নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ লাখলৈ বৃদ্ধি খেলৰত্ন বঁটাৰ প্রাইজমানী

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে চলিত বর্ষৰ পৰা কার্যকৰী হোৱাকৈ ৰাষ্ট্রীয় ক্রীড়া বঁটাৰ প্রাইজমানী বৃদ্ধি কৰিছে৷ এই অনুসৰি ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ প্রাইজমানী পূর্বৰ ৭.৫ লাখৰ পৰা ২৫ লাখলৈ বৃদ্ধি পাইছে৷

একেদৰে অর্জুন বঁটাৰ প্রাইজমানী ৫ লাখৰ পৰা ১৫ লাখ, দ্রোণাচার্য (জীৱনজোৰা) বঁটাৰ প্রাইজমানী ৫ লাখৰ পৰা ১৫ লাখ আৰু দ্রোণাচার্য (নিয়মীয়া) বঁটাৰ প্রাইজমানী ৫ লাখৰ পৰা ১০ লাখলৈ বৃদ্ধি কৰা হৈছে৷ আনহাতে, ধ্যানচাঁদ বঁটাৰ প্রাইজমানী ৫ লাখৰ পৰা ১০ লাখলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে৷

এই সন্দর্ভত ক্রীড়ামন্ত্রী ৰিজিজুৱে কয় যে যোৱা ২০০৮ চনতে অন্তিমবাৰৰ বাবে ৰাষ্ট্রীয় ক্রীড়া বঁটাৰ প্রাইজমানী বৃদ্ধি কৰা হৈছিল৷ দেশৰ ক্রীড়াবিদসকলৰ উপার্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে৷ ইফালে, প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদৰ ১১৫সংখ্যক জন্মবার্ষিকী উপলক্ষে কিংবদন্তি খেলুৱৈগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এক টুইটত প্রধানমন্ত্রীয়ে কয় যে মেজৰ ধ্যানচাঁদে হকীৰ ষ্টিকেৰে খেলপথাৰত দেখুওৱা যাদুকৰী প্রদর্শন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ৷ ভাৰতৰ হৈ বিভিন্ন ক্রীড়াত দেশক প্রতিনিধিত্ব কৰা খেলুৱৈসকলক তেওঁ ৰাষ্ট্রীয় ক্রীড়া দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷ মন কৰিবলগীয়া যে মেজৰ ধ্যানচাঁদৰ জন্মবার্ষিকী উপলক্ষে ২৯ আগষ্টৰ দিনটো ৰাষ্ট্রীয় ক্রীড়া দিৱস হিচাপে পালন কৰা হয়৷

ইফালে, ক্রীড়ামন্ত্রী ৰিজিজুৱেও হকীৰ যাদুকৰ ধ্যানচাঁদৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ১৯০৫ চনত জন্মগ্রহণ কৰা কিংবদন্তি হকী খেলুৱৈগৰাকীয়ে ভাৰতীয় দলৰ হৈ ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনৰ অলিম্পিকত স্বর্ণপদক জয় কৰিছিল৷

You might also like