস্থাটোৰ ইলেক্ট্রিক বাইকৰ নক্সা বা প্র’টোটাইপ মডেল ইতিমধ্যেই তৈয়াৰ হৈছে।

ভাৰতৰ Royal Enfield-ৰ চিফ এক্সিকিউটিভ অফিছাৰ বিনোদ দাশাৰীয়ে জনাইছে, বৈদ্যুতিক গাড়ী বা বাইক বজাৰলৈ অনাৰ কথা সংস্থাটোৱে কিছুদিনৰ পৰা চিন্তা-চৰ্চা কৰিছিল।

ব্রিটেইনস্থিত সংস্থাটোৰ প্রযুক্তি কেন্দ্রটো বৰ্তমান নতুন সামগ্ৰী বিকাশৰ বাবে ন ৰূপ দিয়া হৈছে। এই প্রযুক্তি কেন্দ্রটোত বর্তমান ইলেক্ট্রিক বাইকৰ মডেলসমূহ পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। সকলো ঠিকে ঠাকে থাকিলে অহা এবছৰৰ ভিতৰতে বজাৰলৈ আহিব Royal Enfield-ৰ নতুন ইলেক্ট্রিক বাইক!

You might also like