পকী চাংঘৰ নির্মাণেৰে বান খহনীয়াগ্রস্তৰ সুৰক্ষা কৰকঃ বিশিষ্ট সাংবাদিক কনকসেন ডেকাৰ আহ্বান
নিয়মীয়া বার্তা, ৩০ আগষ্টঃ অসম বিধানসভাৰ আগন্তুক অধিৱেশনৰ প্রাক্ক্ষণত ৰাজ্যৰ সকলো বিধায়কৰ প্রতি বান আৰু গৰাখহনীয়া প্রতিৰোধত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনালে বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকাই৷ সকলো বিধায়কক উদ্দেশ্য কৰি প্রেৰণ কৰা এখন মুকলি চিঠিত বিশিষ্ট সাংবাদিকগৰাকীয়ে ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যা প্রতিৰোধৰ বাবে কেতবোৰ বিশেষ পৰামর্শ আগবঢ়োৱাৰ লগতে পকী চাংঘৰ নির্মাণতো গুৰুত্ব দিয়াৰ আহ্বান জনায়৷
অসমৰ বান–গৰাখহনীয়াপীড্ ৰাইজৰ হৈ বিধায়কসকললৈ এই মুকলি পত্র প্রেৰণ কৰা বুলি এটা বিজ্ঞপ্তিযোগে ডেকাই সদৰী কৰিছে৷ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে সম্প্রতি অসমৰ সবাতোকৈ গুৰুতৰ সমস্যা হৈছে বান আৰু গৰাখহনীয়া৷ এইবাৰ মথাউৰি মেৰামতি সম্পূর্ণ নৌহওঁতেই আগতীয়া বানৰ উপৰি অৰুণাচল, মেঘালয় আৰু ভূটানৰ জলৰাশিয়ে শদিয়াৰ পৰা ধুবুৰীলৈকে আতংকৰ সৃষ্টি কৰি লক্ষ লক্ষ লোকক গৃহহীন কৰাৰ লগতে খেতি–বাতি নষ্ট কৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷
স্বৰাজোত্তৰ কালছোৱাত প্রতিবছৰে এনেদৰে হোৱা বান ৰোধৰ বাবে মথাউৰি নির্মাণত হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰাৰ পাছতো সুফল পোৱাটো দূৰৰে কথা বৰঞ্চ পৰিস্থিতি ক্রমাৎ অধিক ভয়াৱহ হৈহে উঠিছে– অথচ জীৱন ধাৰণৰ বাবে বায়ুৰ পাছতে পানীয়েই সবাতোকৈ মূল্যৱান সামগ্রী৷ বিগত সাতটা দশকত পানীক সম্পদৰূপে ব্যৱহাৰ কৰিব নোৱাৰা হেতুকে ই ৰাজ্যবাসীৰ বাবে হৈ পৰিছে যন্ত্রণাদায়ক বিভীষিকা৷
বিধায়কসকললৈ প্রেৰণ কৰা মুকলি চিঠিত উল্লেখ কৰিছে যে এইবাৰৰ বানত ৰাজ্যখনৰ ৫,৩৭৮খন গাঁৱৰ ৫৬,৯১,৬৯৪গৰাকী লোক ক্ষতিগ্রস্ত হৈছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১১৩লৈ বৃদ্ধি পাইছে৷ আজিও প্রায় দুই লক্ষ লোকে আশ্রয় শিবিৰত দিন কটাইছে৷ প্রায় তিনি লক্ষ হেক্টৰ ভূমিৰ কৃষি বিনষ্ট হৈছে৷ কিন্তু মথাউৰি নির্মাণৰ দ্বাৰা প্রতিবছৰে ৰাজভঁৰালৰ প্রচুৰ ধন ব্যয় কৰিলেও অসমবাসীয়ে সুফল লাভ কৰিব পৰা নাই৷ ইয়াৰ কাৰণ, অসমৰ বালিসেৰীয়া মাটিত বানপানীৰ সন্মুখত মথাউৰি নিটিকে৷
দৰাচলতে কেইবা দশকৰ আগতে মথাউৰি নির্মাণ কৰিবলৈ লোৱাৰ সময়তে অসমৰ ভূমি পৰীক্ষা কৰিহে এইক্ষেত্রত আগবঢ়াটো উচিত আছিল, কিয়নো বিহাৰ, উত্তৰ প্রদেশ আদিৰ তুলনাত অসমৰ মাটি কোমল আৰু বালিসেৰীয়া হোৱা হেতুকে বেছিভাগ ক্ষেত্রতে মথাউৰি অকার্যকৰী হৈ পৰিছে৷ ভূমি পৰীক্ষা অবিহনে প্রতিবছৰে মথাউৰি নির্মাণত শ শ কোটি টকা ব্যয় কৰি অহাৰ পাছতো সেয়েহে আমি কোনোধৰণৰ সুফল পোৱা নাই৷ তৎসত্ত্বেও মথাউৰিৰ বিকল্প চিন্তা নকৰি হাত সাবটি বহি থকা হেতুকে বানাক্রান্ত ৰাইজে নাৰকীয় যন্ত্রণা ভোগ কৰিব লগা হৈছে বুলি পত্রত সাহিত্য সভাৰ প্রাক্তন সভাপতিগৰাকীয়ে উল্লেখ কৰে৷
