নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাষাণ পিতৃ!কন্যা সন্তান হোৱাৰ বাবে সংঘটিত কৰিলে জঘন্য ঘটনা

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ কন্যা সন্তান জন্ম হোৱাৰ বাবে নিজ সন্তানক হত্যা কৰি পুতি থলে পিতৃয়ে। কৰিমগঞ্জত সংঘটিত হৈছে এই জঘন্য ঘটনা। নিজৰ ৯ মহীয়া কন্যা সন্তানক হত্যা কৰি পুতি থলে পিতৃ ওচমান আলীয়ে। কিন্তু এই হত্যাকান্ড সংঘটিত হোৱাৰ পিছত মাতৃ ছালমা বেগমে আৰক্ষীত গোচৰ ৰুজু কৰে। মাতৃৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে কণমানি কন্যা সন্তানৰ মৃতদেহ। সম্প্ৰতি পলাতক অৱস্থাত আছে পিতৃ ওচমান আলী। এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে কৰিমগঞ্জত।

You might also like