আন্তঃৰাষ্ট্ৰীয়দেশ বিদেশ কি এয়া প্ৰেম নহয়! প্রেমিকাক সুখী কৰিব গৈ গোটেই ঘৰ জ্বলাই দিলে প্রেমিকে… By নিয়মীয়া বাৰ্তা On Sep 1, 2020 Share নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ প্রেমিকাক সুখী কৰিবলৈ কি যে নকৰে প্ৰেমিকসকলে। দামী উপহাৰৰ পৰা প্ৰেমিকাই ভালপোৱা সকলো কৰিবলৈ মৰিপৰি চেষ্টা কৰে এজন প্ৰেমিকে। কিন্তু এইবাৰ এজন প্ৰেমিকে নিজৰ প্ৰেমিকাক সুখী কৰিবলৈ গৈ নিজৰ গোটেই ঘৰেই জ্বলায় পেলালে। এই ঘটনা ইংলেণ্ডৰ চেফিল্ডৰ। চেফিল্ডৰ এবেডাল অঞ্চলৰ এলবার্ট নদ্রে নামৰ এজন যুৱকে নিজৰ ফ্লেটৰ সকলো সামগ্ৰী পুৰি পেলায় কেৱল নিজৰ প্ৰেমিকাৰ বাবেই । এলবার্টৰ জ্বলি যোৱা ফ্লেটটোৰ কিছু দৃশ্য ঘটনা অনুসৰি, নিজৰ ফ্লেটত ১০০ ডাল মমবাতি জ্বলাই ঘৰটো সজাইছিল এলবাৰ্টে। তাৰ পাছত জ্বলা মমবাতি তেনেকৈয়ে এৰি প্রেমিকাক অফিচৰ পৰা আনিবলৈ গৈছিল তেওঁ। ভাবিছিল, ঘৰ আহি তেওঁৰ সেই আয়োজন দেখি আচৰিত হৈ পৰিব প্রেমিকা। কিন্তু ঘূৰি আহি প্ৰেমিকাৰ সৈতে তেওঁ নিজেও হৈ পৰে আচৰিত। কিয়নো মমবাতিৰ পৰা গোটেই ফ্লেটেই জ্বলি ছাই হৈ পৰিছিল। যি কি নহওক নিজৰ প্রেমিকাক এনেদৰে সুখী কৰিব গৈ সর্বস্ব হেৰুৱাব লগা হ’ল প্রেমিক এলবার্টে। বৰ্তমান এই ঘটনাৰ পাছতে সমগ্ৰ দেশখনতে এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰে। Share