“কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ বাবে প্ৰবল জনমত গঠন কৰিম”- ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰী
নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট: শনিবাৰে সন্ধিয়া গুগল মীটৰ জৰিয়তে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অসম তথা উত্তৰ-পূব ভাৰতৰ কাৰ্যকৰ্তাসকলৰ এখন ৱেবিনাৰ অনুষ্ঠিত হয় ৷ এই বৈঠকত ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী অনিল চৌধুৰী আৰু ৰাষ্ট্ৰীয় মহাসচিব তথা উত্তৰ পূব ভাৰতৰ প্ৰভাৰী শ্ৰী কৃষ্ণ মুৰাৰীয়ে অংশগ্ৰহণ কৰে ৷ এই বৈঠকত অসম প্ৰান্তৰ অধ্যক্ষ শ্ৰী শিৱপ্ৰসাদ শৰ্মা, প্ৰান্ত সংযোজক শ্ৰী নিপন শইকীয়া, উত্তৰ পূব ভাৰতৰ জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অধ্যক্ষ শ্ৰী শৈলেন্দ্ৰ পাণ্ডে আৰু সংযোজক শ্ৰী লালজী সোণাৰীয়ে উত্তৰ পূৱ প্ৰান্তৰ সমস্যা আৰু সমাধানৰ বিষয়ে মাৰ্গদৰ্শন কৰে ৷ বৈঠকত অসমৰ বিভিন্ন জিলাৰ লগতে মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড আৰু মিজোৰামৰ কাৰ্যকৰ্তায়ো অংশগ্ৰহণ কৰে ৷
বৈঠকত ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী অনিল চৌধুৰীয়ে জনসংখ্যা অসন্তুলনৰ বাবে ৰাষ্ট্ৰ আৰু ধৰ্মৰ যি ক্ষতি হ’ল, ঐতিহাসিক প্ৰেক্ষাপটৰ পৰা তাৰ ব্যাখ্যা কৰে ৷ তেওঁ অতি প্ৰাঞ্জল ভাষাৰে অতি কম সময়ৰ ভিতৰতে মহম্মদ বিন কাচিমৰ আক্ৰমণৰ পৰা বৰ্তমানৰ সময়লৈকে চলি থকা ঘটনাৱলীৰ বৰ্ণনা কৰে ৷ আগন্তুক দিনত ৰাষ্ট্ৰৰ সন্মুখত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ যে বিকল্প নাই সেয়াও তেওঁ ন দি কয় ৷ তেখেতে অসম প্ৰান্তৰ কাৰ্যকৰ্তাসকলে ইয়াৰ বাবে চলোৱা সজাগতা অভিযানৰো ভূয়সী প্ৰশংসা কৰে ৷ বৈঠকত ৰাষ্ট্ৰীয় মহাসচিৱ শ্ৰী কৃষ্ণ মুৰাৰীয়ে উত্তৰপূৱ ভাৰত তথা অসমত জনসংখ্য সমাধান ফাউণ্ডেশ্যনৰ অতি কম সময়ৰ ভিতৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰা বাবে সকলো কাৰ্য্যকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰে আৰু অসমৰ সকলো সকলো ৰাষ্ট্রবাদী সংবাদ মাধ্যমক কৃতজ্ঞতা জ্ঞাপন কৰে। আহি থকা দিনত সকলো ভূমিপুত্ৰ আৰু ভবিষ্যত প্ৰজন্মৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰাৰ বাবে এই অভিযান চলাই নিবলৈ জনসংখ্য সমাধান ফাউণ্ডেশ্যনৰ প্ৰতি সকলো ৰাষ্ট্ৰবাদীক শক্তি যোগান ধৰিবলৈ আহ্বান জনায়।