নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডক্তৰ বেজবৰুৱা–২ৰ পোষ্টাৰ মুকলি

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ  ৫২ বছৰ পূর্বে মুক্তি লাভ কৰি অসমীয়া চলচ্চিত্র জগতত আলোডন সৃষ্টি কৰিছিল এখন ছবিয়ে৷ ছবিখনৰ নাম আছিল ‘ডক্তৰ বেজবৰুৱা’৷ এই চাঞ্চল্য সৃষ্টিকাৰী থ্রিলাৰখনৰ এইবাৰ ছিকুৱেল নির্মাণ কৰা হ’ব৷ এই নতুন ছবিখনৰ নাম ৰখা হৈছে– ‘ডক্তৰ বেজবৰুৱা–২’৷

কালি গুৱাহাটী মহানগৰীত আয়োজিত এক আডম্বৰপূর্ণ অনুষ্ঠানত এই ঘোষণা কৰা হয়৷ মুকলি কৰা হয় ছবিখনৰ প্রথমখন পোষ্টাৰ৷ অসমীয়া চলচ্চিত্র ইতিহাসত এক স্বর্ণিল অধ্যায়ৰ সংযোজন ঘটোৱা এই কালজয়ী ছবিখনৰ ছিকুৱেল নির্মাণৰ বাতৰিয়ে নিঃসন্দেহে ডৎফুল্লিত কৰি তুলিছে ৰাজ্যৰ চলচ্চিত্রপ্রেমীক৷ স্বনামধন্য চিত্রনির্মাতা ব্রজেন বৰুৱা পৰিচালিত ১৯৬৮ চনৰ এই থ্রিলাৰ ছবিখনৰ ছিকুৱেল, অর্থাৎ নতুন ছবিখনৰ পৰিচালনাৰ দায়িত্ব কান্ধ পাতি লৈছে বিশিষ্ট শিল্পী নিপন গোস্বামীয়ে৷ মূল ছবিখনত অনবদ্য অভিনয়েৰে সকলোকে মন্ত্রমুগ্ধ কৰি তোলা নিপন গোস্বামীয়ে এইবাৰ ডক্তৰ ছবিখনৰ ছিকুৱেল পৰিচালনা কৰাৰ লগতে অভিনয়ৰ ক্ষেত্রতো ভুমুকি মাৰিব৷ এ এম টেলিভিছন প্রাইভেট লিমিটেডৰ বেনাৰত ছবিখন প্রযোজনা কৰিব বিশিষ্ট সাংসৃকতিক কম তথা চলচ্চিত্র প্রযোজক সঞ্জীৱ নাৰায়ণে৷

সহঃ প্রযোজনা ড০ আকছাতা নাৰায়ণৰ৷ ছবিখনৰ সংগীত পৰিচালনা কৰিব নৱপ্রজন্মৰ হার্টথ্র’ৱ জুবিন গার্গে৷ কেৱল সংগীতেই নহয়, ছবিখনত এক বিশেষ চৰিত্রত দেখা যাব জুবিন গার্গক৷ ছবিখনৰ কাহিনী, চিত্রনাট্য আৰু সংলাপ ৰচনা কৰিছে ৰাজদ্বীপে৷

You might also like