‘ষ্টাৰ পোৱা শিক্ষাৰ্থীলৈ কম্পিউটাৰৰ পৰিৱৰ্তে ২০ হাজাৰকৈ টকা’
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ষ্টাৰ পোৱা অথবা ৭৫ শতাংশৰ ওপৰত পোৱা শিক্ষাৰ্থীসকলে এই কম্পিউটাৰৰ পৰিৱৰ্তে লাভ কৰিব নগদ ধন। প্ৰায় ১৬ হাজাৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধন।
সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কম্পিউটাৰৰ বিভিন্ন অংশ যিহেতু বাহিৰৰ পৰা আহে আৰু বৰ্তমান ক’ৰোনাৰ বাবে এই কামত কিছু অসুবিধা হৈছে গতিকে এইসকল শিক্ষাৰ্থীৰ একাউণ্টত শীঘ্ৰে এই ধন সোমাব বুলি মন্তব্য কৰে।
কিছুসংখ্যক শিক্ষাৰ্থীয়ে শিক্ষা বিভাগে দিয়া কম্পিউটাৰটো ভাল নাপায় গতিকে এই ধনৰে তেওঁলোকে অন্য এটা কম্পিউটাৰ ক্ৰয় কৰিব পাৰিব।