তেওঁ লগতে উল্লেখ কৰিছে যে ছাত্র–ছাত্রীৰ অধ্যয়নত প্রভূত ক্ষতি হৈছে– অথচ এনেধৰণৰ প্রাকৃতিক দুর্যোগৰ পৰা সকাহ দি পীড়িতসকলক যথোচিত ক্ষতিপূৰণ দিয়াৰ আইনী ব্যৱস্থা আছে৷ ‘অগ্রদূত কাকত’ গোষ্ঠীৰ মুখ্য সম্পাদকগৰাকীয়ে পত্রত অভিযোগ কৰে যে কেইবা বছৰৰ আগতে নভবা–নিচিন্তাকৈ ব্রহ্মপুত্রৰ তলি খান্দিবলৈ ড্রেজাৰ অনা হৈছিল যদিও তাৰ সদ্ব্যৱহাৰ নহ’ল, অযথা চৰকাৰী ধনৰ অপচয়হে হ’ল৷ প্রতিবছৰে বানপীড়িত দুর্ভগীয়া ৰাইজক এই যন্ত্রণাৰ পৰা মুক্তি দিবলৈ বিকল্প চিন্তা কৰিব লাগিব আৰু লগতে বানপানীক সম্পদ হিচাপেহে ল’ব লাগিব বুলি উল্লেখ কৰি ডেকাই লগতে তেনেকুৱা উদ্দেশ্য সন্মুখত ৰাখিয়েই পত্রখনৰ জৰিয়তে তেনেই কম ব্যয়ৰ এখন আঁচনিৰ পৰামর্শ আগবঢ়ায়৷
তেওঁ কয় যে এই আঁচনিৰ দ্বাৰা চিৰকালৰ বাবে বান আৰু গৰাখহনীয়াপীড়িত ৰাইজে স্বস্তিৰ নিশ্বাস কাঢ়িবলৈ সক্ষম হ’ব৷ সকলো বিধায়ককে এই বিষয়ত গুৰুত্ব প্রদানৰ আহ্বান জনাই ডেকাই উল্লেখ কৰে যে কংক্রিট পোষ্টৰ একোটা চাংঘৰ নির্মাণ কৰি দিব পাৰিলে বানৰ কালছোৱাত একোটা পৰিয়ালে নিৰাপদে থাকিব পাৰে৷ ছাদসমূহ সৌৰশক্তিৰে সংযোজিত কৰিলে বিদ্যুৎ ব্যৱহাৰৰ সুযোগো পাব৷ পত্রত উল্লেখ কৰা মতে, জলসম্পদ বিভাগৰ ধনেৰে বানপীড়িত প্রতিটো পৰিয়াললৈ একোটা পকী চাংঘৰ যোগান ধৰাটো সম্ভৱ হৈ উঠিব বুলি হিচাপ কৰি দেখা গৈছে৷ কেন্দ্রীয় চৰকাৰেও নিশ্চয় এইক্ষেত্রত সহযোগিতা আগবঢ়াব৷
এই ব্যৱস্থা আমাৰ পর্যটনৰ বিকাশতো যথেষ্ট সহায়ক হ’ব৷ তদুপৰি অসমৰ মানুহৰ বাবে যিহেতু মাছ অপৰিহার্য, গতিকে মৎস্য উৎপাদনৰ বাবেও বিশেষ আঁচনি ল’ব পাৰিব৷ চাংঘৰৰ পৰিসৰ বৃদ্ধি কৰি কিছু ডাঙৰ আকাৰৰ চাংঘৰ নির্মাণ কৰিলে তিনি–চাৰিটা পৰিয়ালে একেখন ছাদৰ তলতে স্থায়ীভাৱে বসবাস কৰাৰ সুযোগ পাব৷ দ্বিতীয়তে, অসমৰ জলবায়ুৰ প্রতি লক্ষ্য ৰাখি বাৰিষা দ ঠাইবোৰত খেতি কৰিবলৈ গৈ অযথা লোকচানৰ সন্মুখীন হোৱাৰ সলনি সেই সময়ছোৱা ৰেহাই দি বাকী ৯ মাহেই ৰবিশস্যৰ ওপৰত গুৰুত্ব দি কেৱল ধানেই নহয়, শাক–পাচলি, ফলমূলৰ খেতি ব্যাপক হাৰত কৰিব পৰা যায় বুলি পত্রত পৰামর্শ আগবঢ়োৱা হৈছে৷
আনহাতে, মথাউৰি নির্মাণৰ আঁচনি সংকুচিত কৰাৰ লগতে খৰালিকালৰ শস্য উৎপাদনত গুৰুত্ব দিয়াৰ বাবেও পত্রখনৰ জৰিয়তে বিশিষ্ট সাংবাদিকগৰাকীয়ে পৰামর্শ আগবঢ়ায়৷ লগতে এবছৰৰ জলসম্পদৰ বাজেটৰ ধনেৰে পকী চাংঘৰ নির্মাণ কৰি চিৰকালৰ বাবে বানৰ যন্ত্রণাৰ পৰা অসমবাসীক মুক্তি দিয়াটো সম্ভৱ কৰি তুলিবলৈ তেওঁ বিধায়কসকলৰ প্রতি আহ্বান জনায়৷ ডেকাই পত্রত আশা প্রকাশ কৰে যে বানপীড়িত সমষ্টিৰ বিধায়কে নিজাববীয়াকৈ উদ্যোগ লৈ আগবাঢ়িলে বিভিন্ন মহলে নিশ্চয় সহায়ৰ হাত আগবঢ়াব৷