বেলতলা বজাৰত আৰক্ষীৰ অভিযান, ক’ভিড প্রট’কল উলংঘাকাৰীক জৰিমনা
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ সমগ্র ৰাজ্যৰ লগতে মহানগৰীত দ্রুতগতিত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও একাংশ লোক এতিয়াও সচেতন হোৱা নাই৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰ–প্রশাসনে বিভিন্ন নীতি–নির্দেশনা প্রস্তুত কৰি মহানগৰীবাসীৰ সহযোগিতা কামনা কৰিছে৷
নিজৰ লগতে মহানাগৰিকৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি মহানগৰবাসীয়ে প্রশাসনৰ যাৱতীয় নীতি–নির্দেশনা পালন কৰি মহামাৰীৰ পৰা ৰক্ষা পাবলৈ চৰকাৰক সহযোগ কৰি অহাৰ সমান্তৰালকৈ আন একাংশই প্রশাসনৰ নির্দেশনা ভৰিৰে মোহাৰি ৰাজপথত চলাচল কৰি সাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷
সামাজিক দূৰত্বৰ লগতে মাস্ক পৰিধান কৰা আৰু অন্যান্য নীতি–নির্দেশনা মানি চলিবলৈ আহ্বান জনোৱাৰ পাছতো বজাৰত একাংশ লোকে প্রশাসনৰ এই নির্দেশনা উলংঘা কৰি সামগ্রী ক্রয় কৰি আহিছে৷ বিশেষকৈ বেলতলা বজাৰত একাংশ ব্যৱসায়ী আৰু গ্রাহকে সামাজিক দূৰত্ব উলংঘাৰ লগতে মাস্ক পৰিধান নকৰাকৈ সামগ্রী ক্রয়–বিক্রয় কৰা পৰিলক্ষিত হৈছে৷
কালি বেলতলা বজাৰত ক’ভিড প্রট’কল উলংঘা কৰা লোকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগৰ এটা দলে অভিযান চলায়৷ মহানগৰ জিলাৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যক্ষ আৰু এডিচিপি শুভ্রজিৎ বৰাৰ নেতৃত্বত চলোৱা এই অভিযান কালত সামাজিক দূৰত্ব উলংঘা কৰাৰ লগতে মাস্ক পৰিধান নকৰা বহুলোকক এহেজাৰ টকাকৈ জৰিমনা বিহা হয়৷ তদুপৰি বজাৰত উপস্থিত থকা ব্যৱসায়ী আৰু গ্রাহকসকলক এই সন্দর্ভত সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়৷